Begin typing your search above and press return to search.

বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰূপম গোস্বামী আৰু ৰাজ্যিক মুখপাত্ৰ মমিনুল আৱালৰ সংবাদমেল:পশ্চিম বংগৰ ঘটনাক তীব্ৰ গৰিহণা

বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰূপম গোস্বামী আৰু ৰাজ্যিক মুখপাত্ৰ মমিনুল আৱালৰ সংবাদমেল:পশ্চিম বংগৰ ঘটনাক তীব্ৰ গৰিহণা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 May 2019 11:45 AM GMT

ৰাজ্যিক বিজেপিৰ হেঙাৰাবাৰীস্হিত মুখ্য কাৰ্যালয় আজি ৰাজ্যিক মুখপাত্ৰ ৰূপম গোস্বামী আৰু ৰাজ্যিক মুখপাত্ৰ মমিনুল আৱালে সংবাদমেল সম্বোধন কৰে । সংবাদমেলত পশ্চিমবংগত হোৱা আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৰূপম গোস্বামীয়ে । লগতে তেওঁ মন্তব্য কৰে যে, মমতা বেনাৰ্জীৰ নিৰ্দেশতে নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা আৰু পশ্চিমবংগৰ ৰাজ্যিক সভাপতি দিলীপ ঘোষক আক্ৰমণৰ পৰিকল্পনা কৰিছিল , এনে আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিছো।অনাগত দিনত 'নেডা'য়ে অন্যায়, অবিচাৰ বিৰুদ্ধে মাৰ বান্ধি ঠিয় দিছে বুলি প্ৰকাশ কৰে ।

ভাৰতীয় জনতা পাৰ্টীয়ে আক্ৰমণ কৰা কাৰ্য্যক লৈ সকিয়নি প্ৰদান কৰি কয় যে গণতন্ত্ৰ ৰখাৰ স্বাৰ্থত এক টুপাল তেজ থকালৈকে যুঁজ দি যাব।লগতে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে সংবাদমেলতে। তেওঁ নিৰ্বাচনৰ ২ টা পৰ্য্যায় বাকী থকাৰ সময়তে, কংগ্ৰেছে পৰাজয় স্বীকাৰ কৰিৱ নোৱাৰি মিথ্যাচাৰৰ আশ্ৰয় লৈছে। বিজেপিয়ে কেৱল ক্ষমতাৰ বাবে শাসনৰ গাদী দখল কৰা নাই, দেশৰ জনতা আৰু দেশত সুস্থ সাংস্কৃতিক বাতাবৰণৰ গঢ়ি তুলিবলৈ সক্ষম হৈছে বিজেপি । কংগ্ৰেছক সমালোচনা কৰি কয় যে কংগ্ৰেছ হল টকাৰ উপাসক আৰু ভাৰতীয় জনতা পাৰ্টি নৰৰূপী নাৰায়নৰ উপাসক।

কংগ্ৰেছে ৰাজনীতিত কেৱল দুৰ্নীতি কৰি ৭০ টা বছৰে শাসন কৰি অহা ভাৰতৰ জনসাধাৰণে দেখি আহিছে। লগতে কয় যে যোৱা ৫ টা বছৰত বিজেপিয়ে কোনো দুৰ্নীতি কৰা নাই। নৰেন্দ্ৰ মোডী দেশৰ প্ৰথম জন প্ৰধান মন্ত্ৰী যোনে প্ৰতিশ্ৰুতি ৰাখিছে । কংগ্ৰেছে দুৰ্নীতি কৰি পৰিয়াল কেন্দ্ৰিক ৰাজনীতি চলাই গৈছে বুলিও প্ৰকাশ কৰে।

যোৱা বাৰতকৈ ভোট দানৰ হাৰ বাঢ়িছে কিন্তু কংগ্ৰেছে ভোটৰ হাৰ বৃদ্ধি হোৱাটো বিচৰা নাছিল। সেই বাবে নব প্ৰজন্মক ধন্যবাদ জ্ঞাপন কৰে ৰূপক গোস্বামীয়ে ।

লগতে প্ৰকাশ কৰি যে এগৰাকী প্ৰাক্তন বিধায়কে স্বায়ত্ত শাসন বিচাৰি বন্ধৰ আহ্বান দিছে সেই কথাক তীব্ৰ ভাষাৰে গৰিহণা দিছো বুলি প্ৰকাশ কৰে মমিনুল আৱালে।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি