Begin typing your search above and press return to search.

কৰণ জোহৰৰ ছবিত পুনৰ জাহ্নৱী কাপুৰ আৰু ইশান খাট্টাৰ

কৰণ জোহৰৰ ছবিত পুনৰ জাহ্নৱী কাপুৰ আৰু ইশান খাট্টাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 July 2019 11:12 AM GMT

বলীউডৰ অভিনেত্ৰী জাহ্নৱী কাপুৰ আৰু ঈশান খট্টৰৰ ধড়ক ছবিয়ে শনাবাৰে একবছৰ সম্পূৰ্ণ কৰিলে ৷ ধড়ক ছবিখন জাহ্নৱী কাপুৰৰ ডেবিউ ছবি আছিল ৷ আৰু ঈশান খট্টৰৰৰ দ্বিতীয় ছবি আছিল । ছবিখন নিৰ্মাণ কৰিছিল কৰণ জোহৰে ৷ ছবিখনে একবছৰ সম্পূৰ্ণ কৰাৰ পিছত কৰণ জোহৰে পুনৰ জাহ্নৱী আৰু ঈশানক ৰূপালী পৰ্দালৈ আনিবৰ কাৰণে চেষ্টা কৰিছে।

এক বিশেষ তথ্য অনুসৰি কৰণ জোহৰে অনতি পলমে জাহ্নৱী আৰু ঈশানৰ লগত এখন ছবি নিৰ্মাণ কৰাৰ কথা ভাবিছে ৷এই ছবিখনৰ নিৰ্দেশন কৰিব বিজয় নাম্বিয়াৰে ৷ ছবিখন হ’ব এখন ৰোমান্টিক ছবি৷ জাহ্নৱী আৰু ইশান সম্প্ৰতি নিজৰ ছবিত ব্যস্ত আছে ৷তাৰ ভিতৰত জাহ্নৱী এয়াৰ ফৰ্চ পাইলট গুঞ্জন শৰ্মাৰ বায়পিকত ব্যস্ত আছে ।

ইয়াৰ উপৰিও জাহ্নৱী কাপুৰ ৰাজকুমাৰ ৰাওৰ লগত ছবি ৰহী অফজাৰ ছবিৰ দৃশ্য গ্ৰহণত ব্যস্ত আছে। লগতে কৰণ জোহৰৰ ছবি তখত ছবিত ব্যস্ত আছে জাহ্নৱী কাপুৰ ৷ইফালে অন্যন্যা পাণ্ডেৰ লগত ঈশান খট্টৰে পৰিচালক আলী আব্বাছ জফৰৰ ছবিৰ দৃশ্যগ্ৰহণত ব্যস্ত হৈ পৰিব।

কাপুৰ পৰিয়ালৰ যুৱতীসকলৰ ভিতৰত বলীউডৰ অভিনেত্ৰী জাহ্নৱী কাপুৰৰ পিছত শেহতীয়া বি টাউনলৈ যাত্ৰা কৰিব খুশী কাপুৰে৷ এই কথা প্ৰকাশ কৰিছে খুশী কাপুৰে ৷ জাহ্নৱী কাপুৰ আৰু খুশী কাপুৰ শেহতীয়াকৈ এক অনুষ্ঠানত মন্তব্য কৰে নিজৰ ব্যক্তিগত জীৱনৰ কথা। ব্যক্তিগত জীৱনৰ লগতে খুশীয়ে বলীউডলৈ যাত্ৰা কৰাৰ কথা ঘোষণা কৰে ৷

খুশী কাপুৰে কয় যে,মই অনতিপলমে বলীউডলৈ যাত্ৰা কৰিম ৷ প্ৰথম ছবিখন কৰণ জোহৰৰ লগত কৰিব বিচাৰোঁ ৷লগতে খুশী কাপুৰে অভিনয় কৰা ছবিখনৰ হিৰো নিৰ্বাচন কৰাৰ ক্ষেত্ৰত কয় যে মোৰ ছবিত হিৰো মোৰ পিতৃয়ে নিৰ্বাচন কৰিব ৷ কাৰণ তেওঁ মোক লৈ যথেষ্ট দায়িত্বশীল ৷ লগতে খুশী কাপুৰে কয় যে মোক লৈ ঘৰত যথেষ্ট দায়িত্বশীল এটা পৰিবেশ থাকে ৷ কাৰণ মই ঘৰৰ সকলোতকৈ সৰু ৷ মই ক’ত আছো?কাৰ লগত আছো ?কিমান সময়লৈকে আছো?এই সকলোবোৰ খবৰ মোৰ পিতৃয়ে ৰাখে।

এবাৰ মই মোৰ বন্ধুৰ লগত থাঁকোতে পাপায়ে মোৰ আৰু বন্ধুৰ ফ’টোও খুজিছিল ৷ কাৰণ মোৰ পাপায়ে বিছাৰে যে মই এজন ভাল মানুহৰ লগত থাকোঁ ৷ মই কাৰ লগত আছোঁ সেই কথাই তেওঁক চিন্তিত কৰি থাকে ৷ যদি মই ভাল মানুহৰ লগত থাকোঁ তেন্তে তেওঁৰ কোনো চিন্তা নাই। সেয়েহে পিতৃ বনী কাপুৰে খুশী কাপুৰৰ ছবিত হিৰো নিৰ্বাচন কৰিব ।

অন্য খবৰৰ বাবে পঢ়ক: সোনম কাপুৰ আৰু অৰ্জুন কাপুৰৰ ভিতৰত কাৰ অভিনয় ভাল পায় অংশুলাই ?

Next Story
চাকৰি