"বাহুবলী " ৰ যোগেদি কক্ষপথত উৎক্ষেপন চন্দ্ৰযান-২

"বাহুবলী " ৰ যোগেদি কক্ষপথত  উৎক্ষেপন চন্দ্ৰযান-২

ইছৰ'য়ে ইতিহাস ৰচনা কৰি উৎক্ষেপন কৰিলে চন্দ্ৰযান-২। সোমবাৰে বিয়লি "বাহুবলী "ৰ যোগেদি চন্দ্ৰযান-২ সফলতাৰে কক্ষপথত উৎক্ষেপন কৰে । প্ৰায় ১৬ মিনিটৰ পিছত যানখনে প্ৰথমে মহাকাশৰ আৰ্থ পাৰ্কিং কক্ষপথৰে প্ৰবেশ কৰে। অৰবিটাৰৰ ওজন ২,৩৭৯ কিলোগ্ৰাম। ইয়াৰ পৰা যানখনে কক্ষপথৰে চন্দ্ৰলৈ যাত্ৰা কৰিব আৰু প্ৰায় ডেৰ মাহৰ মূৰত চন্দ্ৰৰ কক্ষপথত উপস্থিত হৈ উপগ্ৰহটোৰ পৃষ্ঠৰ পৰা ১০০ কিলোমিটাৰ ওপৰৰে পৰিভ্ৰমণ কৰিব। ৭ ছেপ্তেম্বৰত যানখনে চন্দ্ৰত অবতৰণ কৰিব ।

উৎক্ষেপণৰ ১৬.২০ মিনিটত বাহুবলী ৰকেটৰ পৰা বিচ্ছিন্ন হ’ব চন্দ্ৰযান–২। চন্দ্ৰযান–২ৰ এই অভিযানত ব্যয় কৰা হৈছে ৯৭৮ কোটি টকা। ২.৪ টন ওজনৰ GSLV Mk III ৰকেটে কঢ়িয়াই নিছে চন্দ্ৰযান ২ মহাকাশ যানখন। সম্পূৰ্ণ দেশীয় প্ৰযুক্তিৰে নিৰ্মাণ কৰা চন্দ্ৰযান ২–এ চন্দ্ৰত পানীৰ অৱস্থিতি সন্দৰ্ভত পৰীক্ষা–নিৰীক্ষা চলাব। এই অভিযান সফল হ’লে চন্দ্ৰত ৰভাৰ অৱতৰণ কৰোৱা চতুৰ্থখন দেশ হ’ব ভাৰত।

চন্দ্ৰযান-২ খন ১৫ জুলাইৰ ২.৫১ উৎক্ষেপন কৰাৰ কথা আছিল যদিও কিছু কাৰিকৰী বিজুতিৰ বাবে স্থগিত ৰখা হয়। তাৰ পাছত সোমবাৰে ইছৰ'য়ে উৎক্ষেপন কৰে চন্দ্ৰযান-২।

বাহুবলীৰ উচ্চতা ৪৩×৪৩ মিটাৰ আৰু ওজন ৬৪০ টন । এই ৰকেটে ৪,০০০ কিলোগ্ৰাম পৰ্যন্ত ওজনৰ যন্ত্ৰাংশ কঢ়িয়াবলৈ সক্ষম । চন্দ্ৰযান-২ সফলতাৰে উৎক্ষেপন হোৱাৰ কথা ৩ বজাৰ পিছত প্ৰকাশ কৰে মহাকাশ গৱেষণা সংস্থাৰ অধক্ষ্য ডঃ কে শিৱনে ।

ইতিহাস ৰচনা কৰি সোমবাৰে দুপৰীয়া ২.৪৩ বজাত ISRO–এ চন্দ্ৰযান–২ উৎক্ষেপন কৰাৰ পিছত শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা চন্দ্ৰযান–২ মহাকাশ যানখনে ৭ ছেপ্টেম্বৰত অৱতৰণ কৰিব চন্দ্ৰত। টুইটাৰযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, আমাৰ গৌৰবৰ ইতিহাসত এয়া এটা বিশেষ মূহুৰ্ত্ত। এই প্ৰচেষ্টাই বিজ্ঞানৰ প্ৰতি নৱ প্ৰজন্মক উৎসাহিত কৰিব । "

https://twitter.com/narendramodi/status/1153241546738696192

প্ৰধানমন্ত্ৰীৰ লগতে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দেও শুভেচ্ছা জ্ঞাপন কৰে । ৰাষ্ট্ৰপতি গৰাকীয়ে প্ৰকাশ কৰে যে, " শ্ৰী হৰিকোটৰ পৰা চন্দ্ৰযান-২ উৎক্ষেপন সকলো দেশবাসীৰ বাবে এক গৌৰৱৰ মুহুৰ্ত। "

https://twitter.com/rashtrapatibhvn/status/1153241572764311553

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও শুভেচ্ছা জ্ঞাপন কৰে ইছৰ'ৰ সকলো বিজ্ঞানীশৈ । ২.৪ টন ওজনৰ GSLV Mk III ৰকেটে কঢ়িয়াই নিছে চন্দ্ৰযান ২ মহাকাশ যানখন। ISRO–এ টুইটাৰযোগে চন্দ্ৰযান–২ৰ এখন ফটো শ্বেয়াৰ কৰি জনাইছে যে GSLV MK III M-1 ৰকেটে চন্দ্ৰযান–২ মহাকাশ যান পৃথিৱীৰ কক্ষপথত সফলভাৱে স্থাপন কৰিবলৈ সক্ষম হৈছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com