পুনৰ আৰম্ভ হব মোদীৰ "মন কি বাত": টুইটাৰযোগে প্ৰকাশ ফোন নম্বৰ

পুনৰ আৰম্ভ হব মোদীৰ "মন কি বাত": টুইটাৰযোগে প্ৰকাশ ফোন নম্বৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয় অনুষ্ঠান "মন কি বাত " পুনৰ আৰম্ভ হব । দেশবাসীৰ সৈতে মতামত আদান-প্ৰদানৰ এই গুৰুত্বপূৰ্ণ অনুষ্ঠানতো দেশ বাসীৰ মাজত যথেষ্ট জনপ্ৰিয় হৈছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰ "মন কি বাত " অনুষ্ঠানৰ যোগেদি দেশবাসীক সম্বোধন কৰিব। ৩০ জুন দিনৰ ১১ বজাৰ পৰা আৰম্ভ হব মোদীৰ "মন কি বাত " অনুষ্ঠান। নৰেন্দ্ৰ মোদীৰ প্ৰথম কাৰ্যকালত আৰম্ভ কৰিছিল "মন কি বাত " অনুষ্ঠানৰ। লোকসভা নিৰ্বাচনৰ সময়ত "মন কি বাত " অনুষ্ঠানৰ স্থগিত ৰখা হৈছিল । লোকসভা নিৰ্বাচনত বিজেপিয়ে অভূতপূৰ্ব সফলতা কৰি নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পুনৰ চৰকাৰ গঠন কৰে । মোদীৰ শপত গ্ৰহণ কৰাৰ পাছতে পুনৰ আৰম্ভ কৰিব মোদীৰ " মন কি বাত " অনুষ্ঠানৰ । মোদীৰ "মন কি বাত " অনুষ্ঠানৰ বাবে সমগ্ৰ দেশবাসীয়ে অপেক্ষাৰে ৰৈ থাকে ।

৩০ জুনৰ দিনৰ ১১ বজাৰ পৰা আৰম্ভ হব মোদীৰ " মন কি বাত " অনুষ্ঠানৰ । এই অনুষ্ঠানৰ বাবে ইতিমধ্যে এটা টোল ফ্ৰি নম্বৰ মুকলি কৰিছে । নম্বৰটো হৈছে- ১৮০০-১১-৭৮০০। এই নম্বৰত ফোন কৰিছে দেশবাসীৰ প্ৰশ্ন অথবা মতামত ৰেকৰ্ড কৰা হব । ফোন কৰাৰ লগতে "MyGov open Forum " ৰ যোগেদি আপোনাৰ মতামত প্ৰকাশ কৰিব পাৰে । "মন কি বাত অনুষ্ঠানকলৈ টুইটাৰযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে যে, " এক মহান কথোপকথনৰ বাবে অপেক্ষা কৰি আছো " । নম্বৰটো সক্ৰিয় হৈ থাকিব ১১ জুনৰ পৰা ২৬ জুনলৈকে ।

লোকসভা নিৰ্বাচনৰ বাবে মোদীয়ে ফেব্ৰুৱাৰীত শেষৰটো "মন কি বাত " অনুষ্ঠানৰ যোগেদি দেশবাসীক সম্বোধন কৰিছিল । শেষৰটো অনুষ্ঠানত মোদীয়ে দেশবাসীক তেওঁলোকৰ বিষয় আৰু সমস্যা সমূহ প্ৰকাশ কৰি থাকিবলৈ আহ্বান জনাইছে ।

জনপ্ৰিয় এই অনুষ্ঠানক কংগ্ৰেছে তীব্ৰ সমালোচনা কৰিছিল । " মন কি বাত " অনুষ্ঠানত মোদীয়ে কেৱল নিজৰ মনৰ কথাহে প্ৰকাশ কৰে, কিন্তু দেশবাসীৰ সমস্যা সমূহ নুশুনে বুলি সমালোচনা কৰিছিল ।

লোকসভা নিৰ্বাচনৰ সময়তো কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে মোদীৰ মন কি বাত ৰেডিঅ অনুষ্ঠানক সমালোচনা কৰা পৰিলক্ষিত হৈছিল । এই অনুষ্ঠানৰ যোগেদি মোদীয়ে তেওঁৰ মনৰ কথা কোৱাৰ সলনি দেশবাসীৰ সমস্যা সমূহ শুনিব লাগে। উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী মোদীক উপহাস কৰিছিল ।

১০ টা সংখ্যাৰ টোল ফ্ৰি নম্বৰটো ২০১৫ চনৰ চেপ্তেম্বৰ মাহত মুকলি কৰা হৈছিল , নম্বৰটোৰ যোগেদি প্ৰধানমন্ত্ৰী মোদীক নিজৰ বক্তব্য প্ৰকাশ কৰিব পাৰে । প্ৰেছ ইনফ'ৰমেচন বিৰ'য়ে প্ৰকাশ কৰা মতে, যিসমূহ অঞ্চলত ইন্টাৰনেটৰ ব্যবস্থা নাই , সেই লোকসকলৰ বাবে মন কি বাত অনুষ্ঠানৰ যোগেদি লাভান্বিত হয়।

লোকসভা নিৰ্বাচনত বিজেপিয়ে অভূতপূৰ্ব সফলতা লাভ কৰে । বিজেপিয়ে অকলে ৩০৩ আসন লাভ কৰিছিল আৰু এন ডি এয়ে মুঠ ৩৫২ আসন লাভ কৰে । মোদীয়ে দ্বিতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । "মন কি বাত " অনুষ্ঠান ৩০ জুন অৰ্থাৎ এই মাহৰ শেষৰটো দেওবাৰ ১১ বজাৰ পৰা পৰা আৰম্ভ হব । " এক মহান কথোপকথনৰ বাবে অপেক্ষা কৰি আছো "বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com