কেব আৰু বৰ্তমানৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিৰোধিতা প্ৰদেশ কংগ্ৰেছৰ

কেব আৰু বৰ্তমানৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিৰোধিতা প্ৰদেশ কংগ্ৰেছৰ

কেব আৰু বৰ্তমানৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিৰোধিতা প্ৰদেশ কংগ্ৰেছৰ ।নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ নতুন ভিত্তি বৰ্ষক মানি নলোৱাৰ সংকল্প গ্ৰহন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে । দলটোৱে চৰকাৰক আহ্বান জনায় যে চৰকাৰে ভাৰতৰ সকলো লোকৰ বাবে মানৱীয় আধাৰত সুৰক্ষা আৰু আশ্ৰয় প্ৰদান কৰিবলৈ নতুন নীতি প্ৰনয়ন কৰে যি সকলে অবিভাজিত ভাৰতৰ সকলো লোকে ধাৰ্মিক উৎপীড়নৰ পিছত প্ৰৱেশ কৰিছিল।

ৰবিবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ অধ্যক্ষতাত ৰাজীৱ ভৱনত এক বৈঠক অনুষ্ঠিত হয়। দলটোৱে কয় যে বিগত লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখন লোকসভাত গৃহীত কৰাৰ পিছত ৰাজ্যসভাতো উত্থাপনৰ চেষ্টা কৰিছিল কিন্তু কংগ্ৰেছ দলে সংসদৰ ভিতৰে বাহিৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত তেওঁলোকে থমকি ল'বলৈ বাধ্য হয় । কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আকৌ এবাৰ প্ৰতিবাদ মুখৰ হৈ পৰিছে সমগ্ৰ অসম । নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কংগ্ৰেছৰ স্থিতি এতিয়াও অটল হৈ আছে । অসম চুক্তিয়ে নিৰ্ধাৰণ কৰা ভিত্তি বৰ্ষতেই অনুষ্ঠিত হ'ব লাগিব বিদেশী বহিষ্কাৰ। অৰ্থাৎ ১৯৭১চনৰ ২৪ মাৰ্চ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ভিত্তি বৰ্ষ হিচাপে গ্ৰহন কৰা হ'ব । ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অহা কোনো বিদেশীৰ‌ বোজা অসমে গ্ৰহন নকৰে । তদুপৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নতিকৰণো অসম চুক্তিয়ে নিৰ্নয় কৰা ভিত্তি বৰ্ষ অনুসৰিয়েই হৈছে।‌ যদিহে নাগৰিকত্ব সংশোধনী বিধেয়ক খনৰ জৰিয়তে ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈ ওচৰ চুবুৰীয়াৰ ৰাষ্ট্ৰয় লোকক গ্ৰহন কৰা যায় তেন্তে বৰ্তমানৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী অৰ্থহীন হৈ পৰিব । তদুপৰি অসম চুক্তিক উপেক্ষা কৰা , অসমৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক, ভাষিক , সাংস্কৃতিক, আদি ক্ষেত্ৰলৈ ভাবুকি কঢ়িয়াই লৈ আনিব পৰা বিধেয়ক খনৰ বিৰোধিতা কৰা যাব কংগ্ৰেছ দলে ।

তদুপৰি সংসদত চলিত শীতকালীন অধিবেশনত অমিত শ্বাহে ঘোষনা কৰে যে ১৯৫১ চনক ভিত্তি বৰ্ষ হিচাপে লৈ সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুত কৰা হ'ব । অমিত শ্বাহৰ এই ভয়ংকৰ ঘোষনাক তীব্ৰ গৰিহনা দিয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে লগতে কয় যে বৰ্তমানৰ এন আৰু চি আন কোনো কাৰনতে বাতিল হ'ব নিদিয়ে । কংগ্ৰেছ দলে অসম চুক্তিৰ আধাৰতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নতিকৰণ হোৱাটো বিচাৰে আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা যাতে এজনো ভাৰতীয়ৰ নাম বাদ নপৰে সেয়া সুনিশ্চিত হোৱাটো বিচাৰে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com