পি ভি সিন্ধুৰ পিছত পুনৰ বক্সাৰ মেৰী কমৰ আন এক সাফল্য

পি ভি সিন্ধুৰ পিছত পুনৰ বক্সাৰ মেৰী কমৰ আন এক সাফল্য

পি ভি সিন্ধুৰ পিছত পুনৰ বক্সাৰ মেৰী কমৰ আন এক সাফল্য দেশবাসীৰ কাৰণে এক সৌভাগ্য পূৰ্ণ কথা যে ভাৰতীয় বক্সাৰ মেৰী কমক মংগলবাৰে মালেছিয়াত এছিয়াৰ সৰ্বশ্ৰেষ্ঠ মহিলা এথলিট হিছাপে সন্মানিত কৰা হয়৷ ছবাৰকৈ বিশ্ব ছেম্পিয়ন হোৱা মেৰী কমে ২২ সংখ্যক এছিয়ান স্পৰ্টছ প্ৰেছ ইউনিয়ন বৈঠকত অংশ ল’ব নোৱাৰাৰ কাৰণে সাংবাদিক সুবোধ মাল্লা বৰুৱাই মালেছিয়াৰ চানৱে ৰিজৰ্ট হোটেল আৰু স্পাাত এই বটাঁ গ্ৰহণ কৰে ।এআইপিএছ এছিয়া কংগ্ৰেছ অনুষ্ঠানটি চলিত বৰ্ষৰ ২৬ আগষ্টৰ পৰা ২৮ আগষ্টলৈ অনুষ্ঠিত কৰা হৈছে।

ইফালে মনিপুৰৰ প্ৰখ্যাত বক্সাৰ মেৰী কমে বিগত সময়ত ইণ্ডোনেছিয়াত আয়োজিত লাবুৱান বাজুত অনুষ্ঠিত ২৩ সংখ্যক প্ৰেছিডেন্টছ কাপ বক্সিঙত এম চি মেৰী কমে (৫১) কেজি সোণৰ পদক লাভ কৰে ।

আনহাতে অক্টোবৰত হ’ব লগীয়া বিশ্ব চেম্পিয়ন শ্বিপৰ প্ৰস্তুতি হিছাপে প্ৰেছিডেন্ট কাপত ভাগ লৈ মেৰী কমে মহিলাৰ ৫১ কিলোগ্ৰাম শাখাৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ ফ্ৰেংকছ এপ্ৰেলক পৰাস্ত কৰে ৫-০ ব্যৱধনাত ৷ টুৰ্নামেন্টখনত শ্ৰেষ্ঠ দলৰ সন্মান পোৱা ভাৰত লাভ কৰে সাতটা স্বৰ্ণ আৰু দুটা ৰূপৰ পদক ৷

লগতে মেৰী কমে এই সাফল্যত প্ৰেৰণা দিয়া সকলোকে ধন্যবাদ জনায় ৷মেৰীকমে ষষ্ঠবাৰৰ বাবে বিশ্ব চেম্পিয়নচিপ খিতাপ দখল কৰা প্ৰথম মহিলা বক্সাৰ হিচাপে পৰিগণিত হয়। ৩৫ বছৰীয়া ভাৰতৰ বহু যুজৰ নায়িকা মহিলা বক্সাৰ গৰাকীয়ে ৪৮ কিলোগ্ৰাম শাখাৰ ফাইনেলত ইউক্ৰেণৰ ২২ বছৰীয়া বক্সাৰ হান্না ওখোতাক পৰাস্ত কৰি বিশ্ব জয়ৰ খিতাপ নিজৰ দখলত আনিবলৈ সক্ষম হয়।

ইয়াৰ পূৰ্বে মেৰিকমে ২০০২,২০০৫,২০০৬,২০০৮ আৰু ২০১০ চনত পাঁচ বাৰ বিশ্বচেম্পিয়নচিপত সোণৰ পদক জয় কৰিছিল। মেৰীকমৰ এই বিশ্বজয়ৰ সফলতাই গৃহৰাজ্য মণিপুৰৰ লগতে সমগ্ৰ দেশত উছাহৰ ধল বোৱাইছে।খেলৰ শেষত মেৰীকমে খেল উপভোগ কৰিব অহা প্ৰতিজন দৰ্শকক খেলৰ সময়ত জনোৱা উৎসাহ আৰু সমৰ্থনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

মেৰীকমে কয় ”আজি মই যথেষ্ট আৱেগিক হৈ পৰিছো কাৰণ এটা সময় আছিল তেতিয়া মহিলা বক্সিং অলিম্পিকৰ খেলত অন্তৰ্ভুক্ত নাছিল,কিন্তু মানুহৰ ভালপোৱাৰ বাবে ই অলিম্পিকৰ মজিয়াত ঠাই পালে। কিন্তু মই যোৱা অলিম্পিকৰ বাবে যোগ্যতা অৰ্জনত ব্যাৰ্থ হৈছিলো-অলিম্পিকৰ পদক মোৰ স্বপ্ন,২০২০ টোকিঅ’ অলিম্পিকত মই দেশৰ বাবে সৰ্বোচ্চ উজাৰি খেলিম।”

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com