কা-এন আৰ চিক ক’লা আইন আখ্যা জমিয়ত উলামাৰ ত্ৰিপুৰা শাখাৰ

কা-এন আৰ চিক ক’লা আইন আখ্যা জমিয়ত উলামাৰ ত্ৰিপুৰা শাখাৰ

কা-এন আৰ চিক ক’লা আইন আখ্যা জমিয়ত উলামাৰ ত্ৰিপুৰা শাখাৰ ।দেশ উত্তাল কৰি ৰখা নাগৰিকত্ব(সংশোধনী)আইন, প্ৰস্তাৱিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি)উন্নীতকৰণ আৰু ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জী(এন পি আৰ)ক ক’লা আইন আখ্যা দিছে জমিয়ত উলামা-ই-হিন্দৰ ত্ৰিপুৰা ৰাজ্যিক শাখাই। শুকুৰবাৰে আগৰতলাত ত্ৰিপুৰা ৰাজ্যিক জমিয়ত উলামা-ই-হিন্দৰ মুৰব্বী তৈয়বুৰ ৰহমানে অভিযোগ কৰে যে নাগৰিকত্ব(সংশোধনী)আইন, এন আৰ চি আৰু এন পি আৰ দেশৰ ধৰ্মনিৰপেক্ষ আধাৰৰ পৰিপন্থী। নাগৰিকত্ব(সংশোধনী)আইন, এন পি আৰ আৰু এন আৰ চিৰ অন্তৰালত বিজেপিৰ গোপন চক্ৰান্ত জড়িত আছে বুলি জমিয়ত উলামা-ই-হিন্দৰ ৰাজ্যিক মুৰব্বীজনে অভিযোগ কৰে। ১৯৫১ৰ পৰা দেশত লোকপিয়ল চলি আহিছে বুলি উল্লেখ কৰি ৰাজ্যিক জমিয়ত উলামা-ই-হিন্দৰ মুৰব্বী ৰহমানে কয়, “ লোকপিয়লৰ পৰম্পৰা আৰম্ভ হোৱাৰ অনেক বছৰ হ’ল যদিও আজিলৈকে পিয়লৰ ক্ষেত্ৰত ব্যক্তিৰ পিতৃ-মাতৃৰ জন্মস্থানৰ বিষয়ে উল্লেখৰ প্ৰয়োজন হোৱা নাই। কিন্ত সম্প্ৰতি বিজেপি চৰকাৰে ইয়াক নিয়মৰ অন্তৰ্ভুক্ত কৰিছে। আমি বিশ্বাস কৰো যে এক গোপন অভিসন্ধিৰে এনে কাম কৰা হৈছে”।অৱশ্যে এন আৰ চি আৰু এন পি আৰ জমিয়ত-উলামা-ই-হিন্দে বৰ্জন নকৰে বুলি ৰহমানে স্পষ্ট কৰি দিয়ে। ইয়াৰ কাৰণ ব্যাখ্যা কৰি তেওঁ কয় যে ত্ৰিপুৰা চৰকাৰে এন আৰ চি, এন পি আৰ অথবা নাগৰিকত্ব(সংশোধনী)আইন বৰ্জন কৰা নাই। ৰাজ্য চৰকাৰৰ এনে স্থিতিৰ পৰিপ্ৰেক্ষিতত জমিয়ত উলামা-ই-হিন্দে নাগৰিকত্ব(সংশোধনী)আইন, এন পি আৰ, এন আৰ চি বৰ্জন নকৰে। উল্লেখ্য যে ইতিমধ্যে দেশৰ মহাপঞ্জীয়কে আগন্তক ২০২১ৰ লোকপিয়লৰ বাবে জাননী জাৰি কৰিছে। এই জাননী জাৰিৰ পাছতে অসম চৰকাৰে সমগ্ৰ ৰাজ্যৰ বাবে লোকপিয়লৰ প্ৰস্তুতি আৰম্ভ কৰিছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই পিয়ল দুটা পৰ্যায়ত সম্পন্ন হ’ব। ইয়াৰে প্ৰথমটো পৰ্যায়ত বাসগৃহসমূহৰ তালিকাভুক্তিকৰণ আৰু বাসগৃহ পিয়ল হ’ব। এই পৰ্যায়ৰ পিয়ল চলিত বৰ্ষৰ ২০ এপ্ৰিলৰ পৰা ২০মে’ৰ ভিতৰত সম্পন্ন কৰা হ’ব। দ্বিতীয়তো পৰ্যায়ত লোক গণনা কৰা হ’ব। এই পৰ্যায় অহা বছৰৰ ৯ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈকে চলিব। আনহাতে, এইবাৰ দেশত প্ৰথমবাৰৰ বাবে দুটা পদ্ধতিৰে লোকপিয়লত তথ্য সংগ্ৰহ কৰা হ’ব। ইতিমধ্যে এই কথা জনাই কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে। এই জাননীত প্ৰকাশ পোৱা অনুসৰি ঘৰে ঘৰে গৈ পিয়লৰ কৰ্মচাৰীয়ে তথ্য সংগ্ৰহ কৰাৰ লগতে ম’বাইল এপৰ জড়িয়তেও তথ্য সংগ্ৰহ কৰা হ’ব। ইয়ে যথেষ্ঠ সময় ৰাহি কৰাৰ লগতে পিয়লৰ তথ্য প্ৰকাশ আগতীয়া কৰিব বুলি চৰকাৰে ধাৰণা কৰিছে।

ভিডিঅ প্ৰতক্ষ্য কৰক : Police Jawan killed, another injured in Road Accident in Makum

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com