Begin typing your search above and press return to search.

ক’ৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাৱঃ আধাতে সামৰিলে অসম বিধানসভাৰ বাজেট অধিবেশন‌

ক’ৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাৱঃ আধাতে সামৰিলে অসম বিধানসভাৰ বাজেট অধিবেশন‌

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 March 2020 9:12 AM GMT

ক’ৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাৱঃ আধাতে সামৰিলে অসম বিধানসভাৰ বাজেট অধিবেশন‌। ক’ৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি অসম বিধানসভাৰ বাজেট অধিবেশন‌ আধাতে সামৰা হৈছে।সম্প্ৰতি প্ৰায় সমগ্ৰ বিশ্বত ক’ৰ’না ভাইৰাছে আতংকৰ সৃষ্টি কৰিছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি মঙ্গলবাৰে অসম বিধানসভাৰ বাজেট অধিবেশন সমাপ্ত কৰাৰ ঘোষণা কৰা হয়। যোৱা ২ মাৰ্চৰ পৰা আৰম্ভ হোৱা এই অধিৱেশনৰ সময়সীমা আছিল ২৬ মাৰ্চ ।

ক’ৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত সোমবাৰে ৰাজ্য চৰকাৰে সমগ্ৰ অসমত আগন্তুক ৫ দিনৰ বাবে লক ডাউন ঘোষণা কৰে । ইয়াৰ প্ৰাকক্ষণত বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয়।

এই বৈঠকত মঙ্গলবাৰে বাজেট অধিবেশন সমাপ্ত কৰা উচিত হ'ব বুলি সিদ্ধান্ত গ্ৰহণ গৃহীত হয়।

অৱশ্যে বাজেট অধিবেশন সমাপ্ত কৰাৰ সিদ্ধান্ত সদনত উত্থাপন কৰাৰ পিছতহে লোৱা হয় ।

উক্ত বৈঠকৰ পিছতেই অধ্যক্ষ গোস্বামীয়ে দা ছেন্টিনেলৰ আগত কয় যে বাজেট অধিবেশন চৰ্চা আৰু বিনিয়োগ বিধেয়কখন গৃহীত কৰিবলৈ তিনি দিনৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি বিনিয়োগ বিধেয়কখন মঙ্গলবাৰে গৃহীত কৰাৰ ব্যৱস্থা কৰা। লগতে তেওঁ কয় যে চৰকাৰে ইতিমধ্যে ২ খন বিধেয়ক উত্থাপন কৰিছে। এই দুখন বিধেয়কো মঙ্গলবাৰে গৃহীত কৰা হয় ।

অন্য খবৰৰ বাবে পঢ়ক: ক’ৰ’না মহামাৰী প্ৰতিৰোধঃ উত্তৰ-পূবৰ আঠ ৰাজ্যৰ ছখনতে তলাবন্ধ ঘোষণা

ভিডিঅ প্ৰতক্ষ্য কৰক: Fear of Coronavirus has decreased Market sales in Guwahati.

Next Story
চাকৰি