ঈদৰ পবিত্ৰ ক্ষনত বলীউডৰ ভাইজান ছলমানৰ খানৰ ছবিৰ সফলতা

ঈদৰ পবিত্ৰ ক্ষনত বলীউডৰ ভাইজান ছলমানৰ খানৰ ছবিৰ সফলতা

ঈদৰ শুভক্ষণত ছলমান খানৰ ভাৰত ছবিয়ে মুক্তি লাভ কৰিছে ৷ আমি বিগত সময়ত প্ৰত্যক্ষ কৰি আহিছো যে ছলমান খানৰ যিকোনো ছবিয়ে ঈদত মুক্তি লাভ কৰে ৷ ঈদত ছলমান খান এতিয়ালৈকে ৯ খন ছবি মুক্তি লাভ কৰিছে ৷ভাৰত হৈছে ছলমান খানৰ ১০ নম্বৰ ছবি ৷ মন কৰিব লগীয়া কথা এয়ে যে ছলমান খানৰ এতিয়ালৈকে ঈদত মুক্তি লাভ কৰা ৮ খন ছবিয়েই মুক্তি লাভ কৰিছে ৷২০০৯ চনত ছলমানৰ খানৰ ছবি ৱান্টেট ছবি মুক্তি লাভ কৰিছিল ৷ আহক চাওঁ ছলমান খানৰ ঈদত মুক্তি লাভ কৰা ছবিৰ তালিকাঃ

২০১৮ চনত ছলমান খানৰ ৰেছ ৩ য়ে মুক্তি লাভ কৰে। ৰেছ আৰু ৰেছ ২ ৰ ৰোমাঞ্চকৰ যাত্ৰাৰ পিছত ২০১৮ ত মুক্তি পায় ৰেছ ৩৷ ৰেমো ডিছুজাৰ নিৰ্দেশনাৰ নিৰ্মাণ হোৱা ৰেছ ৩ ত অভিনয় কৰিছল ছলমান খান,অনিল কাপুৰ,জেকলিন ফাৰ্নাণ্ডেজ,ববী দেউল আৰু ডেজী শ্বাহ ৷

২০১৭ চনৰ ঈদত মুক্তি লাভ কৰে টিউব লাইটে। ভৰত সিং বিষ্ট আৰু লক্ষ্মণ সিঙৰ কাহিনীৰে নিৰ্মিত হয় টিউবলাইট। এই ছবিখনত ভৰত সিঙৰ চৰিত্ৰত অভিনয় কৰিছিল চোহেইল খানে আৰু লক্ষ্মন সিঙৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমান খানে ৷জন্মগত ভাৱে শিশু সুলভ লক্ষ্মণ সিঙে ভৰত সিঙক বিছাৰি ঘৰৰ পৰা ওলাই যায় ৷কাৰণ লক্ষ্মণ সিং পেছাগত ভাৱে সেনাত যোগদান কৰে। ছবিখনৰ পৰিচালক কবীৰ খান ৷ কিন্তু ছবিখনে সফলতা লাভ কৰিব নোৱাৰিলে ৷

২০১৬ চনৰ ঈদত মুক্তি লাভ কৰে চুলতানে ৷ অলী অব্বাছ জফৰৰ পৰিচালনেৰে নিৰ্মিত চুলতানৰ কাহিনী এজন ৰেছলাৰৰ। মৰম,ভালপোৱা,খেল আদিৰে নিৰ্মিত ছবিখনত বলীউডৰ অভিনেত্ৰী অনুস্কা শৰ্মাৰ ছলমান খানৰ পত্নীৰ ভূমিকাত অভিনয় কৰিছে ৷

২০১৫ চনৰ ঈদত মুক্তি লাভ কৰে বজৰংগী ভাইজানে ৷ছলমান খান আৰু শিশু অভিনেত্ৰী হৰ্ষিল মালহোত্ৰাই অভিনয় কৰা ছবিখনৰ কাহিনীটোক আকোঁৱালি লৈছিল অনুৰাগীয়ে। এজনী পাকিস্তানী ছোৱালীয়ে নিজৰ পৰিয়ালৰ পৰা বিচ্ছেদ হোৱাৰ পিছত ভাৰতত প্ৰবেশ কৰে ।ছবিখনত মুন্নিৰ চিনাকি ছলমান খান অৰ্থাৎ পবন কুমাৰ চতুৰ্বেদীৰ লগত হয় ।আৰু পাকিস্তানত ছলমান খানে মুন্নিক লৈ যোৱাৰ যি যাত্ৰা তাক লৈ নিৰ্মাণ হৈছে বজৰংগী ভাইজান ৷

২০১৪ চনত মুক্তি লাভ কৰে কিক ছবিখনে ৷ ছবিখনৰ কাহিনী দেবী লাল সিঙৰ ওপৰত নিৰ্মাণ কৰা । এগৰাকী চিভিল ইঞ্জীনীয়াৰিঙৰ ছাত্ৰই মানুহক সহায় কৰি লাভ কৰা কিকৰ সম্পৰ্কে দেখুওৱা হৈছে কিক ছবিখনত ।কিক ছবিখন তেলেগু ছবি কিকৰ ৰিমেক ৷

২০১২ চনত মুক্তি পায় এক থা টাইগাৰ ছবিখন ৷ছবিখনৰ কোড নাম আছিল টাইগাৰ ৷ছবিখনত কেটৰীনা কাইফেও অভিনয় কৰিছিল ৷

২০১১ চনত মুক্তি লাভ কৰে বডীগাৰ্ড ছবিখনে ৷ ছবিখনত ছলমান খানে এজন বডীগাৰ্ডৰ ভূমিকাত অভিনয় কৰে ৷কিন্তু ছবিখনত ছলমান খানৰ মালিকৰ জীয়ৰীৰ অৰ্থাৎ কৰীনা কাপুৰৰ লগত প্ৰেম হয় ৷

২০১০ চনত মুক্তি লাভ কৰে দাবাং ছবিখনে ৷দাৱাং ছবিখনত ছলমান খানে চুলবুল পাণ্ডেৰ চৰিত্ৰত অভিনয় কৰে ৷ এই ছবিখনত ছলমানৰ খানৰ লগত আছিল বলীউডৰ আন এগৰাকী অভিনেত্ৰী সোনাক্ষী সিন্হা ৷

২০০৯ চনত মুক্তি লাভ কৰে ৱান্টেড ছবিখনে ৷এই ছবিখনত ছলমান খানে ৰাধে নামৰ এজন গেষ্টাৰৰ নাম ভূমিকাত অভিনয় কৰে আৰু পিছত আয়েশা টাকিয়া লগত প্ৰেম হয় ৷কিন্তু আয়েশা টাকিয়াই ৰাধে অৰ্থাৎ ছলমান খানক বিভিন্ন কামৰ পৰা দূৰত থাকিবলৈ কয় ।

এইয়া আছিল ছলমান খানৰ ঈদত মুক্তি লাভ ছবি ৷উল্লেখ্য যে,আজি পবিত্ৰ ঈদত মুক্তি লাভ কৰা ছলমান খানৰ ভাৰত ছবিয়ে দৰ্শকক কেনেধৰণে আকোঁৱালি লয় সেয়া হ’ব লক্ষ্যনীয় ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com