Begin typing your search above and press return to search.

যান বাহন আইন উলংঘা নকৰাকৈ পৰিশোধ কৰিলে ৬.৫৩ লাখ টকাৰ জৰিমনা:কিন্তু কিয়?

যান বাহন আইন উলংঘা নকৰাকৈ পৰিশোধ কৰিলে ৬.৫৩ লাখ টকাৰ জৰিমনা:কিন্তু কিয়?

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Sep 2019 1:56 PM GMT

যান বাহন আইন উলংঘা নকৰাকৈ পৰিশোধ কৰিলে ৬.৫৩ লাখ টকাৰ জৰিমনা ৷ এখন ট্ৰাকৰ মালিকক জৰিমনা হিছাপে দিয়া চালানে সম্প্ৰতি চৰ্চা লাভ কৰিছে সৰ্বত্ৰে ৷ ৰ’ব এই ট্ৰাকখনৰ মালিকে কোনো ধৰণৰ যান বাহন আইন উলংঘা কৰা নাই ৷ এই জন মালিকে প্ৰায় ৬ লাখ টকা পৰিশোধ কৰিব লগা হৈছে কৰ নিদিয়াৰ কাৰণেই ৷

উৰিষ্যাৰ সম্বলপুৰত পূৰত ৬,৫৪,১০০ টকাৰ এখন চালান দিয়ে নাগালেণ্ডৰ এজন ট্ৰাকৰ মালিকক ৷কাৰণে ২০১৪ চনৰ ছেপ্তেম্বৰৰ পৰা ২০১৯ চনলৈকে কোনো ধৰণৰ কৰ দিয়া নাছিল ৷ আৰু ইয়াৰ পিছতেই ১০ আগষ্টত কৰ নিদিয়াৰ কাৰণেই এই বৃহৎ পৰিমাণৰ ধন পৰিশোধ কৰিব লগা হয় ট্ৰাকৰ মালিক জনে ৷

ইফালে ট্ৰাকৰ মালিক শৈলেশ শংকৰ লাল গুপ্তাৰ বিৰুদ্ধে প্ৰয়োজনীয় তথ্য নথকাৰ কাৰণে আৰু অন্যান্য কাৰণত জৰিমনা জাৰি কৰিছে কৰ্তৃপক্ষই। ইফালে সম্প্ৰতি ১ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱা নতুন যান বাহন আইনে লোকসকলৰ ধনৰ ভৰাঁল উদং কৰিছে।

সাম্প্ৰতিক সময়ত সকলোতে আটাইতকৈ চৰ্চিত বিষয়টো হৈছে যান বাহন আইন ২০১৯৷নতুন মটৰ পৰিবহন আইন ১ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱাৰ কেইঘন্টামানৰ পিছতেই দিল্লীত এগৰাকী দুচকীয়া বাহনৰ যাত্ৰীয়ে হেলমেট পৰিধান নকৰা আৰু প্ৰয়োজনীয় তথ্য পাতি লগত নৰখাৰ কাৰণে ২৩০০০ টকা জৰিমনা ভৰিব লগা হয় ৷

আনহাতে পশ্চিম বংগত আকৌ এগৰাকী অটোচালকে জৰিমনা ভৰে প্ৰায় ৩২,৫০০ টকা ৷ যাৱতীয় তথ্য লগত নৰখা,পঞ্জীকৃত যাৱতীয় তথ্য পাতি লগত নৰখা,ইন্সুৰেন্স,বায়ু প্ৰদূষণ,নাম্বাৰ প্লেট আৰু বিপদশংকুল যাত্ৰাৰ আদি বহু কেইটা বিষয়ৰ কাৰণে জৰিমনা দিয়ে ৩২,৫০০ টকা। গতিকে এই অৱস্থাই যান বাহন উলংঘাকাৰীক নাকী লগোৱাৰ লগতে কিছুমান যাত্ৰীৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷

শেহতীয়াকৈ ওৰিষ্যাৰ এজন ট্ৰাক চালকে যান বাহন আইন উলংঘা কৰি ভৰিব লগা হোৱা ধনৰ পৰিমাণে সকলোৰে মাজত চৰ্চা লাভ কৰিছে।কাৰণ লোকজনে যান বাহন আইন উলংঘা কৰি জৰিমনা ভৰে ৮৬,৫০০ টকা । সম্প্ৰতি এই ধন দেশৰ সকলোতকৈ যান বাহনৰ ক্ষেত্ৰত লোৱা জৰিমনাৰ ৰাশি হিছাপে পৰিগণিত হৈছে। সাম্প্ৰতিক সময়ত সকলোতে আটাইতকৈ চৰ্চিত বিষয়টো হৈছে যান বাহন আইন ২০১৯৷ গতিকে সম্প্ৰতি আশোক যাদৱ নামৰ লোকজনে ভৰা যান বাহনৰ, জৰিমনাৰ এখন বিশেষ চালান সকলো ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে।

অধিক খবৰৰ বাবে পঢ়ক: উলংঘা নকৰিব নতুন যান বাহন আইন: অন্যথা দিব লাগিব অধিক প্ৰিমিয়াম

ভিডিঅ প্ৰতক্ষ্য কৰক:Man choked his wife to death, Later commits suicide

Next Story