আৰক্ষী -‌ জনসাধাৰণৰ সম্পৰ্ক বৃদ্ধি ৰ বাবে সৰুপথাৰত ভাওনা বৰসভা অনুষ্ঠান

আৰক্ষী -‌ জনসাধাৰণৰ সম্পৰ্ক বৃদ্ধি ৰ বাবে সৰুপথাৰত ভাওনা বৰসভা অনুষ্ঠান

আৰক্ষী -‌ জনসাধাৰণৰ সম্পৰ্ক বৃদ্ধি ৰ বাবে সৰুপথাৰত ভাওনা বৰসভা অনুষ্ঠান। বহু সময়ত আৰক্ষী আৰু জনসাধাৰণৰ মাজত ভাল সম্পৰ্ক দেখা নাযায় । শেহতীয়াকৈ সৰুপথাৰ জেনেৰেল ফিল্ড ( Sarupathar general field ) ত অনুষ্ঠিত হয় এক ভাওনা আৰু বৰসভা অনুষ্ঠান। ধনশিৰি ৰ উপমণ্ডলৰ আৰক্ষী প্ৰশাসন ( dhansiri subdivision police administration ) , ভি ডি পি ( V D P ) আৰু স্হানীয় লোকসকলে মিলিত হৈ অনুষ্ঠিত কৰে এই ভাওনা আৰু বৰসভা অনুষ্ঠান ।

আৰক্ষী প্ৰশাসনে ( police official ) দ্যা চেন্টিনেলক কয় যে , " ভাওনাই অংকীয়া নাটৰ পৰম্পৰা ক প্ৰতিনিধিত্ব কৰে । ভাওনাত বিভিন্ন ৰং বিৰঙৰ প্ৰদৰ্শনী দেখুওৱা হয় । যিয়ে দৰ্শক সকলক মোহিত কৰি ৰাখিব পাৰে । অভিনেতা জনে ৰজাৰ ভাও প্ৰদৰ্শন কৰাৰ লগতে ৰানী গৰাকীয়ে জাক জমকীয়া কাপোৰ পৰিধান কৰা দেখা যায় । মুখা এক গুৰুত্বপূৰ্ণ অংগ ভাওনা প্ৰদৰ্শনৰ । অংশগ্ৰহনকাৰী সকলে বিভিন্ন দেৱ দেৱীৰ ডাঙৰ ডাঙৰ মুখা পৰিধান কৰাৰ লগতে , বিভিন্ন দেৱ দেৱীৰ কাপোৰ , ৰাক্ষস , জীৱ জন্তু আদিৰ ভাও ধৰে ।

ধনশিৰি উপমণ্ডল ( dhansiri subdivision )ৰ এচ ডি পি অ ( S D P O ) প্ৰাঞ্জল বৰাই কয় যে , "আৰক্ষী আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক ভাল কৰাৰ উদ্দেশ্যে ধনশিৰি উপমণ্ডলৰ আৰক্ষী প্ৰশাসনে ( Dhansiri subdivision police administration ) ভি ডি পি ( V D P ) আৰু স্হানীয় লোক সকলৰ সহযোগত এই ভাওনা আৰু বৰসভা অনুষ্ঠান অনুষ্ঠিত কৰা হয় । আমি ধনশিৰি উপমণ্ডলৰ স্হানীয় লোক সকলৰ ওচৰত কৃতজ্ঞ যে তেওঁ লোকে আমাক সহায় সহযোগিতা আগবঢ়োৱাৰ লগতে বিভিন্ন অনুষ্ঠানৰ জৰিয়তে নিজৰ পাৰদৰ্শিতা দেখুওৱাৰ বাবে । আমি ভৱিষ্যতে ও এইখিনিয়ে আশা কৰো " ।

অনুষ্ঠানৰ শেষত এচ ডি পি অ (S D P O ) প্ৰাঞ্জল বৰাই সৰুপথাৰ কলেজৰ অধ্যক্ষ ড° সিদ্ধেশ্বৰ বৰা , ধনশিৰি উপমণ্ডলৰ চাৰকেল অফিচাৰ (circle officer ) যাভেদ আৰমান , সৰুপথাৰ পৌৰনিগম ( chairman of sarupathaar municipality board) ৰ অধ্যক্ষ বিপ্লৱ শৰ্মা আৰু ধনশিৰি উপমণ্ডল ( dhansiri subdivision ) ৰ সকলো লোককে ধন্যবাদ জ্ঞাপন কৰে ।

অন্য খবৰৰ বাবে পঢ়ক: উলহ মালহেৰে উদযাপন কৰম উৎসৱ

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com