Begin typing your search above and press return to search.

বিফলতাৰ কথা পত্ৰত উল্লেখ কৰি সন্ধানহীন Cafe Coffee Day মালিক ভিজি সিদ্ধাৰ্থ

বিফলতাৰ কথা পত্ৰত উল্লেখ কৰি সন্ধানহীন  Cafe Coffee Day মালিক ভিজি সিদ্ধাৰ্থ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 July 2019 11:05 AM GMT

কৰ্মচাৰীলৈ ক্ষমা পত্ৰ লিখি Cafe Coffee Day (CCD), Inidian Cafe ৰ মালিক সন্ধানহীন হোৱা ঘটনাই সমগ্ৰ দেশতে তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি কৰিছে । এই চাঞ্চ্যলৰ ঘটনাটো সংঘটিত হৈছে সোমবাৰে নিশা । সোমবাৰে নিশা চি চি ডি ৰ মালিক ভিজি সিদ্ধাৰ্থে নিজৰ চালকক মাংগালোৰৰ দলংত নমাই দিবলৈ কোৱাৰ এক ঘন্টাৰ পাছতে সন্ধানহীন হয় মালিক জন । নেত্ৰাৱতী নদীৰ সমীপৰ পৰা নিখোজ হয় সিদ্ধাৰ্থ। বৰ্তমান আৰক্ষী আৰু ক’ষ্টগাৰ্ডৰ দলে অব্যাহত ৰাখিছে অনুসন্ধান।চি চি ডিৰ মালিক ভিজি সিদ্ধাৰ্থে নিজৰ কৰ্মচাৰীলৈ এখন ক্ষমা পত্ৰ লিখি নিজৰ বিফলতাৰ কথা উল্লেখ কৰি গৈছে ।

নেত্ৰাবতী নদীৰ দলংৰ পৰা সন্ধানহীন হোৱাৰ পিছত এই পত্ৰ খনক গুৰুত্ব দিয়া হয় । ভিজি সিদ্ধাৰ্থ সন্ধানহীন হোৱাৰ পিছতে চালকে পৰিয়ালৰ লোকক খবৰ দিয়ে আৰু পৰিয়ালৰ লোকে আৰক্ষীক খবৰ দিয়ে ।

উল্লেখযোগ্য যে, ভি জি সিদ্ধাৰ্থ কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এছ এম কৃষ্ণাৰ জোৱাঁই। পত্ৰ খনত সিদ্ধাৰ্থয়ে লিখিছিল " মোক বিশ্বাস কৰা সকলক মই নিৰাশ কৰাৰ বাবে মোক ক্ষমা কৰিব । বহু দিন ধৰি নিজৰ লগতে যুঁজি আহিছো কিন্তু আৰু দায়িত্ব গ্ৰহণ কৰিব নোৱাৰোঁ ।" পত্ৰখনত ২৭ জুলাই বুলি তাৰিখটো উল্লেখ কৰা আছে ।

১৯৯৬ চনত বেংগালুৰুৰ ব্ৰিগেড ৰোডত কেফে কফি ডে’ৰ আৰম্ভণি কৰিছিল সিদ্ধাৰ্থই। প্ৰথমে ইণ্টাৰনেট কেফেৰ সৈতে কফিৰ ব্যৱসায় আৰম্ভ কৰিছিল সিদ্ধাৰ্থই। পিছত কাফে কফি ডে’ই নিজৰ ব্যৱসায় দেশজুৰি সম্প্ৰসাৰৰ কৰিবলৈ সক্ষম হৈছিল । প্ৰথম ৫ বছৰত কিছুসংখ্যক কেফে খোলাৰ পিছত আজি Cafe Coffee Day দেশৰ ভিতৰতে জনপ্ৰিয় আৰু সৰ্ববৃহৎ কফিৰ খুচুৰা ব্যৱসায় হিচাপে পৰিগণিত হৈছে। বৰ্তমান দেশৰ ২৪৭খন চহৰত Cafe Coffee Dayৰ ১৭৫৮খন কেফে আছে।

সমগ্ৰ দেশতে চিচিডি জনপ্ৰিয় হৈ পৰাও পৰিলক্ষিত হয় । কিন্তু বৰ্তমান চিচিডিৰ মালিক ভিজি সিদ্ধাৰ্থ সন্ধানহীন হোৱা ঘটনাই তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি কৰিছে । লগতে তেওঁ যিখন পত্ৰ লিখি গৈছে তাত তেওঁৰ বিফলতা স্পষ্টকৈ উল্লেখ কৰিছে। বৰ্তমানেও ভিজি সিদ্ধাৰ্থক বিচাৰি অভিযান অব্যাহত ৰাখিছে যদিও সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই ।Cafe Coffee Day (CCD), Inidian Cafe ৰ মালিক সন্ধানহীন হোৱা ঘটনাই সমগ্ৰ দেশতে তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি কৰিছে ।

অধিক খবৰৰ বাবে পঢ়ক: বোকাজানৰ পৰা সন্ধানহীন চাৰিগৰাকীকৈ কিশোৰীঃ চাঞ্চল্য অব্যাহত

Next Story
চাকৰি