অসম বিধানসভাৰ অধ্যক্ষ হীতেন্দ্ৰ নাথ গোস্বামীৰ ভোগদৈ পানী যোগান আঁচনি মুকলি

অসম বিধানসভাৰ অধ্যক্ষ হীতেন্দ্ৰ নাথ গোস্বামীয়ে (Hitendra Nath Goswami) দেওবাৰে ভোগদৈ পানী যোগান আঁচনি মুকলি কৰে ৷ প্ৰায় ২ কোটি টকাৰ পানী যোগান আঁচনিখন মুকলি কৰা এই অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ হীতেন্দ্ৰ নাথ গোস্বামীৰ উপৰিও উপস্থিত আছিল গড়মূৰ পূজাধূবিৰ নৱ নিৰ্বাচিত সাংসদ কামাখ্যা প্ৰসাদ তাছা ৷
ইফালে,ভোগদৈ পানী আঁচনি উদঘাটন অনুষ্ঠানত সভাপতিত্ব কৰিছিল ড° নুমল ম’মিনে। ড° নুমল ম’মিনে বিভাগীয় কৰ্মচাৰীসকলক সময়মতে বেতন দিয়াৰ আশ্বাস প্ৰদান কৰে ৷ অন্যহাতে স্থানীয় বিধায়ক আৰু অসম বিধানসভাৰ অধ্যক্ষ হীতেন্দ্ৰ নাথ গোস্বামীয়ে বিভাগৰ সকলো কৰ্মচাৰীকে সকলো আঁচনিক বাস্তৱত ৰূপায়িত কৰাৰ কাৰণে সহযোগিতা বিছাৰে।
ভোগদৈ পানী যোগান আঁচনি উদঘাটন অনুষ্ঠানত ড° নিৰেণ বৈশ্য,যোৰহাটৰ উপায়ুক্ত ৰশ্নি অপৰাঞ্জী কোৰাতি,যোৰহাটৰ আৰক্ষী অধীক্ষক বৈভৱ নিম্বালকাৰ উপস্থিত আছিল ৷
অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি