Begin typing your search above and press return to search.

২৪ মেত মুক্তি লাভ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মজীৱনী মূলক ছবি

২৪ মেত  মুক্তি লাভ কৰিব  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মজীৱনী মূলক ছবি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 May 2019 10:09 AM GMT

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মজীৱনী মূলক ছবি লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ এদিনৰ পাছত অৰ্থাৎ ২৪ মে মুক্তি লাভ কৰিব বুলি প্ৰকাশ কৰে ছবি খনৰ নিৰ্মাতায়ে।

প্ৰধানমন্ত্ৰী মোদীৰ আত্মজীৱনী মূলক ছবি " Prime minister Narendra Modi " খন পূৰ্বতে ১১ এপ্ৰিলত মুক্তি লাভ কৰা কথা আছিল যদিও নিৰ্বাচনী আয়োগে স্থগিত ৰাখে ছবিৰ মুক্তি । পূৰ্বেতে ছবি খন আমেৰিকাৰ, বৃটেইন, কানাডা, অষ্ট্ৰেলিয়াকে ধৰি ৩৮ খন দেশত মুক্তি লাভ কৰাৰ কথা প্ৰকাশ কৰিছিল ।

নৰেন্দ্ৰ মোদীৰ আত্মজীৱনী মূলক ছবি খন লোকসভা নিৰ্বাচনৰ পূৰ্বে ৩ টা ভাষাত মুক্তি লাভ কৰাৰ কথা আছিল। হিন্দু, তেলেগু আৰু তামিল ভাষাত মুক্তি লাভ কৰাৰ কথা আছিল । তাৰ পাছত ছবিখন ৫ এপ্ৰিলত মুক্তি দিয়াৰ কথা আছিল যদিও বিভিন্ন বিতৰ্কৰ বাবে মুক্তি দিয়া নহ'ল ।

যোৱা মাহত নিৰ্বাচনী আয়োগে লোকসভা নিৰ্বাচন চলি থকা সময়ত ছবি খন মুক্তি কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰে।

উল্লেখযোগ্য যে নিৰ্বাচনী আয়োগে ছবি খন মুক্তি দিয়াৰ এদিনৰ পুৰ্বে নিষেধাজ্ঞা আৰোপ কৰে। ছবি খনৰ প্ৰযোজক সন্দিপ সিঙে প্ৰকাশ কৰে যে ছবি খন সকলোৱে আদৰি লব বুলি আশা কৰে । লগতে কয় দায়িত্বশীল নাগৰিক হিচাপে দেশৰ আইনক সন্মান কৰো। বহু আলোচনাৰ পাছত ছবিখন লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ এদিন পাছত ছবিখন মুক্তি দিব বুলি প্ৰকাশ কৰে।

লগতে তেওঁ প্ৰকাশ কৰে যে ছবি খন ২৪ মেত মুক্তি লাভ কৰিব আৰু ছবিখন হৈ মাত্ৰ ৪ দিন প্ৰচাৰ কৰিবলৈ সুবিধা লাভ কৰিব ।

ছবি খনত বিবেক অবৰয়ে মুখ্য চৰিত্ৰত অংশগ্ৰহন কৰে। লগতে বমান ইৰানী, মনোজ জুচী, প্ৰশান্ত নাৰায়ানাম, জাৰিনা ৱাহাৱ, বৰ্খা চেনগুপ্তা, দৰ্শন কুমাৰেও অভিনয় কৰিছে । ছবিখনৰ পৰিচালনা কৰিছে ওমংগ কুমাৰে।

প্ৰযোজক আনন্দ পণ্ডিতে প্ৰকাশ কৰিছিল যে ছবিখনৰ সন্দৰ্ভত কোনো সন্দেহ নাই । ছবি খনৰ সন্দৰ্ভত যোনে প্ৰশ্ন কৰিছে আৰু বন্ধ কৰিবলৈ কোৱা হৈছে তেওঁলোকে প্ৰকাশ কৰাৰ স্বাধীনতা খৰ্ব কৰিছে বুলি প্ৰকাশ কৰে ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি