Begin typing your search above and press return to search.

আজিৰ বাজেটে ভাৰতক অধিক উন্নয়ন সাধন কৰিব: প্ৰধানমন্ত্ৰী

আজিৰ বাজেটে ভাৰতক অধিক উন্নয়ন সাধন কৰিব: প্ৰধানমন্ত্ৰী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 July 2019 1:39 PM GMT

আজি সংসদত দেশ প্ৰথম গৰাকী মহিলা বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে বাজেট দাখিল কৰে। এই বাজেটৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে যে, এই বাজেট ২১ শতিকাৰত দেশ খনক অধিক উন্নতিৰ শিখৰলৈ লৈ যাব ।

বাজেট শেষ হোৱাৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, " এই বাজেট খনৰ যোগেদি দেশৰ সমৃদ্ধি আৰু জনসাধাৰণৰ শক্তি , আৰ্থিক ভাৱে দুৰ্বল সকলৰ সহায়ক হোৱা আৰু যুৱচামৰ উজ্জ্বল ভৱিষ্যতৰ সহায়ক হব "।

মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ এই খন প্ৰথম বাজেট।সেইদৰে বাজেটত এইবাৰ বৃদ্ধি কৰা হ’ল দেশৰ কোটিপটি ব্যৱসায়ীসকলে পৰিশোধ কৰিবলগীয়া টেক্সৰ হাৰ। য’ত সকাহ দিয়া হ’ল দেশৰ মধ্যবিত্ত পৰিয়ালসমূহক। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট দাখিল কৰাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। প্ৰধানমন্ত্ৰী মোদীয়ে এইবাৰৰ কেন্দ্ৰীয় বাজেটক দেশক সমৃদ্ধিশালী কৰিবলগীয়া আৰু জনসাধাৰণৰ কল্যানকামী বাজেট আখ্যা দিছে। নতুন বাজেটে দেশৰ যুৱশক্তিক দিব এক সুন্দৰ ভৱিষ্যৎ আৰু আৰ্থিকভাৱে দুৰ্বল সকলকো দিব সকাহ দিব বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

বাজেটত মহিলা সকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে নিৰ্মলা সীতাৰমনে । মহিলা সৱলীকৰনৰ ওপৰত বাজেটত গুৰুত্ব দিয়া হৈছে । নিৰ্মলা সীতাৰমনে কয় , এনেকুৱা একো খণ্ড নাই যত মহিলা সকলে অবদান আগবঢ়োৱা নাই। এই বাজেটত প্ৰদূষণমুক্ত দেশ গঢ়াৰ লক্ষ্য চৰকাৰৰ’।‘প্ৰত্যেক ঘৰতে শৌচালয়, বিজুলী যোগানৰ লক্ষ্য’।‘সকলোকে ঘৰ প্ৰদান আঁচনি ৰূপায়ণত গুৰুত্ব’।‘মুদ্ৰা ঋণৰ জৰিয়তে জনতাৰ জীৱন সলনি’আৰু সৰল কৰা হ’ব চৰকাৰী প্ৰক্ৰিয়া’।‘আন্তঃগাঁথনিত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন’।‘ভাৰতীয় অৰ্থনীতি বিশ্বৰ ষষ্ঠ বৃহত্‍ অৰ্থনীতি’।

অন্য খবৰৰ বাবে পঢ়ক:কেন্দ্ৰীয় বাজেট ২০১৯: মহিলা সকলৰ বাবে কি কি সুবিধা থাকিব

Next Story
চাকৰি