Begin typing your search above and press return to search.

মলঙ ছবিত চিৰিয়েল কিলাৰৰ চৰিত্ৰত বলীউডৰ অভিনেতা আদিত্য ৰয় কাপুৰ

মলঙ ছবিত চিৰিয়েল কিলাৰৰ চৰিত্ৰত বলীউডৰ অভিনেতা আদিত্য ৰয় কাপুৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 July 2019 1:06 PM GMT

আদিত্য ৰয় কাপুৰ ছবি কলংক বক্স অফিচত সফলতা লাভ কৰিবলৈ সক্ষম নহ’ল যদিও আদিত্যৰ লগত সম্প্ৰতি বহু বৃহৎ ছবিৰ প্ৰস্তাৱ আছে। আৰু এইসকলো ছবিত আদিত্য ৰয় কাপুৰে ভিন্ন ধৰ্মী ছবিত অভিনয় কৰিছে ৷ মহেশ ভাট্টৰ ছবি সড়কত আদিত্য ৰয় কাপুৰে এক গুৰুত্ব পূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ৷ইয়াৰোপৰি মলঙ ছবিতহ আদিত্য ৰয় কাপুৰে নেতিবাছক অৰ্থাৎ ভিলেইনৰ চৰিত্ৰত অভিনয় কৰিব ৷ আৰু হত্যা,ধৰ্ষণৰ লগত সম্পৰ্ক থকা এই ছবিখন এখন প্ৰতিষোধ ধৰ্মী ছবি হ’ব বুলি অনুমান কৰা হৈছে ৷

ইফালে ছবিখনত আদিত্য ৰয় কাপুৰৰ লগতে দিশা পাটানী,অনিল কাপুৰ আৰু কুণাল খেমুকো দেখা যাব ৷বাৰিষাৰ কাৰণে ইতিমধ্য ছবিখনৰ দৃশ্য গ্ৰহণ কৰিব পৰা নাই ৷ অন্যহাতে কলংক ছবিৰ ব্যৱসায়িকভাৱে অসফলতাৰ পিছত আদিত্য ৰয় কাপুৰে অলপ ভিন্ন ধৰ্মী চৰিত্ৰৰে বলীউডত প্ৰবেশ কৰিব বিচাৰিছে ৷

উল্লেখ্য যে সম্প্ৰতি দৰ্শকসকল সাধাৰণ অভিনেতা চৰিত্ৰতকৈ কবীৰ সিঙত ছাহিদ কাপুৰ,বাজীগৰত শ্বাহৰুখ খান,বদলাপুৰত বৰুণ ধাৱনৰ চৰিত্ৰটোক অনুৰাগীয়ে আদৰি লৈছিল ৷গতিকে মলঙ ছবিত আদিত্য ৰয় কাপুৰৰ চৰিত্ৰটোক আদৰি ল’ব বুলি আশা কৰিছে ছবিখনৰ কলা কুশলীয়ে ৷

অধিক খবৰৰ বাবে পঢ়ক: দৃশ্যগ্ৰহণত ব্যস্ত বলীউডৰ অভিনেতা আদিত্য ৰয় কাপুৰ আৰু দিশা পাটানী

Next Story
চাকৰি