Begin typing your search above and press return to search.

অসম সাহিত্য সভাৰ সাংস্কৃতিক শোভাযাত্ৰা: উখল মাখল শুৱালকুছি

অসম সাহিত্য সভাৰ সাংস্কৃতিক শোভাযাত্ৰা: উখল মাখল শুৱালকুছি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Feb 2020 6:16 AM GMT

অসম সাহিত্য সভাৰ সাংস্কৃতিক শোভাযাত্ৰা: উখল মাখল শুৱালকুছি । অনুষ্ঠিত হৈছে অসম সাহিত্য সভাৰ ৭৫ তম অধিবেশন‌ । নৱনিৰ্বাচিত সভাপতি কুলধৰ শইকীয়াক আদৰিবলে উপস্থিত হয় শুৱালকুছিবাসী । এই সভাৰ তৃতীয় দিনা অৰ্থাৎ ৰবিবাৰে অনুষ্ঠিত কৰা হয় বৰ্ণিল‌ সাংস্কৃতিক শোভাযাত্ৰা।‌ অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই কয় যে দেশৰ অন্য সাহিত্যিক সংস্থাৰ সহায়ৰ দ্বাৰা বিশ্বৰ দৰবাৰৰ সাহিত্য আৰু সাংস্কৃতিত অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ প্ৰতিষ্ঠা কৰিবলৈ সাহিত্য সভাই কঠোৰ পৰিশ্ৰম কৰিব লাগিব।

তেওঁ কয় যে, আমি সকলো ভাষা, সাহিত্য আৰু বিভিন্ন সমূদায়ৰ সংস্কৃতি সমূহ গ্ৰহন কৰিব লাগে।‌ শইকীয়াই ৰবিবাৰে এই সভাত তেওঁ অসম সাহিত্য সভাৰ পূৰ্বৰ সভাপতি পৰমানন্দ ৰাজবংশীৰ পৰা সভাপতি পদৰ দায়িত্ব গ্ৰহন কৰাৰ আগৰ অনুভৱ ব্যক্ত কৰে ।

ৰবিবাৰে অসম সাহিত্য সভাৰ এক কাৰ্যসূচী বিভিন্ন ক্ষেত্ৰৰ প্ৰায় ৫০ গৰাকীতকৈ অধিক ব্যক্তিক বিভিন্ন পুৰস্কাৰেৰে সন্মানিত কৰে। অসম সাহিত্য সভাৰ পৰৱৰ্তী অধিৱেশন ২০২০-২০২১ অনুষ্ঠিত হ'ব মাজুলীত ।

অধিৱেশনৰ অংশ হিচাপে উত্তৰ গুৱাহাটীৰ আমিনগাঁওৰ পৰা এক সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচী ৰূপায়ন কৰা হয়। বিভিন্ন সমূদায়ৰ প্ৰায় ৪০,০০০ লোকে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। অসম সাহিত্য সভাৰ এই শোভাযাত্ৰাত বিহু, জিকিৰ , জাৰী, মহিলা নাম, ৰাভা সকলৰ সংস্কৃতি, বড়ো আৰু আন বহু সংস্কৃতিৰ সমাহাৰ দেখিবলৈ পোৱা যায়।‌ এই শোভাযাত্ৰাত অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াক দেখা যায় সম্পূৰ্ণ অসমীয়া সাজ পোচাকত । শুৱালকুছিৰ ঐতিহ্য পাট মুগাৰ প্ৰস্তুতিৰ চানেকিৰে পছোৱা হয় সভাপতিৰ মূল বাহন । অসম সাহিত্য সভাৰ ৭৫ বৰ্ষ উপলক্ষে হাতে হাতে একোটাকৈ মুঠ ৭৫ টা কলহ আৰু জাপি লৈ নতুন সভাপতিক আদৰণি জনায় শুৱালকুছি বাসীয়ে । তাৰোপৰি এই শোভাযাত্ৰাত নামনি অসমৰ মহোহো , মুখা শিল্প, হোলী গীত, আদিও দেখা যায়। তদুপৰি এই শোভাযাত্ৰাত কাৰ্যসূচীত শুৱালকুছিৰ নাওখেল, হাজোৰ পোৱামক্কা, আদিয়ে সাংস্কৃতিক শোভাযাত্ৰাৰ সৌন্দৰ্য্য বৃদ্ধি কৰে । বিভিন্ন বৰ্ণিত কাৰ্যসূচীৰে ৰূপায়ন কৰা হয় এই সাংস্কৃতিক শোভাযাত্ৰা। এই শোভাযাত্ৰাত আৰম্ভ হয় দিনৰ প্ৰায় ১.৩০ বজাত ।

ইয়াৰ পূৰ্বে ১৭৮ জন‌ গণ্য মান্য ব্যক্তিৰ দ্বাৰা ১৭৮ খন পতাকা উত্তোলন কৰা হয় আৰু সভাৰ মূল পতাকা উত্তোলন কৰে অসম সাহিত্য সভাৰ পূৰ্বৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে। তেওঁ লোকে ৰাজ্য তথা দেশৰ স্বহীদ সকললৈ পুষ্পাঞ্জলি প্ৰদান কৰে ।

অন্য খবৰৰ বাবে পঢ়ক : এয়া জনসাধাৰণ আৰু কৃষক সকলৰ বাবে অনুকূল : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ভিডিঅ প্ৰতক্ষ্য কৰক : Woman’s body recovered from Forest Range in Digboi

Next Story
চাকৰি