সাৱধানঃ গুৱাহাটীত অতি শীঘ্ৰেই বাস্তৱায়িত হ’ব নতুন যান বাহন আইন

সাৱধানঃ গুৱাহাটীত অতি শীঘ্ৰেই বাস্তৱায়িত হ’ব নতুন যান বাহন আইন

সাৱধান মহানগৰবাসী ৷ কাৰণ অনতি পলমে গুৱাহাটী মহানগৰত নতুন যান বাহন আইন ২০১৯ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে ৷ যান বাহন বিভাগৰ আৰক্ষী উপায়ুক্ত প্ৰশান্ত শইকীয়াই যান বাহনৰ নতুন আইনৰ সন্দৰ্ভত কয় যে আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা এখন লিখিত অধিসূচনা লাভ কৰিবলৈ অপেক্ষা কৰি আছো ৷ যেতিয়াই আমি এইখন অধিসূচনাক লাভ কৰিম । তেতিয়াৰ পৰাই এই আইনক গুৱাহাটীত আৰম্ভ কৰা হ’ব।

লগতে নতুন যান বাহন আইন উলংঘাকাৰীসকলক জৰিমনা পৰিশোধ আৰু তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও মন্তব্য কৰে উপায়ুক্ত গৰাকীয়ে ।ইফালে যেতিয়াৰ পৰাই দেশত এই আইনখন আৰম্ভ কৰিছে ৷ তেতিয়াৰ পৰাই লোকসকলৰ মাজত সক্ৰিয়তা বৃদ্ধি পাইছে। লগতে অনাগত দিনত যান বাহন নিয়ম উলংঘন কৰা সকলৰ সংখ্যা সীমিত হ’ব বুলি আশা প্ৰকাশ কৰিছে উপায়ুক্ত শইকীয়াই ৷কাৰণ যান বাহন উলংঘাকাৰীসকলে এক বৃহৎ পৰিমাণৰ জৰিমনা পৰিশোধ কৰিছে ।

লগতে নতুন অধিনিয়মৰ কাৰণে জাগৰণ বৃদ্ধি কৰিবলৈ বিভিন্ন লোকসকলৰ মাজত অভিযান আৰম্ভ কৰিছে। উপায়ুক্ত প্ৰশান্ত শইকীয়াই দাবী কৰে যে ১৮ ৰ পৰা ৪৫ বৰ্ষৰ লোকসকল পথ দুৰ্ঘটনাত মৃত্যুক আকোঁৱালি লয় ৷কাৰণ তেওঁলোকে নিয়ম সমূহৰ পালন কৰে। সেয়েহে কিছুমানে দুৰ্ঘটনাত প্ৰাণ ত্যাগ কৰাৰ লগতে আন কিছুমান হাত ভৰি ভাগি আহতও হয়। গতিকে আমি কেৱল নাগৰিকসকলকেই নহয় আৰক্ষীসকলৰ ক্ষেত্ৰতো উচিত ব্যৱস্থা ল’ম কাৰণ আইন উলংঘা কৰা কোনো লোককে ৰেহাই দিয়া ন’হব ।

যান বাহন আৰক্ষীসকলৰ লগত জনসাধাৰণৰ ব্যৱহাৰ সন্দৰ্ভত প্ৰশিক্ষণ দিবলৈও আহ্বান কৰিছে উপায়ুক্ত শইকীয়াই। নতুন যান বাহন আইনৰ অধীনত যিসকল লোকে জোতা পৰিধান নকৰে অথবা হেলমেট পৰিধান নকৰে তেওঁলোককো জৰিমনা বিহা হ’ব বুলি প্ৰকাশ কৰে আৰক্ষী উপায়ুক্ত প্ৰশান্ত শইকীয়াই ।লগতে চিট বেল্ট ,শব্দ প্ৰদূষণ,বায়ু প্ৰদূষণ কৰাৰ বাহনৰ গৰাকীৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব পাৰে আৰক্ষীয়ে ।

ইফালে দেশত গৃহীত হোৱা যান বাহন আইনে উদং কৰিছে বহুতৰ ধনৰ ভৰাঁল ৷সাম্প্ৰতিক সময়ত সকলোতে আটাইতকৈ চৰ্চিত বিষয়টো হৈছে যান বাহন আইন ২০১৯৷নতুন মটৰ পৰিবহন আইন ১ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱাৰ কেইঘন্টামানৰ পিছতেই দিল্লীত এগৰাকী দুচকীয়া বাহনৰ যাত্ৰীয়ে হেলমেট পৰিধান নকৰা আৰু প্ৰয়োজনীয় তথ্য পাতি লগত নৰখাৰ কাৰণে ২৩০০০ টকা জৰিমনা ভৰিব লগা হয় ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com