হাতী-মানুহৰ সংঘাতকলৈ সজাগতা সভাৰ আয়োজন

হাতী-মানুহৰ সংঘাতকলৈ সজাগতা সভাৰ আয়োজন

হাতী-মানুহৰ সংঘাতকলৈ সজাগতা সভাৰ আয়োজন । বাক্সা জিলাৰ অন্তৰ্গত তামুলপুৰ মহকুমাৰ ইন্দো ভূটান অঞ্চলত দিনক দিনে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত । হাতী মানুহৰ এই সংঘাতৰ ওপৰত গুৰুত্ব প্ৰদান কৰি বাক্সা জিলাৰ বন বিভাগে আৰনায়ক নামৰ এন জি অ'টোৰ সৈতে এক সজাগতা সভা অনুষ্ঠিত কৰে । এই সভা খনত বনৰীয়া হাতী আৰু মানুহক উচিত বাতাবৰণ প্ৰদান কৰাৰ লগতে বনৰীয়া হাতীৰ বাবে উপযুক্ত ব্যৱস্থা গঢ়ি তোলাৰ বাবে আলোচনা কৰা হয় ।

ৰবিবাৰে বাক্সা জিলাৰ উপৰখুটি হাইস্কুলত বন বিভাগৰ দ্বাৰা আয়োজিত আৰু গৰেশ্বৰৰ ইকো ক্লাব চোছাইটি ,গ্ৰীন ট্ৰেক এন্ড এভেনচাৰৰ সক্ৰিয় সহযোগত এই সভা খনত হাতী মানুহৰ সংঘাতৰ সমস্যা সমূ্হৰ বিষয়ে আলোচনা কৰা হয়।

এই সভাখনৰ সভাপতিত্ব কৰে উপৰখুঁটি হাইস্কুলৰ প্ৰধান শিক্ষক টিক বাহাদুৰ চেট্ৰীয়ে । লগতে সভাৰ আৰম্ভনি ভাষণ আৰু সভা খনৰ উদ্দেশ্য বাখ্যা কৰে ডি এফ অ' ভৱেশ দাসে । লগতে কয় যে এই সভাখন সকলো লোককে বনৰীয়া জীৱ-জন্তুৰ সংৰক্ষণৰ ওপৰত শিক্ষা প্ৰদান আৰু হাতী মানুহৰ সংঘাত কমোৱাৰ উদ্দেশ্যে কৰি আয়োজন কৰা হৈছে ।

বাক্সা জিলাৰ জিলা উপায়ুক্ত ভাস্কৰ পেগুই সভাত অংশগ্ৰহনকাৰী সকলক উদ্দেশ্য কৰি কয় যে জনসংখ্যা বৃদ্ধি আৰু পুৰ্নবাসৰ ফলত হাতী মানুহৰ মাজত সংঘাত বৃদ্ধি পাইছে । তাৰোপৰি হাতীৰ বাবে উপযুক্ত পানী,খাদ্য‌ আৰু আশ্ৰয়ৰ বাবে এক উপযুক্ত শাখা গঢ়িব লাগে বুলি কোৱাৰ লগতে প্ৰভাৱিত অঞ্চলসমূহত কল গছ ৰোপন , বাহ গছ ৰোপন আদিয়ে বনৰীয়া হাতীৰ সংৰক্ষনৰ এক উপায় হ'ব পাৰে বুলি কয় উপায়ুক্ত গৰাকীয়ে ।

তাৰোপৰি তেওঁ কয় যে এই বিশেষ সভাখন‌ সাংবাদিক , স্থানীয় লোক আৰু হিতাধীকাৰীৰ দ্বাৰা অনুস্থিত হোৱাৰ লগতে আশা কৰে যে এই প্ৰকল্পটো অতি সোনকালেই সফল হৈ উঠিব । লগতে ভাষণৰ মাজত তেওঁ পৰ্যটন স্থলী বগামাটিৰ কথা উল্লেখ কৰে আৰু পৰ্যটনৰ সময়ত সকলোকে ঠাই খন প্লাষ্টিক মুক্ত কৰি ৰখাৰ বাবে আহ্বান জনায় ।

অংশগ্ৰহণকাৰী সকলৰ লগত নিজৰ অনুভৱ ব্যক্ত কৰি বন্যপ্ৰাণী সংৰক্ষনৰ অনুসন্ধান কাৰী তথা আৰন্যক নামৰ বে চৰকাৰী সংগঠনৰ প্ৰতিনিধি অভিজিত বৰুৱাই কয় যে প্ৰকৃতি বিনষ্ট, বিভিন্ন অবৈধ চিকাৰী , হাতীৰ দাঁতৰ বেপাৰ আদিৰ ফলত হাতী মানুহৰ মাজত সংঘাত হোৱা বুলি কয় । লগতে হাতী আৰু মানুহৰ মাজত পৰস্পৰ বিৰোধী কাৰক সমূহ কম কৰা , হাতী সংৰক্ষণ কৰিবলৈ স্থানীয় বন্যজীৱী প্ৰতিনিধি সকলৰ ক্ষমতা আৰু অধিক কৰিবলৈ আহ্বান কৰিবলৈ জনায়।

ভিডিঅ প্ৰতক্ষ্য কৰক : Assam Martial Arts shines at World Martial Arts Games 2019 in London

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com