Begin typing your search above and press return to search.

দিল্লীৰ সমিপত যমুনা এক্সপ্ৰেছৱেত ভয়াবহ পথ দুৰ্ঘটনা: ২৯ জন নিহত

দিল্লীৰ সমিপত যমুনা এক্সপ্ৰেছৱেত ভয়াবহ পথ দুৰ্ঘটনা: ২৯ জন নিহত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 July 2019 11:07 AM GMT

দিল্লীৰ সমিপত যমুনা এক্সপ্ৰেছৱেত ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে । ছয়লেন যমুনা এক্সপ্ৰেছৱেত যাত্ৰীবাহী বাছ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত ২৯ জনকৈ যাত্ৰী নিহত হয়। বাছ খন ৫০ ফিট তলৰ এটা নলাত পৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয় । ২৯ জন নিহত হোৱাৰ লগতে ১৭ জন আহত হৈছে ।

আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে । আৰক্ষীয়ে প্ৰকাশ কৰা মতে, বাছ খনৰ চলকে কেই ছেকেণ্ডৰ কাৰনে চকু বন্ধ কৰাৰ পৰিনতিতে এই ভয়াবহ পথ দুৰ্ঘটনাটো সংঘটিত হয়। ৪৬ গৰাকী যাত্ৰী কঢ়িয়াই নিয়া বাছ খন চৰকাৰী বাছ আছিল । বাছ খন লক্ষ্ণৌ পৰা দিল্লীলৈ ছয়লেন যমুনা এক্সপ্ৰেছৰে যাত্ৰা কৰিছিল । সোমবাৰে পুৱা আগ্ৰাৰ ওচৰত বাছ খন দুৰ্ঘটনাগ্ৰস্ত হয়।

দুৰ্ঘটনাত আহত সকলক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ এই ঘটনাত শোক প্ৰকাশ কৰি আহত সকলক সকলো সুবিধা প্ৰদান কৰিবলৈ কয়। লগতে নিহত লোকসকলৰ পৰিয়ালকো সাহাৰ্য্য প্ৰদান কৰা হব বুলি প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰযোগে এই বাছ দুৰ্ঘটনাৰ বাবে শোক প্ৰকাশ কৰে। তেওঁ কয় যে, " উত্তৰ প্ৰদেশৰ আগ্ৰাৰ পথ দুৰ্ঘটনাত দুখ পাইছো । নিহত সকলৰ পৰিয়ালৈ সমবেদনা জ্ঞাপন কৰে । আহত সকল যাতে সোনকালে সুস্থ হবলৈ প্ৰাৰ্থনা কৰিম । ক্ষতিগ্ৰস্থ সকলক ৰাজ্যিক চৰকাৰ আৰু স্থানীয় প্ৰশাসনে সকলো সুবিধা প্ৰদান কৰিব । "পথ দুৰ্ঘটনাত নিহত সকলৰ পৰিয়াললৈ উত্তৰ প্ৰদেশ পথ প্ৰাধিকৰণে ৫ লাখ সাহাৰ্য্য ঘোষণা কৰে ।

অন্য খবৰৰ বাবে পঢ়ক:৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে বহু পথ দুৰ্ঘটনা সংঘটিত হয়

Next Story
চাকৰি