Begin typing your search above and press return to search.

গুটখা নিষিদ্ধ কৰাৰ দাবী জনায় গোলাঘাট সদৌ টাই আহোম ছাত্ৰ সন্থাই স্মাৰক পত্ৰ প্ৰেৰণ

গুটখা নিষিদ্ধ কৰাৰ দাবী জনায় গোলাঘাট সদৌ টাই আহোম ছাত্ৰ সন্থাই স্মাৰক পত্ৰ প্ৰেৰণ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 Nov 2019 7:54 AM GMT

গুটখা নিষিদ্ধ কৰাৰ দাবী জনায় গোলাঘাট সদৌ টাই আহোম ছাত্ৰ সন্থাই স্মাৰক পত্ৰ প্ৰেৰণ ।বুধবাৰে গোলাঘাট জিলা শাখাৰ সদৌ টাই আহোম ছাত্ৰ সন্থাই গোলাঘাট জিলা উপায়ুক্তলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।‌ এই স্মাৰক পত্ৰৰ জৰিয়তে সংগঠনটোৱে অতি শীঘ্ৰেই গোলাঘাট জিলাত গুটখা নিষিদ্ধ কৰাৰ দাবী জনায়।

এক সংবাদ মেলত প্ৰচাৰ সম্পাদক অংকুৰ ৰাজে কয় যে গোলাঘাট জিলা শাখাৰ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি কৃষ্ণ বৰুৱা , কাৰ্যকৰী সভাপতি পংকজ গগৈ ,যুটীয়া সম্পাদক দিপজ্যোতি তামুলী আৰু গৌতম লোহনে গোলাঘাট জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ আহি জিলা খনত ধপাঁত আৰু আন গুটখা সমূহ বন্ধ কৰাৰ বাবে আহ্বান জনায় । তেওঁলোকে কয় যে বোকাখাট মহকুমা প্ৰশাসনে ইতিমধ্যে গুটখা বা ধপাঁত নিষিদ্ধ কৰাৰ বাবে গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছে । সদৌ টাই আহোম ছাত্ৰ সন্থাই জিলা খন ধপাঁত মুক্ত কৰাৰ অৰ্থে উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে গোলাঘাট জিলা প্ৰশাসনক আহ্বান জনায় ।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে নাৰী আৰু শিশু বিকাশৰ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে COPTA ৰ অন্তৰ্গত নীতি সমূহ পালন কৰাৰ বাবে এক পত্ৰ প্ৰেৰণ কৰিছিল।COPTA বহু দিন পূৰ্বেই সম্পাদনা কৰা হৈছিল । কিন্তু অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বহু ৰাজ্যত এই আইনখন কাৰ্যকৰী হৈ উঠা নাই । তাৰপিছতেই নাৰী আৰু শিশু বিকাশৰ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি জুবিন ইৰানিয়ে COPTA ৰ অধীনত থকা নীতি নিয়ম সমূহ পালন কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৈ এখন আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰছিল ।

তদুপৰি অনুচ্ছেদ ৪ ত থকা চিগাৰেট আৰু আন ধূমপান সামগ্ৰী ( বিজ্ঞাপন নিষিদ্ধ , বেপাৰ তথা বানিজ্যত নিষিদ্ধ আৰু জমা আৰু বিতৰনত নিষিদ্ধ ) ২০০৩ COPTA আইনৰ অধীনত কোনো লোকে ৰাজহুৱা স্থানত ধূমপান কৰিব নোৱাৰিব ।

কিন্তু লক্ষণীয় বিষয় এয়ে যে কেন্দ্ৰৰ পৰা পত্ৰ লাভ কৰাৰ ফলতো ৰাজ্যত এতিয়াও সম্পূৰ্ণ ৰূপে কাৰ্যকৰী হোৱা নাই COPTA আইন । ধপাঁত মুক্ত হোৱা নাই ৰাজ্যৰ বিভিন্ন অঞ্চল সমূহ ।

অন্য খবৰৰ বাবে পঢ়ক: ১২ নৱেম্বৰ তাৰিখৰ পৰা বজালীত ১০২ বছৰীয়া ৰাস মহোৎসৱ উদযাপন

ভিডিঅ প্ৰতক্ষ্য কৰক: India’s First PM Jawaharlal Nehru’s 130th Birth Anniversary observed

Next Story
চাকৰি