সংসদ ভৱনত ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি স্থাপনৰ দাবী

সংসদ ভৱনত ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি স্থাপনৰ দাবী

সংসদ ভৱনত ভাৰত ৰত্ন তথা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি স্থাপনৰ কাৰণে অসম গণ পৰিষদৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই আহ্বান কৰে ৷ ইয়াৰ পিছতেই ৰাজ্যসভাৰ সভাপতি তথা উপ ৰাষ্ট্ৰপতি এম ভেংকয়া নাইডুয়ে বৈশ্যক আশ্বাস দিয়ে যে সংসদীয় সমিতিৰ লগত এই সন্দৰ্ভত আলোচনা কৰিব ।

ইফালে প্ৰয়াত ড° ভূপেন হাজৰিকাৰ প্ৰসংগ সংসদত উত্থাপন কৰি সাংসদ বৈশ্যই অসমৰ কলা সংস্কৃতিত ড° হাজৰিকাৰ অতুলনীয় অৱদানৰ প্ৰসংগ উল্লেখ কৰে ৷দেশ আৰু ৰাষ্ট্ৰ নিৰ্মাণত ড° ভূপেন হাজৰিকাৰ অৱদান আছিল অতুলনীয় ৷ চীন ভাৰতৰ যুদ্ধৰ সময়ত ভাৰতীয় শ্বহীদ সকলক সুঁৱৰি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই ৰচনা কৰা ক’ত জোৱানৰ মৃত্যু হ’ল,কত জীৱন যৌৱন গ’ল সেই মৃত্যু অপৰাজেয়,তেনে মৃত্যুক ন’হলো মই কিয় শীৰ্ষক গীতটি আওৰাই বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই।লগতে প্ৰধানমন্ত্ৰী মোডীকো ড° ভূপেন হাজৰিকাক ভাৰত ৰত্ন দিয়াৰ কাৰণে ভূয়সী প্ৰশংসা কৰে।

উল্লেখ্য যে উপ ৰাষ্ট্ৰপতি এম ভেংকয়া নাইডুয়ে সাংসদ বৈশ্যৰ মনোযোগেৰে শুনাৰ পিছত অসমীয়াতে সহাঁৰি দিয়ে ৷আৰু সংদত ভৱনত উত্থাপন কৰা ড° ভূপেন হাজৰিকাৰ প্ৰতিমুৰ্তি স্থাপনৰ প্ৰসংগটোক লৈ আশাবাদী বুলি কয় সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com