Begin typing your search above and press return to search.

বিগত পাঁচ দিনত ভাৰত ছবিৰ সফলতাঃ ছলমান খানৰ চৰিত্ৰই আপ্লুত কৰিছে অনুৰাগীক

বিগত পাঁচ দিনত ভাৰত ছবিৰ সফলতাঃ ছলমান খানৰ চৰিত্ৰই আপ্লুত কৰিছে অনুৰাগীক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Jun 2019 11:20 AM GMT

বিগত পাঁচ দিনত ভাৰত ছবিৰ সফলতা ৷ ৫ জুনত মুক্তি লাভ কৰা ভাৰতে সফলতা লাভ কৰিছে বক্স অফিচত ৷ ছবিখনে পাঁচদিনত উপাৰ্জন কৰিছে ১৪৪.২৫ কোটি টকা। ভাৰত ছবিত ছলমান খানৰ উপৰিও অভিনয় কৰিছে সুনিল গ্ৰ’ভাৰ, কেটৰীনা কাইফ ,দিশা পাটানী,জেকী শ্ৰফ আৰু টাবু আদিৰ লগতে বহু ন পুৰণি শিল্পীয়ে ৷

ছবিখনত ছলমান খানৰ বিভিন্ন ধৰণৰ লুকে সম্পৰ্কে আকৰ্ষণ কৰিছে সকলোকে । ঈদৰ দিনা মুক্তি লাভ কৰা ছবিখনে প্ৰথম দিনা ভাল উপাৰ্জন কৰিবলৈ সক্ষম হয়। ছবিখনে দেওবাৰে ভাৰত অষ্ট্ৰেলিয়াৰ খেলৰ মাজতে ২৬ কোটি টকা উপাৰ্জন কৰে ৷

ইফালে মাত্ৰ তিনি দিনতে ভাৰতে ২০১৯ চনৰ সকলোতকৈ অধিক উপাৰ্জন কৰা ছবি হিছাপে পৰিগণিত হৈছে ৷ ১১ জানুৱাৰীত মুক্তি লাভ কৰা উৰি দ্য চাৰ্জিকেল ষ্ট্ৰাইকৈ উপাৰ্জন কৰে ২৪৪.০৬ কোটি,ট’টেল ধামালে ১৫৪ কোটি, কেছৰীয়ে ১৫৩ কোটি, গ’লী বায় ১৩৯.৩৮ কোটি,দে দে প্যাৰ দে ৯৭.০১ কোটি আৰু ভাৰতে এই পৰ্যন্ত উপাৰ্জন কৰে ৯৫.৫০ কোটি টকা ৷ ইফালে ভাৰত আছিল এই বছৰৰ বহু প্ৰতীক্ষিত ছবি ৷

ভাৰত ছবিক দৰ্শকে আকোঁৱালি লোৱাৰ পিছত অনুৰাগীক উদ্দেশ্য কৰি বলীউডৰ অভিনেতা ছলমান খানৰ এক বিশেষ বাৰ্তা ৷ ছ’চিয়েল মিডিয়াৰ যোগেৰে দৰ্শকক ভাৰত ছবিক আকোঁৱালি লোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰে ৷ বলীউডৰ অভিনেতা ছলমান খানে টুইটাৰ যোগে প্ৰকাশ কৰে যে আপোনালোকক মোৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ অপেনিং দিয়াৰ কাৰণে অশেষ ধন্যবাদ ৷ কিন্তু মোৰ কাৰণে সকলোতকৈ ডাঙৰ কথা এয়ে যে যেতিয়া ছবিখনত ৰাষ্ট্ৰীয় গান বাজে তেতিয়া সকলো আসনৰ পৰা উঠি সন্মান জনায় ৷আমাৰ দেশৰ কাৰণে ইয়াতকৈ আৰু সন্মানৰ কথা একো হ’ব নোৱাৰে ৷জয় হিন্দ ৷ এই মন্তব্য ছলমান খানৰ ৷

অন্যহাতে ছলমান খানে দেশী গাৰ্ল প্ৰিয়াংকা চোপ্ৰাক ৰাষ্ট্ৰীয় পুৰস্কাৰৰ সম্ভাৱনা থকা ভাৰত ছবিৰ মুখ্য চৰিত্ৰটোত অভিনয় নকৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰে। কাৰণ প্ৰিয়াংকা চোপ্ৰাই নাকচ কৰা এই চৰিত্ৰটোত অভিনয় কৰিছে কেটৰীনা কাইফে। ইফালে কেটৰীনাক এই বিশেষ চৰিত্ৰটোৰ সম্পৰ্কত প্ৰশ্ন কৰাৰ লগতে ছলমান খানক ভাইজান নামেৰে সম্বোন্ধিত কৰে ৷

কিন্তু কেটৰীনাই এই প্ৰসংগত মন নিদিলেও চলমান খানে কয় যে মই কেটৰীনাৰ কাৰণে ভাইজান নহয় ৷লগতে এগৰাকী ব্যক্তিক উদ্দেশ্য কৰি কয় যে পাজী,মই কেটৰীনাৰ কাৰণে ভাইজান নহয় । লগতে ছলমানে কেটৰীনাক উদ্দেশ্য কৰি কয় কব’টো নোৱাৰি ভাইজান বুলিও ক’ব পাৰে ৷ অন্যহাতে কেটৰীনা আৰু ছলমান খানৰ মাজত হাস্য মধুৰ কথা বতৰা শেষ হোৱা নাছিল ।

কাৰণ যদিহে কেটৰীনাই ভাইজান বুলি নামাতে,তেতিয়া কি বুলি মাতিব বুলি প্ৰশ্ন কৰাত ছলমান খানে কয় যে মেৰী জান বুলি কয় ৷ উল্লেখ্য যে,বলীউডৰ অভিনেতা ছলমান খানৰ যেতিয়া ছবিয়ে মুক্তি লাভ কৰে তেতিয়া এক উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হয় ।ছলমান খানৰ ছবিসমূহ ঈদত মুক্তি দিয়াটো যেন সকলোৰে কাৰণে এক বৃহৎ প্ৰতীক্ষা ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Next Story
চাকৰি