৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অবস্থা: ডিমৌত শোচনীয় পথে ভাবুকি কঢ়িয়াই আনিছে সৰ্বসাধাৰণলৈ

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অবস্থা: ডিমৌত শোচনীয় পথে ভাবুকি কঢ়িয়াই আনিছে সৰ্বসাধাৰণলৈ

বৰ্তমান ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ মৃত্যুদুতলৈ পৰিনত হৈছে । ডিমৌৰ শিতলা মন্দিৰৰ সন্মূখৰ পথছোৱায়ে ভাবুকি কঢ়িয়াই আনিছে জনসাধাৰণৰ জীৱনলৈ ।

পথৰ মাজতে ডাঙৰ ডাঙৰ গাতৰ সৃষ্টি হৈছে । এজাক বৰষুণতে পথৰ মাজৰ গাত সমূহত পানী ভৰি পৰাৰ ফলত পথছোৱা যথেষ্ট পিছল হৈ পৰে। পথৰ এই বৃহৎ বৃহৎ গাত সমূহৰ বাবে বহুতো দুৰ্ঘটনা সংঘটিত হৈছে ।

ডিমৌৰ স্থানীয় লোক সকলে বহু বাৰ বিভাগীয় কতৃপক্ষক আবেদন কৰিছে যদিও আজি পৰ্যন্ত মেৰামতি কৰা নাই পথছোৱা । উল্লেখযোগ্য যে, উত্তৰ পূৰ্বাঞ্চলৰ বানিজ্যিক উন্নয়নৰ বাবে এই পথছোৱা এক গুৰুত্বপূৰ্ণ পথ । লগতে এই পথছোৱাৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰক দাবী জনাইছে স্থানীয় লোকে।

আনহাতে জালুকবাৰীৰ পৰা খানাপাৰা লৈ যোৱা চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ সংলগ্ন উপ-পথ সমূহৰ দুৰৱস্থায়ে জনসাধাৰণক জলা কলা খোৱাইছে। বিশেষকৈ বেহৰবাৰী অঞ্চলৰ উপ পথৰ অৱস্থা অতি শোচনীয় । ৰাষ্ট্ৰীয় ঘাইপথ সমূহৰ উপ-পথ সমূহ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অধিনত মেৰামতি কৰিব লাগে । পথৰ এনে দুৰৱস্থায়ে ভাৰত চৰকাৰৰ স্বায়ত্ত শাসিত সংস্থাৰ দ্বায়িত্বহীনৰ কথা প্ৰকাশ কৰে ।

ৰাষ্ট্ৰীয় ঘাইপথৰ উপ-পথৰ এনে দুৰৱস্থাৰ কথা উল্লেখ কৰি কয় যে, বাৰিষাৰ সময় ছোৱাত এই পথছোৱা পুখুৰী সদৃশ পৰিস্থিতিৰ সৃষ্টি হয়|গ্ৰীষ্মৰ সময়ত আৰু বতাহৰ দিনবোৰত মানুহ বাবে যাত্ৰা কৰা বা বাহত চলাবলৈ অধিক অসুবিধাৰ সন্মুখীন হয় । যেতিয়াৰ পৰা কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতি আৰু যোগাযোগ ব্যৱস্থা কৰাৰ লগতে উপ পথ সমূহো মেৰামতি কৰাত গুৰুত্ব দিয়াৰ প্ৰয়োজন ।

বোকাজান হৈ নামবৰ অভয়াৰণ্যৰে যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰায় ৪০ কিলোমিটাৰ কাৰ্বি আংলং জিলাৰ নাগালেণ্ড আৰু মনিপুৰলৈ যোৱা পথছোৱাৰ অবস্থা অতি শোচনীয় । নাগালেণ্ড আৰু মনিপুৰলৈ যোৱা এইছোৱায়ে ঘাইপথ । এই পথছোৱাৰ দুৰৱস্থায়ে সাধাৰণ লোকৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে ।

কাৰ্বি আংলং জিলাৰ মাঞ্জা আৰু নাগালেণ্ড আৰু মনিপুৰহৈ ডকমকালৈ যোৱা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা অতি শোচনীয় । মানঞ্জা আৰু পূৰ্না লাহৰিজানৰ অৱস্থাও ব্যতিক্ৰম নহয় ।বাৰিষাৰ সময়ত এই পথছোৱাৰ অবস্থা অধিক শোচনীয় হৈ পৰে| মেৰামতিৰ পিছত অধিক বেয়া হৈছে পথছোৱা । ট্ৰেফিক আৰু নিম্ন মানদণ্ডৰ মেৰামতিৰ কামৰ বাবে অধিক শোচনীয় হৈ পৰিছে । ডাঙৰ ডাঙৰ গাতৰ বাবে পথৰ মাজত পানী জমা হৈ যায়। পথৰ দুৰৱস্থাৰ বাবেই বহুতো পথ দুৰ্ঘটনা সংঘটিত হয়।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com