Begin typing your search above and press return to search.

অসম সাহিত্য সভাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এক বিশেষ আহ্বান

অসম সাহিত্য সভাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এক বিশেষ আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 July 2019 6:35 AM GMT

অসম সাহিত্য সভাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এক বিশেষ আহ্বান ৷ নিযুক্তিৰ কাৰণে কেৱল ইংৰাজী ভাষাতেই দক্ষতা থাকিলেই ন’হব ৷ থাকিব লাগিব মাতৃভাষাটো দক্ষতা ৷সেয়েহে নিযুক্তিৰ ক্ষেত্ৰত এক নতুন নীতি তৈয়াৰ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আহ্বান কৰে অসম সাহিত্য সভাই ৷

শনিবাৰে দ্য চেন্টিনেলৰ লগত হোৱা এক সাক্ষাৎকাৰত অসম সাহিত্য সভাৰ অধ্যক্ষ পৰমানন্দ ৰাজবংশীয়ে কয় যে ১৯৪৭ চনতে ভাৰতে স্বাধীনতা লাভ কৰিলে যদিও ইংৰাজী ভাষাৰ আৰু সংস্কৃতিৰ পৰা মুক্ত হ’ব পৰা নাই ৷কিছুসংখ্যক লোকৰ তিনি চাৰিটা ভাষাত দক্ষতা থকাৰ বিপৰীতে কিছুসংখ্যক লোকে নিজৰ মাতৃ ভাষাটোক হেয় প্ৰতিপন্ন কৰে ৷

পৰমানন্দ ৰাজবংশীয়ে কয় যে মই ইংৰাজী ভাষাৰ বিৰোধী নহয় ৷ কিন্তু মাতৃভাষাটো হেয় প্ৰতিপন্ন কৰিব নালাগিব ৷ গতিকে আমি এই সমগ্ৰ বিষয়টোৰ কাৰণে ৰাষ্ট্ৰপতি,উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ই মেইল দিম ৷ লগতে চলিত মাহত প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰাৰ কথাও ঘোষণা কৰে অসম সাহিত্য সভাৰ অধ্যক্ষ পৰমানন্দ ৰাজবংশীয়ে ৷

অধিক খবৰৰ বাবে পঢ়ক: সচিবালয়ৰ পৰায়ে আৰম্ভ হওঁক অসমীয়া ভাষা প্ৰয়োগৰ পক্ৰিয়া: অসম সাহিত্য সভা

Next Story
চাকৰি