Begin typing your search above and press return to search.

বন্য হস্তীৰ উপদ্ৰৱত ক্ষুব্ধ হৈ বিহগুৰিত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন

বন্য হস্তীৰ উপদ্ৰৱত ক্ষুব্ধ হৈ বিহগুৰিত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Nov 2019 7:52 AM GMT

বন্য হস্তীৰ উপদ্ৰৱত ক্ষুব্ধ হৈ বিহগুৰিত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন।‌শনিবাৰে শোণিতপুৰৰ বৰছলা সমষ্টিৰ অন্তৰ্গত বিহগুৰি অঞ্চলত প্ৰায় শ শ লোকে বন বিভাগৰ বিৰুদ্ধে ওলাই আহি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলে । বিহগুৰি অঞ্চলৰ সহস্ৰাধিক পুৰুষ মহিলাই দিনৰ ১১ বজাৰ পৰা ২ বজালৈ হাতত বেনাৰ লৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে ।

প্ৰতিবাদী দলটোৱে চৰকাৰ আৰু বিভাগৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ কাৰ্যসূচী উত্তাল কৰি তোলে । লগতে দলটোৱে গাওঁত বনৰীয়া হাতীৰ ফলত হোৱা শংকা অনতিপলমে ৰোধ কৰাৰ দাৱী কৰে ।

অঞ্চলটোৰ লোক সকলে বিগত বহু কেইমাহ ধৰি বনৰীয়া হাতীয়ে পৰিভ্ৰমণ কৰাৰ ফলত উজাগৰি নিশা কটাবলগীয়া হৈছে । বনৰীয়া হাতীয়ে অঞ্চলটোৰ খেতি পথাৰ ঘৰ দুৱাৰ আদি ভাঙি তহিলং কৰে ।

শুকুৰবাৰে নিশা প্ৰায় ৮০/৯০ টা বনৰীয়া হাতীয়ে বৰছলা সমষ্টিৰ অন্তৰ্গত অঞ্চলটোত খাদ্যৰ সন্ধানত পৰিভ্ৰমণ কৰে। হাতীৰ জাকটোৱে মোৱামাৰি , বিহগুৰি , বাহবাৰী , ডিপোটা আদি অঞ্চলৰ ঘৰ দুৱাৰৰ লগতে খেতি পথাৰ আদিও তহিলং কৰে। যাৰ ফলত অঞ্চলবাসীৰ ওপৰত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে ।

বিগত কেইবা বছৰ ধৰি বনৰীয়া হাতীয়ে জনাঞ্চলত প্ৰৱেশ কৰি অঞ্চলটোৰ ৰাইজৰ যথেষ্ট ক্ষতিসাধন কৰি আহিছে। পোনাই ৰূপাই অভয়াৰণ্য , নামেৰি ৰাষ্ট্ৰীয় উদ্যান‌, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অঞ্চলৰ লোক সকলৰ বনৰীয়া হাতীৰ ফলত ক্ষতি সাধন হয় । তদুপৰি সময়মতে বনবিভাগে গাওঁৱাসীক সহায় কৰিব নোৱাৰাৰ দাবীও উত্থাপন কৰে প্ৰতিবাদী দলটোৱে ।

পোনাই ৰূপাই আদি অঞ্চলত ব্যাপক হাৰত হোৱা বে দখলৰ বাবেই হাতীৰ আশ্ৰয়স্থল নোহোৱা হৈছে । যাৰ ফলত আশ্ৰয় আৰু খাদ্যৰ অভাৱত বনৰীয়া হাতী জাক জনবসতিপূৰ্ণ অঞ্চললৈ ওলাই আহি উপদ্ৰৱ চলাই । ফলত দিনক দিনে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত ।

প্ৰতিবাদী দলটোৱে হাতীৰ উপদ্ৰৱৰ পৰা ৰাইজক সুৰক্ষা দিয়াৰ দাৱী জনায় বন বিভাগক ।

অন্য খবৰৰ বাবে পঢ়ক: আছাম প্ৰেছ কৰছপণ্ডেন্টছ ইউনিয়নে পালন কৰিলে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস

ভিডিঅ প্ৰতক্ষ্য কৰক: Govt all set to push for the contentious Citizenship Bill in the winter session of Parliament

Next Story
চাকৰি