Begin typing your search above and press return to search.

বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চয়ে অসম চুক্তিৰ ৬ দফা ৰূপায়ণৰ ক্ষেত্ৰত আপত্তি দৰ্শাই

বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চয়ে অসম চুক্তিৰ  ৬ দফা ৰূপায়ণৰ ক্ষেত্ৰত আপত্তি দৰ্শাই

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Aug 2019 9:54 AM GMT

বুধবাৰে বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চয়ে প্ৰকাশ কৰে যে, অসম চুক্তিৰ ৬ দফাৰ গঠিত পেনেলটো লক্ষ্য বিহিন আৰু সঠিক ধাৰণা বিহিন । বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ সভাপতি জনকলাল বসুমতাৰীয়ে প্ৰকাশ কৰে যে, পেনেল কমিটিয়ে কোন সকল অসমীয়া লোক আৰু কোন সকল থলুৱা লোক সেই সম্পৰ্কে প্ৰকৃত জ্ঞান নাই । তেওঁলোকৰ অনুপ্ৰবেশকাৰী সকলৰ সন্দৰ্ভত প্ৰকৃত তথ্য নাই । ১৯৭১ ভিত্তি বৰ্ষ হিচাপে লৈ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ মতে বিদেশীক চিনাক্ত কৰিছে বুলি প্ৰকাশ কৰে ।

লগতে তেওঁ প্ৰকাশ কৰে যে , ভূমি সংৰক্ষণ আৰু ৰাজনৈতিক সংৰক্ষণ দুটা বিশেষ সংৰক্ষণ ব্যৱস্থা। এই সংৰক্ষণ কেৱল জনগোষ্ঠীয় লোক সকলক দিয়া হয় ।

উল্লেখযোগ্য যে অসম চুক্তিৰ ষষ্ঠ দফাক সন্মুখত ৰাখি নৰ্থ ব্লকস্থিত কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ কাৰ্যালয়ত কেন্দ্ৰই গঠন কৰি দিয়া উচ্চ পৰ্যায়ৰ কমিটীৰ দুখন বৈঠক অনুষ্ঠিত হৈছে ৷ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বাধীন উচ্চস্তৰীয় সমিতিখনৰ প্ৰথমখন বৈঠকত অসমৰ এখন খিলঞ্জীয়া জনজাতীয় সদস্যৰ অন্তৰ্ভূক্তিৰো সিদ্ধান্ত কৰা হয় আৰু এই বৈঠকত ছয় নং দফা ৰূপায়ণ সন্দৰ্ভত এক ৰূপৰেখা প্ৰস্তুত হোৱাৰ সম্ভৱনা আছে।

অসম চুক্তিৰ ছয় নং দফা ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া এই ১৩ জনীয়া সমিতিৰ প্ৰথম বৈঠকতে খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষা কৱচৰ সৈতে নিগম,নিকায়,বিধানসভা আৰু সংসদত অসমৰ খিলঞ্জীযাৰ বাবে আসন সংৰক্ষণ কৰা,ভূমি সংৰক্ষণ আৰু কেন্দ্ৰীয় চাকৰিতো অসমৰ খিলঞ্জীয়াৰ বাবে সংৰক্ষণৰ বিষয়টো সন্নিবিষ্ট কৰে ৷সংসদৰ ভৱনত বিয়লি ৬ বজাত কমিটীৰ সদস্যসকলৰ সৈতে হোৱা বৈঠকত অমিত শ্বাহে বিভাগীয় ৰাজ্যমন্ত্ৰী জি কিষাণ ৰেড্ডীৰ দৰেই অসম চুক্তিৰ ষষ্ঠ দফা ৰপায়নৰ বাবে কেন্দ্ৰৰ সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷উল্লেখ্য যে এই বৈঠকখনত ৰমেশ বৰপাত্ৰগোহাঁই,নিলয় দত্ত,পল্লৱ ভট্টাচাৰ্য,সুমন্ত চলিহা,সৃষ্টিধৰ দত্ত,জয়কান্ত শৰ্মা,ৱাছবিৰ হুছেইন,সমুজ্জ্বল ভট্টাচাৰ্য,দীপাংক কুমাৰ নাথ আৰু লুৰীণজ্যোতি গগৈ উপস্থিত আছিল ৷

দ্বিতীয় বৈঠকত অসম চুক্তি ৬ দফাৰ থলুৱাৰ ভূমি সংৰক্ষণ, সংসদত আসন সংৰক্ষণ, কেন্দ্ৰীয় চৰকাৰৰ চাকৰি, পি এচ ইউ এচ আৰু অসমীয়াৰ অন্যান্য ব্যক্তিগত সংস্থা, কমিটিৰ নতুন নীতি আৰু পৰামৰ্শ আদি আলোচনা কৰা হয় । ১৯৯৮ চনত কেন্দ্ৰৰ প্ৰাক্তন গৃহ সচিব জি কে পিল্লাইৰ নেতৃত্বত গঠন কৰা কমিটীয়ে এই ক্ষেত্ৰত ইতিমধ্যে এটা দিহা প্ৰদান কৰা হৈছে ৷

অন্য খবৰৰ বাবে পঢ়ক: অসম চুক্তি: ভূমি অধিকাৰ, সংসদৰ আসন সংৰক্ষণৰ সন্দৰ্ভত আলোচনা

ভিডিঅ প্ৰতক্ষ্য কৰক : Teok artisan makes bamboo-cane made national flags for I-day

Next Story
চাকৰি