মাজুলীৰ ভকত চাপৰিত পৰিদৰ্শন ব্ৰহ্মপুত্ৰ বৰ্ডৰ অধক্ষ্য ৰাজীৱ যাদবৰ

মাজুলীৰ ভকত চাপৰিত পৰিদৰ্শন ব্ৰহ্মপুত্ৰ বৰ্ডৰ অধক্ষ্য ৰাজীৱ যাদবৰ

মাজুলীৰ গৰাখহনীয়া ৰোধৰ ১৯৪ কোটি টকীয়া প্ৰকল্পৰ কামত বিসংগতি সংঘটিত হৈছে । ভকত চাপৰিত গৰাখহনীয়া ৰোধৰ বাবে যি প্ৰকল্পৰ কাম চলি আছে সেই কামৰ মানদণ্ড উন্নত নহয় আৰু চৰকাৰী ধনৰ অপব্যৱহাৰ হোৱাৰ ৰিপোৰ্ট প্ৰকাশ কৰাৰ পাছতে বৃহস্পতি বাৰে ব্ৰক্ষপুত্ৰ বৰ্ডৰ অধক্ষ্য ৰাজীৱ যাদবে স্থানত গৈ পৰিদৰ্শন কৰে । অধক্ষ্য ৰাজীৱ যাদবৰ লগতে ব্ৰহ্মপুত্ৰ বৰ্ডৰ অন্যান্য বিষয়া সমুহ আৰু জিলা উপায়ুক্ত নৰেন দাস , জিলা প্ৰশাসনৰ বহু কেইজন বিষয়া উপস্থিত থাকে ।

পৰিদৰ্শন কৰি অধক্ষ্য ৰাজীৱ যাদবে প্ৰকাশ কৰে যে," প্ৰকল্পৰ কামৰ মানদণ্ড ক্ষেত্ৰত কোনো আপোচ কৰা নহব ।" লগতে ৰাজীৱ যাদবে প্ৰকাশ কৰে যে ,"ভকত চাপৰিত ১.০২ কিলোমিটাৰ গৰাখহনীয়া ৰোধৰ কাম কৰি থকা হৈছে । এয়া প্ৰকল্পটোৰ এটা অংশহে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ নিৰ্দেশ পৰিদৰ্শন কৰাৰ পাছত ফেব্ৰুৱাৰী মাহত এই অংশ অন্তভূক্ত কৰা হৈছে । "

মাজুলীৰ গৰাখহনীয়া ৰোধৰ প্ৰকল্পৰ কামৰ অগ্ৰগতিৰ ওপৰত আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে ।

বুধবাৰে জিলা উপায়ুক্তয়ে মাজুলীৰ ভকত চাপৰি ৰ গুৰুখুটি অঞ্চলত পৰিদৰ্শন কৰিছিল। পৰিদৰ্শন কৰি প্ৰকাশ কৰে গৰাখহনীয়া ৰোধৰ এই প্ৰকল্পৰ কামত চৰকাৰী ধনৰ অপব্যৱহাৰ কৰা হৈছে ।৭ মেত ব্ৰহ্মপুত্ৰ বৰ্ডৰ সহকাৰী অভিযন্তাক MDC/PA/2016/vol-l নম্বৰ পত্ৰ প্ৰেৰণ কৰাৰ পিছত জিলা উপায়ুক্তক ব্যবস্থা গ্ৰহণ কৰি ৩ দিনৰ ভিতৰত ৰিপোৰ্ট জমা দিবলৈ নিৰ্দেশ দিয়ে ।

মাজুলীৰ জিলা উপায়ুক্তয়ে পত্ৰ খনত লগতে প্ৰকাশ কৰে যে ভৰ্তি বালিৰ বেগৰ পৰিবৰ্তে খালী বেগ ব্যৱহাৰ কৰা হৈছে নদী বান্ধত । লগতে নিৰ্মাণ কাৰ্যত ভ্ৰষ্টাচাৰ আৰু চৰকাৰী ধনৰ অপব্যৱহাৰ কৰিছে বুলি প্ৰকাশ কৰে । লগতে প্ৰকাশ কৰে যে গৰাখহনীয়া ৰোধৰ কামত সঠিক পৰ্যবেক্ষনৰ অভাৱ হোৱাৰ পৰিপ্ৰেক্ষিতত নদীদ্বীপৰ লোকসকলৈ ভাবুকি কঢ়িয়াই আনিছে ।

ব্ৰক্ষপুত্ৰ বৰ্ডৰ অধিনত মাজুলীত গৰাখহনীয়া ৰোধৰ বাবে ১৯৪ কোটি টকীয়া প্ৰকল্পৰ কাম চলি আছে । এই প্ৰকল্পটো কেন্দ্ৰীয় চৰকাৰৰ আচনিৰ অধিনত । ২০১৭ চনৰ ডিচেম্বৰ মাহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ উপস্থিতিত কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডকাৰীয়ে এই প্ৰকল্পটো উদ্বোধন কৰিছিল। এই প্ৰকল্পটো অৰুণাচল প্ৰদেশৰ কেটি ইঞ্জিনিয়াৰিং কোম্পানীয়ে লাভ কৰে ।আঁচনি খন কেন্দ্ৰীয় চৰকাৰে ২০১৭ চনৰ মাৰ্চ মাহত অনুমোদন জনাইছিল। ডনাৰ মন্ত্ৰালয়ে আচনি খনৰ মূলধন ব্যয় কৰিছে ।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com