Begin typing your search above and press return to search.

ৰামেশ্বৰ তেলীয়ে অসমৰ সমস্যা কেন্দ্ৰত উত্থাপন কৰিব বুলি আশাবাদী অসম সাহিত্য সভা

ৰামেশ্বৰ তেলীয়ে অসমৰ সমস্যা কেন্দ্ৰত উত্থাপন কৰিব বুলি আশাবাদী অসম সাহিত্য সভা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Jun 2019 7:03 AM GMT

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাত স্থান লাভ কৰা ৰামেশ্বৰ তেলীক অসম সাহিত্য সভায়ে সম্বৰ্ধনা জনাই । সংবাদ মাধ্যমৰ আগত অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে প্ৰকাশ কৰে যে ৰামেশ্বৰ তেলীয়ে কেন্দ্ৰৰ দায়িত্বৰ লগতে অসমৰ লোকৰ বাবেও কাম কৰিব বুলি আশাবাদী ।

বৃহস্পতি বাৰে মোদীৰ মন্ত্ৰী সভাৰ আন মন্ত্ৰী সকলৰ লগত ৰামেশ্বৰ তেলীয়ে শপত গ্ৰহণ কৰে। ৰামেশ্বৰ তেলীক খাদ্য প্ৰস্তুত উদ্যোগ বিভাগৰ দায়িত্ব প্ৰদান কৰা হয়। ৰামেশ্বৰ তেলীয়ে শুকুৰবাৰে নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে অসমৰ লোকসকলক ধন্যবাদ জ্ঞাপন কৰে । লগতে কয় 'খাদ্য প্ৰস্তুতকৰণ মোৰ বাবে এটা নতুন বিষয় । সেয়েহে মোক অসমৰ লোকৰ সমৰ্থনৰ প্ৰয়োজন । অসমৰ জলন্ত সমস্যা সমূহৰ বিষয়ে মই কেন্দ্ৰক অবগত কৰিম ' বুলি প্ৰকাশ কৰাৰ লগতে ৰামেশ্বৰ তেলীয়ে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে কাম কৰিব বুলিও প্ৰকাশ কৰে ।

লগতে তেওঁ কয় যে খাদ্য প্ৰস্তুত উদ্যোগত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বাবে বহুতো আচনি আছে , কিন্তু সেয়া বাস্তৱত ৰূপায়ণ কৰা হোৱা নাই ।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি