Begin typing your search above and press return to search.

ইটানগৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসমীয়া সমাজে অব্যাহত ৰাখিছে প্ৰতিবাদ

ইটানগৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসমীয়া সমাজে অব্যাহত ৰাখিছে প্ৰতিবাদ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 Dec 2019 1:01 PM GMT

ইটানগৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসমীয়া সমাজে অব্যাহত ৰাখিছে প্ৰতিবাদ।দেওঁবাৰে অৰুনাচল প্ৰদেশৰ ৰাজধানী চহৰৰ আই.জি পাৰ্ক চৌহদত নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে অসমীয়া সমাজে শান্তিপূৰ্ণ প্ৰতিবাদ কৰে । শতাধিক প্ৰতিবাদকাৰীয়ে বেনাৰ হাতত লৈ শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদ স্থলীত উপস্থিত এগৰাকী প্ৰতিবাদকাৰীয়ে কয় যে 'অসমে কিয় অধিকসংখ্যক বাংলাদেশীক আশ্ৰয় দিব, কোনোধৰনৰ অবৈধ বাংলাদেশীৰ বোজা অসমে বহন নকৰে আৰু অসমীয়াই নাগৰিকত্ব সংশোধনী আইন কেতিয়াও গ্ৰহন নকৰে । আমি সদায় এই আইনখনৰ বিৰোধিতা কৰি আহিছো আৰু কৰি যাম । এই আইনখনে দেশৰ জনসাধাৰনৰ বাবে বহু সমস্যাৰ সূষ্টি কৰিব ।

একাংশ প্ৰতিবাদকাৰীযে নিজ মতামত আগবঢ়াই কয় যে এই প্ৰতিবাদ কোনো ৰাজনৈতিক দ'ল, ৰাজ্য চৰকাৰৰ বিৰুদ্ধে নহয় ,এই প্ৰতিবাদ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধেহে । অন্য এজন প্ৰতিবাদী সদস্য ইছাক দেববাৰ্মা কয় এিপুৰা হৈছে একমাএ ৰাজ্য যিখন ৰাজ্যত এিপুৰি সকলেই সংখ্যালঘুত পৰিনত হৈছে । মুঠ জনসংখ্যাৰ ৫০ লাখৰ ভিতৰত মাএ ১২ লাখ খিলঞ্জীয়া লোক বসবাস কৰে । আমি এিপুৰাৰ দৰে হব নিবিচাৰোঁ , অসমীয়া হৈ অসমত বিদেশী হ'ব নিবিচাৰো । ৰাজ্য চৰকাৰে আৰক্ষীৰ সহায়েৰে ৰাইজৰ ওপৰত অত্যাচাৰ কৰিছে। আজি এিপুৰীসকলক স্বাধীনতাৰ প্ৰয়োজন হৈছে।অন্য এজন যুব প্ৰতিবাদীয়ে কয় স্বদেশীয় লোকে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অবিৰতভাবে আন্দোলন কৰি যাব। উওৰ পূবৰ লোকক সংবিধানে যিধৰনৰ সুৰক্ষা দিছে বা প্ৰদান কৰিছে তাক সন্মান জনাই কা ৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিব বুলি কয় ।লগতে নেছোৰ আহ্বায়ক প্ৰীতম ৱাই সনাম , ছাত্ৰ নেতা লাফী পাল্লা ,নাহৰলগুন কৃষ্টি কেন্দ্ৰৰ সভাপতি যুব নেতা ইচাক দেব বৰ্মন আৰু অন্যান্য বহু ব্যক্তিয়ে প্ৰতিবাদত অংশগ্ৰহন কৰে ।

অন্য খবৰৰ বাবে পঢ়ক : চৰকাৰৰ প্ৰলোভনৰ ৰাজনীতি : নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ডুমডুমাত প্ৰতিবাদ

ভিডিঅ প্ৰতক্ষ্য কৰক: AASU ‘Gana Satyagraha Programme’ against CAA 2019 in Golaghat

Next Story
চাকৰি