বলীউডত প্ৰথমবাৰৰ কাৰণে ভৌতিক ধৰ্মী ছবিৰে কৰণ জোহৰ

বলীউডত প্ৰথমবাৰৰ কাৰণে ভৌতিক ধৰ্মী ছবিৰে কৰণ জোহৰ

বলীউডত প্ৰথমবাৰলৈ ভৌতিক ছবি নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে প্ৰযোজক,পৰিচালক, অভিনেতা,বিচাৰক কৰণ জোহৰ ৷ কৰণ জোহৰে টুইট কৰিছে ভূত ছবিৰ প’ষ্টাৰ ৷ ছবিখনে মুক্তি পাব ১৫ নবেম্বৰত ৷ ইফালে কৰণ জোহৰে টুইটাৰ যোগে ভূত ছবিখনৰ প’ষ্টাৰ মুক্তি দিয়াৰ লগে লগে ৰামগোপাল বাৰ্মাই উৎসুকতা প্ৰকাশ কৰি লিখিছে যে,ছবিখনৰ প’ষ্টাৰ আকৰ্ষণীয় ৷

https://twitter.com/karanjohar/status/1137925497361379328

ছবিখন প্ৰত্যক্ষ কৰিবলৈ মই উৎসুক বুলি প্ৰকাশ কৰে ৰাম গোপাল বাৰ্মাই ৷লগতে কৰণ জোহৰে ৰামগোপাল বাৰ্মাৰ এই উৎসুকতাক ধন্যবাদ জনায় কয় যে মই যথেষ্ট সুখী ৷ইফালে ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা বিক্কী কৌশলেও টুইটাৰ যোগে প’ষ্টাৰখন অনুৰাগীলৈ আগবঢ়াই ৷ছবিখনত অভিনয় কৰিছে বিক্কী কৌশলৰ লগতে ভূমি পাডনেকাৰে ৷ছবিখনৰ নিৰ্দেশনা কৰিছে ভানু প্ৰতাপ সিঙে ৷

https://twitter.com/vickykaushal09/status/1137927567892144129

উল্লেখ্য যে, বিক্কী কৌশলৰ এই খন হৈছে ভৌতিক ধৰ্মীৰ প্ৰথম ছবি ৷ সম্প্ৰতি বিক্কীৰ নাম জৰিত হৈ পৰিছে ভূল ভূলেইয়াঁ ২ ছবিত অৱশ্য ছবিখনত বিক্কীৰ উপৰিও 2জন অভিনেতাৰ নাম উত্থাপন হৈছে ৷এক বিশেষ সূত্ৰই প্ৰকাশ কৰিছে যে ছবিখনৰ নিৰ্মাতা ভূষণ কুমাৰে ছবি খনত অক্ষয় কুমাৰে কৰা চৰিত্ৰটোৰ কাৰণে ৰাজকুমাৰ ৰাও,বিক্কী কৌশল আৰু আয়ুস্মাণ খুৰানাৰ ভিতৰত কোনোবা এগৰাকী অভিনেতাক ল’বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

ইফালে বলীউডৰ অভিনেত্ৰী ভূমি পাডনেকাৰক প্ৰত্যাহ্বান পূৰ্ণ চৰিত্ৰত অভিনয় কৰাৰ কাৰণে বিখ্যাত ৷ দম লগা কে হেইচা নামৰ ছবিখনৰ জৰিয়তে বলীউডত প্ৰবেশ কৰা ভূমি পাডনেকাৰে ওজন বৃদ্ধি হোৱা এগৰাকী যুৱতী আৰু ইয়াৰ পিছত যুৱতী গৰাকীৰ বিবাহ,এনেধৰণৰ এক চৰিত্ৰত অভিনয় কৰিছিল । বৰ্তমান ভূমি পাডনেকাৰে ৮৭ বছৰীয়া এগৰাকী বৃদ্ধাৰ চৰিত্ৰত চান্দ কী আঁখত অভিনয় কৰিছে ।

ইফালে চান্দ কী আঁখৰ পিছত এইবাৰ ভূমিয়ে এগৰাকী কিশোৰীৰ চৰিত্ৰত অভিনয় কৰিব৷ ২৯ বছৰীয়া ভূমিয়ে কিশোৰী যুৱতীৰ চৰিত্ৰত অভিনয় কৰাটো যথেষ্ট প্ৰত্যাহ্বান পূৰ্ণ ৷ তথাপিও এই প্ৰত্যাহ্বানক সাহসৰেৰে আদৰি লৈছে ভূমিয়ে ৷ ডাইৰেক্টৰ অলংকৃতা শ্ৰী বাস্তৱৰ ছবিখন কাহিনীটো এগৰাকী কিশোৰীৰ লৱ ষ্টৰী ৷ ভূমি পাডনেকাৰৰ উপৰিও এই ছবিখনত কংকনা সেন শৰ্মাও অভিনয় কৰিছে ৷

অভিনেতা বিক্কী কৌশল আৰু অভিনেত্ৰী কেটৰীনা কাইফক দেখিবলৈ পাব অনাগত এখন ছবিত ৷ এক বিশেষসূত্ৰৰ খবৰ অনুসৰি কেটৰীনা আৰু বিক্কী কৌশলে অভিনয় কৰিব লগা ছবিখন প্ৰযোজনা কৰিব ৰ’নি স্কেৰাৱালাই। বাস্তৱ ধৰ্মী এটা প্ৰেম ধৰ্মী ছবিৰ জৰিয়তে দৰ্শকৰ মাজলৈ আহিব কেটৰীনা আৰু বিক্কী কৌশল ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com