বিগত লোকসভা নিৰ্বাচনত জয়লাভ কৰা সাংসদসকলৰ সম্বৰ্দ্ধনা অনুষ্ঠান

বিগত লোকসভা নিৰ্বাচনত জয়লাভ কৰা সাংসদসকলৰ সম্বৰ্দ্ধনা অনুষ্ঠান
Published on

বিগত লোকসভা নিৰ্বাচনত জয় লাভ কৰা সাংসদসকলক ৮ জুনত সম্বৰ্দ্ধনা জনাব ৰাজ্যিক বিজেপিয়ে ৷ সৰু সজাই ষ্টেডিয়ামত হ’ব লগা সম্বৰ্দ্ধনা অনুষ্ঠানটোত বহু বিজেপিৰ নেতা কৰ্মী উপস্থিত থাকিব।

সম্বৰ্দ্ধনা অনুষ্ঠানটিত নটা লোকসভা সমষ্টিৰ সাংসদ ক্ৰমে তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস,যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈ,ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলী,লক্ষীমপুৰৰ সাংসদ প্ৰদান বৰুৱা,কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লাহ,ডিফুৰ সাংসদ হৰেণ সিং বে’,মংগলদৈৰ সাংসদ দিলীপ শইকীয়া,গুৱাহাটীৰ সাংসদ কুইন ওঝা,শিলচৰ সাংসদ ৰাজদ্বীপ ৰয়,ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা উপস্থিত থাকিব ৷

উল্লেখ্য যে এই অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,ভাৰতীয় জনতা দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু বিজেপিৰ কেন্দ্ৰীয় নেতাও উপস্থিত থাকিব ৷

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com