Begin typing your search above and press return to search.

এনআৰচিৰ ক্ষেত্ৰত প্ৰতীক হাজেলাৰ স্থিতিত সন্দেহ বিজেপি অসম প্ৰদেশৰ

এনআৰচিৰ ক্ষেত্ৰত প্ৰতীক হাজেলাৰ স্থিতিত সন্দেহ বিজেপি অসম প্ৰদেশৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 July 2019 9:57 AM GMT

বিজেপি অসম প্ৰদেশে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ক্ষেত্ৰত সমন্বয়ক প্ৰতীক হাজেলাৰ স্থিতিত সন্দেহ প্ৰকাশ কৰে ৷ বুধবাৰে সংবাদ মাধ্যমৰ সন্মুখত দিয়া বিবৃত্তি অনুযায়ী দলৰ প্ৰবক্তা মমিনূল আৱালে এন আৰ চিৰ সম্পৰ্কত দলৰ সিদ্ধান্তৰ কথা প্ৰকাশ কৰি যে ভাৰতীয় জনতা দলে এখন শুদ্ধ এন আৰ চি বিচাৰে ।যাতে এন আৰ চিত এজনো বিদেশীৰ নাম অন্তৰ্ভূক্ত নহয় আৰু কোনো ভাৰতীয়ৰ নাম যাতে বাদ নপৰে ৷

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সমন্বয়ক প্ৰতীক হাজেলাই শেহতীয়াকৈ উচ্চলম ন্যায়ালয়ত যি ব্যক্তব্য দিছে,সেই সম্পৰ্কত বিজেপিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে প্ৰতীক হাজেলাই উচ্চতম ন্যায়ালয়ৰ কোনো নিৰ্দেশনা নোহোৱাকৈ খচৰাত সন্নিৱিষ্ট লোকৰ ২৭ শতাংশ পুনৰ নিৰীক্ষণ কৰা বুলি ন্যায়ালয়ত দাখিল কৰা ব্যক্তব্য গ্ৰহণ যোগ্য নহয় ৷

অসমৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে এন আৰ চিত নাম অন্তৰ্ভূক্ত হোৱা নাগৰিকৰ ২০ শতাংশ নাগৰিকৰ নাম পুনৰীক্ষণৰ বাবে উচ্চতম ন্যায়ালয়ত আৱেদন জনাইছে ।এই আৱেদন সম্পৰ্কত ন্যায়ালয়ৰ নিৰ্দেশনা নোহোৱাকৈ ২৭ শতাংশৰ পুনৰ নিৰীক্ষণ কৰা বুলি প্ৰতীক হাজেলাই যি মন্তব্য দিছে সেই মন্তব্য সত্যৰ ওপৰত আধাৰিত নহয় ৷গতিকে প্ৰতীক হাজেলাৰ এই স্থিতিয়ে অসমীয়া জাতিৰ কাৰণে শুভ ইংগিত বহন কৰা নাই। উল্লেখ্য যে এই বৈঠকত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জীত কুমাৰ দাসৰ লগতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিভিন্ন বিষয়াসকল উপস্থিত হৈছে ৷

৩১ জুলাইৰ পৰিবৰ্তে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুৰান্ত তালিকা প্ৰকাশ পাব ৩১ আগষ্টত । আজি উচ্চতম ন্যায়ালয়ে এন আৰ চি চুৰান্ত তালিকা প্ৰকাশৰ সময় সীমা বৃদ্ধিৰ আবেদন আৰু নমুনা পুনৰীক্ষণৰ বাবে কৰা আবেদনৰ ওপৰত শুনানি গ্ৰহণ কৰিছিল । শুনানিতে এন আৰ চিৰ চুৰান্ত তালিকা প্ৰকাশৰ দিন ৩১ আগষ্ট বুলি ঘোষণা কৰিছে । কেন্দ্ৰ আৰু এন আৰ চিৰ সম্বনয়কাৰী প্ৰতিক হাজেলাই উচ্চতম ন্যায়ালয়ত এন আৰ চি ৰ চুৰান্ত তালিকা প্ৰকাশৰ দিন বৃদ্ধি কৰিবলৈ আবেদন কৰিছিল ।

৩১ জুলাইত এন আৰ চিৰ চুৰান্ত খচৰা প্ৰকাশৰ দিন পিছুৱা আৰু এন আৰ চিৰ নমুনা সমূহ পুনৰীক্ষণ কৰাৰ বাবে অধিক সময় বিচাৰিছিল কেন্দ্ৰয়ে । সম্পূৰ্ণ এন আৰ চিত নাম অন্তৰ্ভুক্ত হোৱা ২ লাখ লোকক বিৰুদ্ধে আবেদন কৰাৰ হৈছিল ।২ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত আৰু বহিস্কাৰৰ সন্দৰ্ভত পুনৰীক্ষণৰ বাবে অধিক সময়ৰ প্ৰয়োজন বুলি কেন্দ্ৰয়ে উচ্চতম ন্যায়ালয়ক অবগত কৰিছিল। ভাৰতক শৰনাৰ্থীৰ ৰম্যভূমিলৈ পৰিনত হবলৈ দিয়া নহব বুলি প্ৰকাশ কৰে চলিচিটৰ জেনেৰেলে । ৰাজ্যত বানপানীৰ ফলত এন আৰ চিৰ পদ্ধতিত বিলম্ব কৰিছে বুলি প্ৰকাশ কৰিছিল। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ আৰ এফ নাৰিমানৰ বিচাৰপীঠক চলিচিটৰ জেনেৰেল তুষাৰ মেহতায়ে প্ৰকাশ কৰিছিল যে , যোৱা বছৰ প্ৰকাশ কৰা এন আৰ চিৰ খচৰাত বহুতো অবৈধ লোকৰ নাম অন্তৰ্ভুক্ত হৈছে ।

অন্য খবৰৰ বাবে পঢ়ক: ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী অসম: এন আৰ চিৰ চুৰান্ত তালিকা প্ৰকাশ পাব ৩১ আগষ্টত

Next Story
চাকৰি