বেংগালুৰুৰ চিৰিয়াখানাত স্বৰ্ণ কন্যা হিমা দাসৰ নামত বাঘ

বেংগালুৰুৰ চিৰিয়াখানাত স্বৰ্ণ কন্যা হিমা দাসৰ নামত বাঘ

সম্প্ৰতি চাৰিওফালে অব্যাহত আছে স্বৰ্ণ কন্যা হিমা দাসৰ প্ৰসংগ ৷কাৰণ তিনি সপ্তাহৰ ভিতৰত পাঁচটাকৈ স্বৰ্ণ অৰ্জন কৰা বিষয়ত সঁচাকৈয়ে প্ৰশংসনীয় ৷কেৱল ট্ৰেকতেই হিমাৰ নামটো সীমাবদ্ধ হৈ থকা নাই ৷ দৌৰ ৰানী হিমা দাসৰ নাম,যশ বিয়পি পৰিছে সৰ্বত্ৰে । এনে সময়তে বেংগালুৰুৰ বান্নেৰঘাট্টা চিৰিয়াখানাৰ এক পদক্ষেপে সম্প্ৰতি সৰ্বত্ৰে চৰ্চা লাভ কৰিছে ৷কাৰণ চিৰিয়াখানা খনে এটি ছমহীয়া বাঘৰ পোৱালীৰ নাম হিমা ৰাখিবলৈ লোৱাৰ সিদ্ধান্তই সকলোৰে মাজত চৰ্চা লাভ কৰিছে ৷

আন্তঃৰাষ্ট্ৰীয় বাঘ দিৱসৰ লগত সংগতি ৰাখিয়েই বান্নেৰ ঘাট্টা চিৰিয়াখানাৰ কৰ্তৃপক্ষই বাঘৰ পোৱালীটোৰ নাম হিমা নামাকৰণ কৰিবলৈ সিদ্ধান্ত লৈছে ৷ আন্তঃৰাষ্ট্ৰীয় বাঘদিৱসৰ লগত সংগতি ৰাখি বান্নেৰঘাটা চিৰিয়াখানাৰ লুপ্তপ্ৰায় প্ৰজাতিসমূহৰ সন্দৰ্ভত বহু কাৰ্যসূচী হাতত লোৱা হয় ৷২০১৪ চনৰ গণনা অনুসৰি ভাৰতত ৪০৬ টা বাঘ আছে । অৱশ্য জন্তুৰ নাম প্ৰসিদ্ধ লোকসকলৰ নামেৰে ৰখাতো এইয়াই প্ৰথম নহয় ৷

আনহাতে স্বৰ্ণ কন্যা হিমা দাসে আনহাতে অসমৰ যুৱ প্ৰজন্মৰ স্বৰ্ণ কন্যা হিমা দাস সচাঁ অৰ্থত নতুন প্ৰজন্মৰ কাৰণে প্ৰেৰনা দায়ক ৷ অসমৰ এখন সুদূৰ গাঁৱৰ পৰা ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ হিমা দাসৰ এই যাত্ৰা সচাঁকৈয়ে প্ৰশংসনীয় ৷

তিনি সপ্তাহৰ ভিতৰত পাঁচটাকৈ স্বৰ্ণপদক লাভ কৰা ‘ধিং এক্সপ্ৰেছ’ হিমা দাসক টুইটাৰ যোগে অভিনন্দন জনালে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। ৰাষ্ট্ৰপতিগৰাকীয়ে অসমীয়া ভাষাতে অভিনন্দন জ্ঞাপন কৰে হিমাক। টুইটাৰযোগে হিমা দাসে নিজৰ এই সফলতাৰ ধাৰা অব্যাহত ৰাখি ২০২০চনৰ অলিম্পিকত ভাৰতৰ বাবে বিজয়বাৰ্তা কঢ়িয়াই অনাৰ কামনা কৰে দেশৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।

চেক গণৰাজ্যত আন ৫ টা স্বৰ্ণপদক জয় কৰিলে অসম কন্যা হিমাই। পঞ্চমটো পদক ৪০০ মিটাৰ দৌৰত হিমাই অৰ্জন কৰিলে শ্ৰেষ্ঠত্ব। ৫২.০২ ছেকেণ্ডত দৌৰ সম্পন্ন কৰি স্বৰ্ণপদক লাভ কৰিলে হিমাই। ইয়াৰ পূৰ্বে মাত্ৰ ১৫ দিনত হিমাই লাভ কৰিছিল চাৰিটাকৈ সোণৰ পদক। চেক গণৰাজ্যত অনুষ্ঠিত টেবৰ গ্ৰাঁ প্ৰীত ২০০ মিটাৰ ইভেণ্টত স্বৰ্ণ পদক অৰ্জন কৰিছিল হিমাই। ২৩.২৫ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি অসম কন্যাগৰাকীয়ে অর্জন কৰিছিল স্বৰ্ণপদক।

কিন্তু উল্লেখ্য বিষয় এয়ে যে হিমা দাসৰ কেৰিয়াৰত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আছিল ২৩.১০ ছেকেণ্ডত ২০০ মিটাৰ দৌৰ প্ৰদৰ্শন কৰা ৷ ইফালে,বিগত দেওবাৰে পোলেণ্ডত কুটনো এথলেটিক্স মীটত মহিলাৰ ২০০ মিটাৰ দৌৰত আন্তৰাষ্ট্ৰীয় ভাৱে দ্বিতীয়টো সোণৰ পদক অৰ্জণ কৰে। অন্যহাতে কেৰালাৰ ভি কে বিস্মায়াই ২৪.০৬ ছেকেণ্ডত ৰূপৰ পদক লাভ কৰে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com