Begin typing your search above and press return to search.

জনজাতিকৰণৰ দাবীত আটাছুৰ ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট নামৰূপত

জনজাতিকৰণৰ দাবীত আটাছুৰ ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট নামৰূপত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 July 2019 1:30 PM GMT

জনজাতিকৰণৰ দাবীত নামৰূপত সোণাৰী তিনিআলিত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ নামৰূপ আঞ্চলিকৰ উদ্যোগত আৰু বিভিন্ন দল সংগঠনৰ সহযোগত আজি ৰূপায়ণ কৰা হয় ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী।

আটাছুৰ লগতে বিভিন্ন দল সংগঠনে কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰে হেমাহিৰ কৰাৰ লগতে টাই আহোম লগতে অন্য ৫ টা জনগোষ্ঠীক জনসাধাৰণৰ মৰ্য্যদা প্ৰদান কৰা বিষয়টো বাদ পৰি যোৱা বুলি অভিযোগ উত্থাপন কৰি দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ যোগেদি সংগঠনটোৱে কেন্দ্ৰীয় চৰকাৰলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

atasu 11

সদৌ টাই আহোম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলাৰ সম্পাদক মুনিন গগৈয়ে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে বুলি প্ৰকাশ কৰে । ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক মুনিন গগৈ, জয়পুৰৰ উপদেষ্টা জিতেন গগৈ, সম্পাদক চুমন গগৈ, নামৰূপৰ উপদেষ্টা জগত গগৈ, নামৰূপ আঞ্চলিকৰ সম্পাদক মৃণাল সন্দিকৈকে ধৰি বহুতো বিষয় ববীয়া উপস্থিত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

অন্য খবৰৰ বাবে পঢ়ক : ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে প্ৰতিবাদ আদিবাসী সন্থাৰ

Next Story
চাকৰি