কা বিৰোধী প্ৰতিবাদৰ ফলত স্তব্ধ হৈ পৰিছে অসম পৰ্যটন

কা বিৰোধী প্ৰতিবাদৰ ফলত স্তব্ধ হৈ পৰিছে অসম পৰ্যটন

গুৱাহাটী: কা বিৰোধী প্ৰতিবাদৰ ফলত স্তব্ধ হৈ পৰিছে অসম পৰ্যটন ।অসম ভ্ৰমণ নকৰাৰ বাবে ১১খন দেশত বিশেষ নিৰ্দেশনা জাৰি।কা বিৰোধী প্ৰতিবাদৰ ফলত কেৱল অসমতেই নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে পৰ্য্যটনৰ ক্ষেত্ৰত প্ৰভাৱ পৰা দেখা গৈছে। কাজিৰঙা কে ধৰি বিভিন্ন পৰ্যটন ক্ষেত্ৰলৈ ৰাজ্যৰ পৰিস্থিতিৰ বাবে নহা হৈছে বিদেশী পয্যটক। ফলত প্ৰভাণ্ডিত হৈছে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰ তাৰ বাবে বহু ৰাজহ ৰাজ্য চৰকাৰে হেৰুৱাইছে।প্ৰভাৱ পৰিছে পৰ্য্যটনৰ লগত জড়িত বহু পৰিয়ালৰ ওপৰতো।এই সমস্যা অধিক গুৰুতৰ হৈছে কাৰণ শেহতীয়াকৈ ১১খন দেশে নিজ দেশৰ নাগৰিকসকলক উদ্দেশ্যি এক বিশেষ নিৰ্দেশনা দিছে। যি নিৰ্দেশনাত কোৱা হৈছে যে আইন শৃঙ্খলা পৰিস্থিতি উন্নত নোহোৱালৈকে যাতে অসম ভ্ৰমণলৈ নাহে। ৰাজ্যত নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ দাবীত ৰাজ্যত যি তীব্ৰ আন্দোলন হৈছিল আৰু যি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল সেই পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই নিৰ্দেশনা জাৰি কৰিছে দেশকেইখনে।

নিজ দেশৰ নাগৰিকৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্দেশনা জাৰি কৰা এই দেশ কেইখন হল ইংলেণ্ড,আমেৰিকা ,চৌদি আৰৱ, কানাডা,অষ্ট্ৰেলিয়া ,ফ্ৰান্স, ইজৰাইল,টাইৱান,ৰাছিয়া আৰু চিংগাপুৰ। অন্যহাতে জানিব পৰা মতে আমেৰিকা চৰকাৰে শেহতীয়াকৈ নিজ দেশৰ চৰকাৰী কৰ্মচাৰীক অসমলৈ ভ্ৰমণ বন্ধ কৰাৰ নিৰ্দেশ দিছে। ইজৰাইলী বৈদেশিক মন্ত্ৰণালয়ে নিজ দেশৰ নাগৰিকক অসম ভ্ৰমণ নকৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে লগতে অসমৰ নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ আন্দোলনৰ সময়ছোৱাত ৰাজ্যত ইণ্টাৰনেট বন্ধ,বিমানসেৱা বন্ধ লগতে আইন শৃঙ্খলা পৰিস্থিতিৰ যে অৱনমিত হৈছিল তাৰ বিষয়েও নিজ দেশত নিৰ্দেশনা জাৰি কৰিছে।

অন্যহাতে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত কেৱল অসমতেই নহয় দেশজুৰি হোৱা তীব্ৰ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত ইংলেণ্ডৰ চৰকাৰে নিজ দেশৰ নাগৰিকক বিশেষ নিৰ্দেশনা জাৰি কৰি কৈছে যে আন্দোলন আৰু প্ৰতিবাদী জনতাৰ ভিৰৰ পৰা যাতে দূৰত থাকে।লগতে তেওঁলোকে প্ৰতিবাদী সমদল বা ৰাজনৈতিক সমদলত পদপিষ্ট হোৱা বা যি কোনো দুৰ্ঘটনা হোৱাৰ আকাংক্ষা ব্যক্ত কৰে। ফ্ৰান্স চৰকাৰেও নিজ দেশৰ নাগৰিকক উদ্দেশ্যি সাৱধান কৰিছে যাতে অসম ভ্ৰমণ যাতে নকৰে। চৌদি আৰবেও নিজ দেশৰ নাগৰিকক উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনলৈ যি কোনো ভ্ৰমণ সূচী পৰিত্যাগ কৰিবলৈ নিৰ্দেশনা দিছে।

অন্য খবৰৰ বাবে পঢ়ক : We set up detention camp following Gauhati High Court order: Tarun Gogoi

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com