Begin typing your search above and press return to search.

গুৱাহাটীৰ প্ৰেছ ক্লাবত অভিনেত্ৰী প্ৰাঞ্জনা দত্তৰ সংবাদমেল

গুৱাহাটীৰ প্ৰেছ ক্লাবত অভিনেত্ৰী প্ৰাঞ্জনা দত্তৰ সংবাদমেল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Jun 2019 1:29 PM GMT

ভ্ৰাম্যমানৰ অভিনেত্ৰী প্ৰাঞ্জনা দত্তই গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল অনুষ্ঠিত কৰে৷ অভিনেত্ৰী প্ৰাঞ্জনা দত্ত ২০১৯-২০ নাট্যবর্ষৰ বাবে আগশাৰীৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্যগোষ্টী বৰদৈচিলা থিয়েটাৰত আনুষ্ঠানিক ভাৱে চুক্তিবদ্ধ হয় ৷ কিন্ত সম্প্ৰতি জনপ্ৰিয় অভিনেত্ৰী প্ৰাঞ্জনা দত্তৰ অনানুষ্ঠানিক ভাৱে চুক্তি বাতিল কৰিছে বৰদৈচিলা থিয়েটাৰৰ প্ৰয়োজক নজৰুল ইছলামে। এই সন্দৰ্ভত অভিনেত্ৰী প্ৰাঞ্জনা দত্তই আজি গুৱাহাটীৰ প্ৰেছ ক্লাৱত এক সংবাদ মেলত কান্দোনত ভাগি পৰে।

অভিনেত্ৰী গৰাকীয়ে কয় যে আজি মই সংবাদ মেল সম্বোধন কৰিব লগা হোৱাটো মোৰ বাবে দুভাগ্যজনক কথা ৷মোৰ সংবাদ মেল ভ্ৰাম্যমাণ থিয়েটাৰৰ বিৰুদ্ধে নহয়, ভ্ৰাম্যমাণ থিয়েটাৰৰ সপক্ষে মোৰ এই সংবাদ মেল। প্ৰাঞ্জনা দত্তই সমগ্ৰ বিষয়টো বৰ্ণনা দি কয় যে বিগত সাত বছৰৰ বিৰতিৰ পাছত বিগত বর্ষৰ পৰা ভ্ৰাম্যমাণ থিয়েটাৰত পুনৰ আত্মপ্ৰকাশ কৰিছিলোঁ। সেই অনুসৰি বিগত বর্ষৰ হেঙুল থিয়েটাৰত থকাৰ পাছত ২০১৯-২০ নাট্যবর্ষৰ বাবে চুক্তিবদ্ধ হৈছিলোঁ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল বৰদৈচিলা থিয়েটাৰত।

সেই অনুসৰি কিছুদিনৰ পূৰ্বে থিয়েটাৰখনৰ এইবর্ষৰ দুখন নাটকৰ ফটো,ভিডিঅ ইতিমধ্যে দৃশ্যগ্ৰহণ কৰা হৈছিল । মই ফটো আৰু ভিডিঅ দৃশ্য গ্ৰহন কৰোঁতে বুজি পাইছিলোঁ নাটক খনৰ চৰিত্ৰতো কেনেকুৱা হ'ব। কিন্তু অন্য এখন নাটকৰ দৃশ্য গ্ৰহণ কৰোঁতে মই সেই নাটক খনৰ বাবে ফটো আৰু ভিডিঅ দৃশ্যগ্ৰহন কৰোতে বুজি পোৱা নাছিলোঁ নাটকখনৰ চৰিত্ৰতো কি হ'ব। কিন্তু ভিডিঅ’ দৃশ্যগ্ৰহণ আৰু ফটো উঠাওতে এটা কথা অনুমান কৰিছিলোঁ নাটকখনৰ চৰিত্ৰতো পূৰ্বৰ বছৰৰ হেঙুল থিয়েটাৰত কৰি অহা এখন নাটকৰ সৈতে কিছু সাদৃশ্য থকাৰ কথা । তাৰ পাছতে নাটকখনৰ চৰিত্ৰতো বুজি উঠা বাবে পৰিচালকক নাটকখনৰ স্ক্ৰিপ্ট বিচৰা হ'ল।কিন্তু পৰিচালকে নাট্যকাৰ নোসোধাকৈ স্ক্ৰিপ্ট দিব নোৱাৰো বুলি প্ৰাঞ্জনা দত্তক জনালে।

লগতে পৰিচালকে কয় পূৰ্বতে ভ্ৰাম্যমাণত স্ক্ৰিপ্ট কোনো অভিনেতা অভিনেত্ৰীয়ে বিচৰা নাই । কিন্তু অভিনেত্ৰী প্ৰাঞ্জনা দত্তই প্ৰকাশ কৰা অনুসৰি পূৰ্বতে ভ্ৰাম্যমাণ থিয়েটাৰত ভৱেশ বৰুৱা আৰু হেমন্ত দত্তই স্ক্ৰিপ্ট পঢ়ি চাবলৈ দিছিল। লগতে প্ৰাঞ্জনা দত্তই মন্তব্য কৰে যে যিকোনো নাটকৰ এটা চৰিত্ৰ সততা আৰ দৃঢ়তাৰে কৰিব লাগিব। দর্শকসকলে মোৰ অভিনয় চাবৰ বাবে আহিব। মই মোৰ চৰিত্ৰতো ফুটাই তুলিব লাগিব"।সেই বাবে মই অভিনয় কৰিব লগীয়া চৰিত্ৰটো বুজি নোপোৱাৰ কাৰণে স্ক্ৰিপ্টখন বিচাৰিছিলোঁ।কিন্তু ইয়াৰ পিছত দুটা দিন দৃশ্যগ্ৰহন বন্ধ আছিল।

