Begin typing your search above and press return to search.

অসমত নিৰ্বাচনৰ সত্যাপনৰ কাম আৰম্ভঃ১৫ অক্টোবৰলৈকে চলিব সত্যাপন

অসমত নিৰ্বাচনৰ সত্যাপনৰ কাম আৰম্ভঃ১৫ অক্টোবৰলৈকে চলিব সত্যাপন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 Sep 2019 5:13 AM GMT

ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশত ৰাজ্যিক নিৰ্বাচন আয়োগে ১ ছেপ্তেম্বৰৰ পৰা নিৰ্বাচনৰ সত্যাপনৰ কাম আৰম্ভ কৰিলে৷ এই সত্যাপনৰ কাম ১৫ অক্টোবৰলৈকে চলিব ৷ইফালে ১ ছেপ্তেম্বৰৰ হৈ থকা সত্যাপন বা নিৰীক্ষণ ভোটাৰ সূচী প্ৰকাশ পাব ৷চূড়ান্ত ভোটাৰ সুচীৰ অনুযায়ী অসমত ২১৯৯১১১২ জন ভোটাৰ আছে ৷

ৰাজ্যৰ নিৰ্বাচন আয়োগৰ এক বিশেষ সূত্ৰৰ মত অনুযায়ী এই অভিযানৰ সময়ত ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশত প্ৰত্যেক ভোটদান কেন্দ্ৰত বুথ স্তৰৰ কমিটী প্ৰত্যেক ঘৰলৈ যাব । আৰু ভোটদাতাৰ সন্দৰ্ভত তদন্ত কৰিব। নতুন ভোটদাতাকসকল , যিসকলে ১৮ বছৰ অতিক্ৰম কৰিলে তেওঁলোকক নামাংকিত কৰিব ।যিসকল ভোটদাতাৰ ভোটদান সমাপ্ত হ’ল কিন্তু তেওঁলোকৰ নাম এতিয়াও ভোটদাতাৰ সূচীত নাম অন্তৰ্ভুক্ত আছে। সেইসকলক নিৰীক্ষণ কৰিব।

আনহাতে যিসমুহ নথি পত্ৰ নিৰীক্ষণ বা সত্যাপন কৰোতে আৱশ্যক হ’ব সেই সমূহৰ ভিতৰত আছে পাছপৰ্ট,ড্ৰাইভিং লাইচেন্স,আধাৰ কাৰ্ড,ৰেশ্যন কাৰ্ড,চৰকাৰী বা অৰ্ধ চককাৰী এজেন্সীয়ে দিয়া কাৰ্ড,বেংকৰ পাছবুক আদি ৷ইয়াৰ বিষয়ে অধিক জানিবলৈ ব্যক্তিয়ে www.nvsp.in&votershelpline গৈ লগঅন কৰিব পাৰে।

অধিক খবৰৰ বাবে পঢ়ক:বিধানসভাৰ উপনিৰ্বাচনৰ কাৰণে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাৰ্থীৰ নাম ঘোষণা

ভিডিঅ প্ৰতক্ষ্য কৰক:Assam Special Police Officer Welfare Society demands regularization of their jobs

Next Story
চাকৰি