Begin typing your search above and press return to search.

চৰাইদেউ মৈদামক "বিশ্ব ঐতিহ্য" হিছাপে ঘোষণা কৰাক লৈ সমীক্ষা

চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য হিছাপে ঘোষণা কৰাক লৈ সমীক্ষা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Aug 2019 6:45 AM GMT

ৰাজ্য চৰকাৰে আহোম যুগৰ চৰাইদেউ মৈদামক বিশ্ব প্ৰসিদ্ধ হিছাপে ঘোষণা কৰিবলৈ সম্ভাৱনা ব্যক্ত কৰিছে ৷ এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে প্ৰথমতেই ২৫ কোটি টকা ধাৰ্য কৰিছে ৷ বিগত এবছৰত সমিতিয়ে ধাৰ্য কৰিছে যে কোন কোন ঠাইক বিশ্ব প্ৰসিদ্ধ হিছাপে চিনাক্ত কৰিব পাৰি ৷ইফালে সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ এক প্ৰতিনিধিমণ্ডলৰ অনুসৰি চেপ্তেম্বৰ আৰু অক্টোবৰ মাহত তেওঁলোকে সমীক্ষাৰ কাৰণে চৰাইদেউলৈ যাত্ৰা কৰিব।

প্ৰতিনিধিমণ্ডলৰ পূৰ্বতে ৰাজ্যৰ মুখ্য সচিব ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ মহানিৰ্দেশকৰ লগত ইয়াৰ বিষয়ে চৰ্চা কৰাৰ সম্ভাৱনা আছে। পুৰাতত্ত্ব বিভাগৰ লগতে ৰাজ্য চৰকাৰৰ আন আন বিষয়াসকল এই অনুষ্ঠানত উপস্থিত থাকিব ৷ আনহাতে ইয়াৰ পূৰ্বতে ৰাজ্যৰ পুৰাতত্ত্ব বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ লগত এই বিষয়ে আলোচনা কৰিছে ।

চৰাইদেউত ১২৫৩ চনত চাও লুং চুকাফাৰ দ্বাৰা আহোমৰ ৰাজধানী প্ৰতিষ্ঠা কৰা হৈছিল ৷ কিন্তু আহোম শাসনৰ ৬০০ বছৰৰ পিছত ৰাজধানী অন্য ঠাইলৈ স্থানান্তৰিত হয় ৷ সম্প্ৰতি উত্তৰ অসমত চৰাইদেউ ৫৭৮ বীঘা ভূমিত মৈদাম অৱস্থিত ৷অসমত আহোমসকলে মৈদামটোক নিজৰ এক পৰম্পৰা বুলি বিশ্বাস কৰে ৷ কাৰন মৈদামটো আহোমৰ পূৰ্বৰ লোকসকলৰ পূজা আৰু মেডাম মে ফী ৰ লগত জৰিত ৷ এই ঐতিহাসিক স্থানক ৰাজ্যৰ শৈক্ষিক,বৈজ্ঞানিক আৰু সাংস্কৃতিৰ থল বুলি বিশ্বাস কৰে লোকসকলে ৷গতিকে এই ক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা ল’ব সেয়া হ’ব গুৰুত্বপূৰ্ণ ৷

অন্য খবৰৰ বাবে পঢ়ক: চৰাইদেউ মৈদাম বেদখলৰ বিৰুদ্ধে চাৰি সংগঠনৰ প্ৰতিবাদ

ভিডিঅ প্ৰতক্ষ্য কৰক:Religious procession by Sikh community people arrives in Biswanath Chariali

Next Story
চাকৰি