পুনৰ যোৱা ১২জুনত নাট্যগোষ্ঠীৰ পৰা তেওঁক যোগাযোগ কৰি লৈ ভেল্লালৈ মাতি পঠালে। তাত যোৱা পাছত অভিনেত্ৰী গৰাকীক স্ক্ৰিপ্টখন পঢ়ি চাবলৈ দিলে। চৰিত্ৰতো পঢ়ি প্ৰাঞ্জনা দত্তই জানিবলৈ দিলে পূৰ্বৰ বর্ষত তেওঁ হেঙুল থিয়েটাৰত কৰি অহা এখন নাটকৰ সৈতে, বৰদৈচিলা থিয়েটাৰত এইবর্ষত তেওঁ কৰিব লগা নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্য মহীয়সী নাটকখন ৯০ শতাংশ সাদৃশ্য আছে।

ইয়াৰ পাছত প্ৰদীপ দাস নামৰ এগৰাকী নাট্যগোষ্টীৰ লগত জড়িত থকা ব্যক্তিক সাদৃশ্য সমূহ দেখুৱাত তেওঁ অভিনেত্ৰী গৰাকীৰ সৈতে একমত হয় ৷তাৰ পৰৱৰ্তী সময়ত প্ৰদীপ দাসে মিল থকা সংলাপ সমূহ নাট্যকাৰক দেখুৱাবৰ বাবে লৈ গ'ল যদিও তাৰ দুদিনৰ পাছত বৰদৈচিলা থিয়েটাৰৰ প্ৰযোজক নজৰুল ইছলামে অভিনেত্ৰী প্ৰাঞ্জনা দত্তক ফোন যোগে জনালে কোনো কাৰণতে সলনি নহয় নাটক।

গতিকে এতিয়া তুমি কি সিদ্ধান্ত লোৱা জনাব লাগে। ফোনটো পোৱা পাছত অভিনেত্ৰী গৰাকীয়ে প্ৰয়োজক নজৰুল ইছলামক দুদিন সময় বিচাৰিলে।কিন্তু কিছু অসুবিধাৰ বাবে যাব নোৱাৰাত তিনিদিনৰ পাছত নাট্যগোষ্টীতো পৰা দুজন প্ৰতিনিধি অভিনেত্ৰী গৰাকী ঘৰলৈ পঠিয়াই প্ৰয়োজকে। তাৰ পাছতে প্ৰতিনিধি দুজনে অৱগত কৰে বৰদৈচিলাৰ নাট্যগোষ্টীৰ সৈতে থকা তেওঁ চুক্তি বাতিল হৈছে।সেই খবৰ পোৱা লগে লগে অভিনেত্ৰী প্ৰাঞ্জনা দত্তই প্ৰযোজক ইছলামলৈ ফোন কৰাত তেওঁ কয় "তুমি যথেষ্ট সময় ল'লা ৷

দৃশ্য গ্ৰহনত আমাৰ কাম কৰাৰ বাবে আমাৰ পলম হৈছে।তাৰ বাবে তোমাৰ লগত চুক্তি বাতিল কৰা হৈছে ।সেই কথা প্রয়োজক গৰাকীৰ পৰা পোৱাৰ পাছত অভিনেত্ৰী গৰাকীয়ে কয় আনুষ্ঠানিক ভাৱে কৰা চুক্তি এখন এনেদৰে ভংগ হ'ব পাৰে নেকি বুলি প্ৰশ্ন কৰে ? লগতে অভিনেত্ৰীগৰাকীয়ে কয় যে বৰদৈচিলা থিয়েটাৰত চুক্তিবদ্ধ হোৱাৰ পিছত বহুতো কাম কৰিবলৈ সুবিধা পাইয়ো বাদ দিছিলোঁ বুলি মন্তব্য কৰে প্ৰাঞ্জনা দত্তই ৷ শেষত ভ্ৰাম্যমানৰ দীৰ্ঘায়ু কামনা কৰিলো বুলি কয় জনপ্ৰিয় অভিনেত্ৰী গৰাকীয়ে ৷ গতিকে সম্প্ৰতি প্ৰশ্ন হয় কোন দিশে গতি কৰিছে অসমৰ ভ্ৰাম্যমান ৷

অন্য খবৰৰ বাবে পঢ়ক: মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিলে ৫ খন নতুন ভ্ৰাম্যমাণ স্বেচ্ছামূলক ৰক্ত সংগ্ৰহকাৰী বাহনৰ

Next Story
চাকৰি