ঢেকিয়াজুলি পৌৰনিগমৰ অধিনত আবন্টিত উপ-পথৰ কাম অসম্পূৰ্ণ

ঢেকিয়াজুলি পৌৰনিগমৰ অধিনত আবন্টিত উপ-পথৰ কাম অসম্পূৰ্ণ

ঢেকিয়াজুলি পৌৰনিগমৰ অধিনত থকা শান্তিপাৰা ৱাৰ্ড নম্বৰ ৯ , মানজুলী বিবেকানন্দ উপ পথ, ৱাৰ্ড নম্বৰ ৪ আৰু ৱাৰ্ড নম্বৰ ১০ ৰ উপ-পথৰ কাম বৰ্তমানেও অসম্পূৰ্ণ হৈ আছে ।

শান্তিপাৰা উপ-পথৰ নিৰ্মাণৰ কাম বিজেপি কৰ্মী মনোজ মহালিয়ে লাভ কৰিছিল । নিৰ্মাণৰ কাম আৰম্ভ হৈছিল ফেব্ৰুৱাৰী মাহত । কিন্তু পথত কেইবা ট্ৰাক মান শিল বালি পেলায়ে কাম বন্ধ কৰি দিয়ে । এই সম্পৰ্কত ঢেকিয়াজুলি বিভাগীয় কতৃপক্ষক অভিযোগ দাখিল কৰা হৈছে । অভিযোগ দাখিল কৰাৰ পিছত চাৰ্কোল অফিচাৰ সব্যসাচী কাশ্যপ শান্তিপাৰা উপ পথত উপস্থিত হৈ ঠিকাদাৰ মনোজ মহালিক নিৰ্মাণ কাৰ্য শীঘ্ৰে সমাপ্ত কৰিবলৈ নিৰ্দেশ দিয়ে ।

বৰ্তমান এই পথছোৱাৰ কাম পুনৰ আৰম্ভ কৰা হৈছে । লগতে অভিযোগ উত্থাপন কৰিছে যে ঢেকিয়াজুলিৰ পৌৰসভায়ে নিৰব দৰ্শকৰ ভূমিকা পালন কৰিছে। বিবেকানন্দ উপ পথৰ ৪ নং ৱাৰ্ডত বৃহৎ বৃহৎ গাটৰ ফলত দুৰৱস্থাৰ সৃষ্টি হৈছে । ৰূপক নগৰ পথৰ ১০ নং ৱাৰ্ডৰ উপ পথৰ কাম বৰ্তমানেও অসম্পূৰ্ণ হৈ আছে । সেয়েহে স্থানীয় লোক পথ সমূহ সোনকালে নিৰ্মাণ কৰিবলৈ দাবী উত্থাপন কৰিছে।

অধিক খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com