Begin typing your search above and press return to search.

আজি শুভ মুক্তি বলীউডৰ ছবি আৰ্টিকল ১৫ ৰ : ছবিগৃহত অনুৰাগীৰ ভিৰ

আজি শুভ মুক্তি বলীউডৰ ছবি আৰ্টিকল ১৫ ৰ : ছবিগৃহত অনুৰাগীৰ ভিৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Jun 2019 11:41 AM GMT

আজি মুক্তি লাভ কৰিছে বলীউডৰ ছবি আৰ্টিকল ১৫ ছবিখন ৷ ছবিখনত ভাৰতীয় জাতি ধৰ্ম এই সকলোবোৰ অতি সুন্দৰকৈ উপস্থাপন কৰিছে ৷ ভাৰতে সম্প্ৰতি বহু ক্ষেত্ৰত আগুৱাই গৈছে যদিও সমাজত এতিয়াও জাতি,ধৰ্ম আৰু বৰ্ণক লৈ বিভিন্ন ধৰণৰ ধাৰণা প্ৰচলিত হৈ আছে ৷ আৰ্টিকল ১৫ ছবিখন এই কাৰণেই গুৰুত্বপূৰ্ণ যে ইয়াত মানুহে আলোচনা কৰিবলৈ বেযা পোৱা কিছুমান প্ৰসংগৰ কথা ছবিখনত স্পষ্টকৈ দেখুওৱা হৈছে ৷

দেশৰ সৰ্বত্ৰে প্ৰচলিত জাতি ধৰ্মৰ লগত জৰিত থকা ভেদভাৱ কাহিনীক অতি সুক্ষ্মভাৱে উপস্থাপন কৰিছে ছবিখনত ৷সকলো ক্ষেত্ৰতে পাৰ্গত আই পি এছ বিষয়া আয়ান ৰঞ্জনে লালগাঁৱত উপস্থিত হয় ৷কিন্তু নিজৰ কৰ্মত নিযুক্ত হৈয়ে আইপি এচ বিষয়াজনে অনুভৱ কৰে যে তিনিজনী যুৱতী গাঁৱখনৰ পৰা হেৰাইছে। ইফালে এই সমগ্ৰ ঘটনাটোৱে সহকাৰী কৰ্মচাৰী মনোজ পাহবা আৰু কুমুদ মিশ্ৰাক কোনো প্ৰভাৱ নেপেলালে ৷

আৰু ইয়াৰ পিছত দুগৰাকী যুৱতীক গছত ওলমি থকা দেখিবলৈ পায় আইপি এচ বিষয়া আয়ান ৰঞ্জনৰ কাৰণে বিষয়টো অধিক ৰহস্যৰ আৱৰ্তত সোমাই পৰে। এই সমগ্ৰ ঘটনা সংঘটিত হোৱাৰ পিছত জানিব পৰা যায় যে মৃত্যু হোৱা যুৱতী কেইগৰাকী সৰু জাতিৰ কাৰণে কোনেও তেওঁলোকৰ হৈ কোনো আইনগত পদক্ষেপ ল’ব বিছাৰা নাই। ইয়াৰ পিছত আয়ান ৰঞ্জনে ন্যায়ৰ কাৰণে অন্য এগৰাকী যুৱতীক বিছাৰিব বিচাৰে যদিও কাষৰীয়া পৰিস্থিতিৰ কাৰণে আয়ানে একো পদক্ষেপ ল’ব নোৱাৰে।

অন্যহাতে অনুভৱ সিন্হা আছিল মুল্ক ছবিৰ পৰিচালক৷ সম্প্ৰতি জাতিবাদৰ ওপৰত এক প্ৰসিদ্ধ কাহিনী উপস্থাপন কৰিলে অনুভৱ সিন্হাই।অনুভৱ সিন্হাৰ লগত গৌৰৱ চোলাংকীয়ে এনেধৰণৰ এটি সামাজিক বিষয়ৰ ওপৰত লিখা কাহিনীত হাস্য আৰু শক্তিশালী সংলাপৰ সমাহাৰ দেখা যায়। ইফালে আৰ্টিকল ১৫ ৰ চিনেমেট’গ্ৰাফী আৰু আৱহ সংগীত অতিশয় আকৰ্ষনীয় ৷

আনহাতে ছবিখনৰ অন্যান্য দিশৰ লগতে অভিনেতা অভিনেত্ৰীসকলৰ সাৱলীল অভিনয়ৰ সম্পৰ্কে উল্লেখ নকৰিলে লিখনি আধৰুৱা হ’ব ৷ কাৰণ অনুভৱ সিন্হাৰ ছবিখনত বহু অভিনেতাই সাৱলীল অভিনয় কৰিছে। তাৰ ভিতৰত অন্যতম আয়ুস্মান খুৰানা ৷আয়ান ৰঞ্জনৰ চৰিত্ৰত আয়ুস্মান খুৰানাত কৈ যেন অন্য অভিনেতাৰ কথা ভাবিবই নোৱাৰি ৷মনোজ পাহৱা,কুমুদ মিশ্ৰাই বহু সাৱলীল ভাৱে ছবিত অভিনয় কৰিছে ৷

ইফালে ইশা তলবাৰ আৰু চায়ানী গুপ্তায়ো ছবিখনত সাৱলীল অভিনয় কৰিছে ৷ উল্লেখ্য যে, ছবিখনে সমাজৰ এটি বিশেষ দিশক উপস্থাপন কৰিছে।

অন্য খবৰৰ বাবে পঢ়ক: আৰ্টিকল ১৫ য়ে লাভ কৰিলে চেন্ট্ৰেল বৰ্ড অৱ ফিল্মৰ প্ৰমাণপত্ৰ

Next Story
চাকৰি