অসম লোকসেৱা আয়োগত পুনৰ চাকৰি লাভৰ পৰা বঞ্চিত হ’ল বিষয়া

অসম লোকসেৱা আয়োগত পুনৰ চাকৰি লাভৰ পৰা বঞ্চিত হ’ল বিষয়া

অসম লোকসেৱা আয়োগৰ সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক বিশেষ শুনানি ৷ ন্যায়ালয়ত দিয়া শুনানিত সকাহ নাপালে ৪৩ জন ৰাজপত্ৰি বিষয়াই ৷ পুনৰ চাকৰি লাভৰ পৰা বঞ্চিত হ’ল অসম লোকসেৱা আয়োগৰ মুল অভিযুক্ত ৰাকেশ পালৰ ৪৩ জন বিষয়াই। ইফালে এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত মংগলবাৰে শুনানি গ্ৰহণ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এন কোটেশ্বৰ সিঙৰ বিচাৰপীঠে ।

চাকৰি ওভতাই বিছাৰি আদালতত দাখিল কৰা আৱেদনত পদচ্যুত বিষয়া কেইজন মত অনুসৰি, ৰাজ্য চৰকাৰে অসম লোক সেৱা আয়োগৰ বাছনিত চাকৰি লাভ কৰা বিষয়া কেইজনক চাকৰিৰ পৰা বখাৰ্স্ত কৰাৰ ক্ষেত্ৰত দেশৰ সংবিধানৰ ৩১১ নং অনুচ্চেদ উলংঘা কৰিছে ৷ অন্যহাতে ৰাজ্য চৰকাৰৰ সেৱা বিধি অনুসৰি কৰ্মৰত বিষয়া কৰ্মচাৰীৰ কাম সন্তোষজনক ন’হলে সংশ্লিষ্ট বিভাগে চাকৰিৰ পৰা বখাৰ্স্ত কৰিব পাৰে৷কিন্তু বখাৰ্স্তৰ কাৰণে সংশ্লিষ্ট বিষয়া কৰ্মচাৰীলৈ জাৰি কৰা নিৰ্দেশনা অতি কম হোৱাটো বাধ্যতামূলক ৷

ৰাজ্য চৰকাৰৰ যুক্তি প্ৰদৰ্শন কৰা উচ্চ ন্যায়ালয়ৰ জেষ্ঠ্য অধিবক্তা মণিন্দৰ সিং আৰু ৰাজ্য চৰকাৰৰ অতিৰিক্ত মহাধিবক্তা নবীন কোহলীয়ে অভিযোগকাৰীসকলৰ যুক্তি খণ্ডন কৰে ৷ ইফালে পৰৱৰ্তী গোচৰ সন্দৰ্ভত চলিত বৰ্ষৰ ত্ৰিছ জুলাই দিনটো পৰৱৰ্তী শুনানিৰ কাৰণে ধাৰ্য কৰা হৈছে ৷শুনানিৰ পিছত সংবাদ মাধ্যমৰ সৈতে হোৱা মতবিনিময়ত উচ্চ ন্যায়ালয়ৰ জেষ্ঠ্য অধিবক্তা নলিনী কোহলীয়ে কয় যে, ৪৩ জন অসম লোকসেৱা আয়োগৰ বিষয়াই তেওঁলোকৰ চাকৰি পুনৰ লাভ কৰাৰ কাৰণে আবেদন কৰিছে ৷

এই বিষয়টো সম্পূৰ্ণ জনসাধাৰণ আস্থা,বিশ্বাসৰ ওপৰত নিৰ্ভৰশীল ৷ এনে ধৰণৰ বিষয়ৰ ওপৰত সৰ্বোচ্চ ন্যায়ালয়ৰ মন্তব্য যে কোনো ধৰণৰ তদন্তৰ আৱশ্যক ন’হব। কাৰণ তেওঁলোকৰ ধন দি চাকৰি লোৱাৰ অভিযোগ আছে । অথবা তেওঁলোকে স্বীকাৰ কৰিছে ৷উল্লেখ্য যে এতিয়ালৈকে অসম লোকসেৱা আয়োগত ধন দি চাকৰি লোৱাৰ অভিযোগত ৭০ জন বিষয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷

এপিএচচি কেলেংকাৰী গোচৰটো প্ৰায় ডেৰ বছৰ ধৰি চলি আছে ।ৰাকেশ পাল অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হৈ থকা সময়ে আয়োগৰ ভিতৰচৰা এখন চাকৰিৰ বজাৰলৈ পৰ্যবসিত কৰিছিল । এপিএচচি কেলেংকাৰীৰ গোচৰত বহুতো এচিএচ আৰু এপিএচ বিষয়াক গ্ৰেপ্তাৰ কৰিছিল । ২০১৭ চনৰ পৰা ২০১৮ চনৰ ভিতৰত গ্ৰেজেটেড বিষয়াকো গ্ৰেপ্তাৰ কৰিছিল ।২০১৬ চনত ডিব্ৰুগড় আৰক্ষীয়ে উৎকুচ লোৱাৰ এক গোচৰ ৰুজু কৰিছিল । ১০ লাখ টকা উৎকুচত এপিএচচিত চাকৰি দিয়াত ইঞ্জিনিয়াৰ নবকান্ত পাটিৰৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হৈছিল । তাৰ পিছত আৰক্ষীয়ে নবকান্ত পাটিৰক হাতে লোটে আটক কৰে । নবকান্ত পাটিৰৰ স্বীকাৰ উক্তিৰ ভিত্তিত ৰাকেশ পালক ২০১৬ চনৰ ৪ নবেম্বৰত আটক কৰে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com