চি বি এচ ইৰ দশম শ্ৰেণীৰ ফলাফল ঘোষণা: উৰ্ত্তীৰ্ণৰ হাৰ ৯১.১০ শতাংশ

চি বি এচ ইৰ দশম শ্ৰেণীৰ ফলাফল ঘোষণা: উৰ্ত্তীৰ্ণৰ হাৰ ৯১.১০ শতাংশ

আজি চি বি এচ ই দশম শ্ৰেণীৰ ফলাফল ঘোষণা কৰা হয় । উত্তীৰ্ণৰ হাৰ হৈছে ৯১.১০ শতাংশ ।এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল ১৭,৬১,০৭৮ পৰীক্ষাৰ্থী । ১৭,৬১,০৭৮ পৰীক্ষাৰ্থীৰ ভিতৰত ১৬,০৪,৪২৮ পৰীক্ষাৰ্থী উৰ্ত্তীৰ্ণ হৈছে।

১৩ গৰাকীয়ে পৰীক্ষাৰ্থীয়ে ৫০০ নম্বৰৰ ভিতৰত ৪৯৯ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে । সিন্ধান্ত পেনগৰিয়া, দিব্যানচ ৱাধৱা, অংকুৰ মিশ্ৰা, ভাটশ্বল বাৰ্ষনেই, ইশ্বা মাদান, অপূৰ্ব জৈইন, শিৱানো লাথ, য়গেশ্ব কুমাৰ গুপ্তা, দিব্যজোত কৰ জাগ্গী, আৰিয়ান ঝা, তাৰো জৈন, ভাবনা এন শিৱদাসে ৫০০ ৰ ভিতৰত ৪৯৯ নম্বৰ লাভ কৰি শীৰ্ষ স্থান দখল কৰে ।

৯৮ টা পৰীক্ষা কেন্দ্ৰত ৪০,২৯৬ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল । ইয়াৰে ২০,০৭৭ ছাত্ৰ আৰু ২০,২১৯ ছাত্ৰী আছিল । এই বছৰ ছাত্ৰতকৈ ছাত্ৰীৰ উৰ্ত্তীৰ্ণৰ হাৰ অধিক । ছাত্ৰীৰ উৰ্ত্তীৰ্ণ হাৰ ৯২.৪৫ শতাংশ হোৱাৰ বিপৰিতে ছাত্ৰৰ উৰ্ত্তীৰ্ণ হাৰ ৯০.১৪ শতাংশ । তৃতীয় লিংগৰ উৰ্ত্তীৰ্ণ হাৰ ৯৪.৭৪ শতাংশ ।

ত্ৰিবানদ্ৰমত সৰ্বাধিক উৰ্ত্তীৰ্ণ হৈছে । উত্তীৰ্ণ হাৰ ৯৯.৮৫ শতাংশ । চেন্নাইত উৰ্ত্তীৰ্ণ হাৰ ৯৯% , দিল্লীত ৮০.৯৭%। কেন্দ্ৰীয় বিদ্যালয়ৰ উৰ্ত্তীৰ্ণৰ হাৰ ৯৯.৪৭%।

কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানীৰ জীয়েকে দশম শ্ৰেণী পৰীক্ষাত ৮২% সহ উৰ্ত্তীৰ্ণ হৈছে ।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com