ভাৰত পাকিস্তানৰ খেলত আনন্দিত বলীউড: ছ’চিয়েল মিডিয়াৰ জৰিয়তে দিলে শুভকামনা

ভাৰত পাকিস্তানৰ খেলত আনন্দিত বলীউড: ছ’চিয়েল মিডিয়াৰ জৰিয়তে দিলে শুভকামনা

ভাৰত পাকিস্তানৰ খেলে সম্প্ৰতি প্ৰভাৱ পেলাইছে বলীউড জগতত৷ আইচিচি বিশ্ব কাপ ২০১৯ ৰ বহুপ্ৰতীক্ষিত ইণ্ডিয়া পাকিস্তান খেলত ভাৰতীয় ক্ৰিকেট দলে পাকিস্তানক ৮৯ ৰানত পৰাস্ত কৰে ৷ইফালে ৰনবীৰ সিঙে ভাৰতীয় ক্ৰিকেট দলৰ জয় পিছতেই বিশেষভাৱে আলিংগন কৰে শিখৰ ধাৱানক। আৰু ভাৰত পাকিস্তানৰ খেলত কমেন্ট্ৰীও কৰে ৷

খেল আৰম্ভ হোৱাৰ পূৰ্বে ৰনৱীৰ সিঙে খেল পথাৰৰ বাহিৰত শিখৰ ধাৱানৰ লগত বহুত আনন্দ কৰে ৷ সম্প্ৰতি এই ফ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। দেওবাৰে ভাৰত পাকিস্তান খেলৰ পিছতেই বলীউডৰ বহু ৰথী মহাৰথীয়ে টীম ইণ্ডিয়াক শুভেচ্ছা জ্ঞাপন কৰিছে ৷ তাৰ ভিতৰত ছলমান খান,স্বৰা ভাস্কৰ,আশা ভোশলে,তমন্না ভাটিয়া,ৰনদীপ হুদা,ৰিতেশ দেশমুখ আদি ৷

উল্লেখ্য যে ৰনৱীৰ সিঙে সম্প্ৰতি ৮৩ ছবিখনৰ দৃশ্য গ্ৰহণ কৰি আছে ৷এই ছবিখন ১৯৮৩ ৰ ভাৰতীয় ক্ৰিকেট দলৰ বিশ্ব কাপৰ ওপৰত আধাৰিত। ৮৩ ছবিখনত ৰনৱীৰ সিঙে প্ৰাক্তন ক্ৰিকেটাৰ কপিল দেৱৰ চৰিত্ৰৰ ভূমিকাত অভিনয় কৰিছে ৷কপিল দেৱৰ জীৱনৰ ওপৰত আধাৰিত ছবিখনক লৈ যথেষ্ট উৎসুক প্ৰকাশ কৰিছে ৰনৱীৰ সিঙৰ ৷

কপিল দেৱৰ সন্দৰ্ভত মন্তব্য কৰি ৰনৱীৰ সিঙে কয় যে কপিল ছাৰৰ লগত সময় কটাবলৈ মই বহুত উৎসুক ৷কাৰণ কপিল দেৱৰ লগত কটোৱা মুহুৰ্তসমূহে ছবিখনত অভিনয় কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব ৷ কপিল দেৱৰ কাহিনী, অনুভৱ, বিচাৰধাৰা,ভাৱনা,ভাবধাৰ আদি সকলো অনুভৱ ছবিখনৰ জৰিয়তে বাস্তৱায়িত কৰিবৰ চেষ্টা কৰিব ৷

লগতে অভিনেতা ৰনৱীৰ সিঙে কয় যে কপিল দেৱৰ পৰা বহু ক্ৰিকেটাৰে টিপছ ল’বৰ কাৰণে উৎসুকতা প্ৰকাশ কৰে ৷ৰনৱীৰৰ অনুসৰি কপিল দেৱৰ উপলব্ধি অসাধাৰণ ৷ কপিল দেব হৈছে এজন দৃঢ়তাসম্পন্ন ব্যক্তি ৷প্ৰচুৰ আত্মবিশ্বাস,প্ৰচুৰ ইচ্ছাশক্তি,এক সকৰাত্মক মানসিকতাৰ মাধ্যমেৰে কপিল দেৱ এজন সফল খেলুৱৈ হৈছে ৷লগতে অভিনেতা ৰনৱীৰ সিঙে কয় যে,কপিল দেৱৰ পৰা তেওঁ বহুত প্ৰেৰণা লাভ কৰিছে ৷

অন্যহাতে এই ৰোমাঞ্চকৰ চৰিত্ৰটোত অভিনয় কৰাৰ কাৰণে নিজকে প্ৰস্তুত কৰিছে ৰনৱীৰ সিঙে ৷উল্লেখ্য যে ৰনৱীৰ সিঙে ৮৩ ছবিখনৰ দৃশ্যগ্ৰহণ ইংলেণ্ডৰ প্ৰতিষ্ঠিত লৰ্ডছ ক্ৰিকেট ষ্টেডিয়ামত হ’ব। যাতে ১৯৮৩ চনত বিশ্ব কাপ জয়ী হোৱাৰ ক্ষণক পুনৰাই ৰোমান্থন কৰিব পাৰে ৷আৰু সেই সময়ত কপিল দেৱে টীম ইণ্ডিয়াৰ অধিনায়কৰ ৰূপত বিশ্ব কাপ জয়ী হৈছিল ৷

ৰনৱীৰ সিঙৰ অভিনীত ৮৩ ছবিৰ দৃশ্যগ্ৰহণৰ কাৰণে ৰাওনা হৈছে ইউ কেলৈ ৷ ছবিখনৰ অফিচিয়েল টুইটাৰ হেন্দেলত কলাকুশলীসকলে এখন ফটো শ্বেয়াৰ কৰি লিখিছে যে এই সময় খেলৰ সময় ৷ ৮৩ ৰ বন্ধুসকলৰ লগত যাত্ৰা আৰম্ভ কৰিব লাগিব ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com