Begin typing your search above and press return to search.

বদৰউদ্দিন আজমলে নৰেন্দ্ৰ মোদীক অভিনন্দন জ্ঞাপন কৰি অসমৰ মুল সমস্যা সমূহৰ বিষয় উল্লেখ কৰে

বদৰউদ্দিন আজমলে নৰেন্দ্ৰ মোদীক অভিনন্দন জ্ঞাপন কৰি অসমৰ মুল সমস্যা সমূহৰ বিষয় উল্লেখ কৰে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Jun 2019 10:17 AM GMT

এ আই ইউ ডি এফ প্ৰধান বদৰউদ্দিন আজমলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দ্বিতীয়টো কাৰ্যকালৰ বাবে অভিনন্দন জ্ঞাপন কৰাৰ লগতে অসমৰ জলন্ত সমস্যা সমূহ কথাও প্ৰধানমন্ত্ৰীৰ আগত উল্লেখ কৰে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ প্ৰেৰণ কৰা পত্ৰ খনত অসমৰ মুল সমস্যা সমূহৰ ভিতৰত বিশেষকৈ বিদেশী চিনাক্তকৰণ আৰু প্ৰত্যাবৰ্তন কৰাৰ লগতে ভাৰত-বাংলাদেশ সীমান্ত ছিল কৰাৰ ক্ষেত্ৰত ব্যবস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই ।

অসমৰ বানপানী আৰু গৰাখহনীয়াৰ ফলত হোৱা দুৰ্যোগৰ এটা স্থায়ী সমাধানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আহ্বান জনাই । লগতে কাছাৰ আৰু নগাঁও কাগজ কল বন্ধ হৈ পৰাৰ ফলত বহুতো নিবনুৱা সমস্যাৰ উদ্ভৱ হৈছে । সেয়েহে কাছাৰ আৰু নগাঁওৰ কাগজ কল পুনৰুজ্জীৱন কৰিবলৈ আহ্বান জনাই ।

বৃহস্পতি বাৰে নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । নৰেন্দ্ৰ মোদীৰ লগতে কেবিনেট মন্ত্ৰীয়ে শপত গ্ৰহণ কৰে । অসমৰ সমস্যা সমূহৰ কথা উল্লেখ কৰাৰ লগতে অভিনন্দন জ্ঞাপন কৰি এ আই ইউ ডি এফ প্ৰধান বদৰউদ্দিন আজমলে পত্ৰ প্ৰেৰণ কৰে ।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি