Begin typing your search above and press return to search.

জাপানীজ এনকেফেলিটিচৰ আতংক: ২১ জনৰ মৃত্যুৰ পিছত অসমত উপস্থিত কেন্দ্ৰীয় দল

জাপানীজ এনকেফেলিটিচৰ আতংক: ২১ জনৰ মৃত্যুৰ পিছত অসমত উপস্থিত কেন্দ্ৰীয় দল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 July 2019 7:43 AM GMT

অসমত জাপানীজ এনকেফেলিটিচে ভয়াবহ ৰূপ ধাৰণ কৰিছে । বৰ্তমানলৈকে ২১ জন লোকৰ মৃত্যুৰ পাছতে কেন্দ্ৰীয় স্বাস্থ্য বিভাগে অসমলৈ কেন্দ্ৰীয় দল প্ৰেৰণ কৰিছে। ৰাষ্ট্ৰীয় ভেক্টৰ বোৰ্ন ডিজিজ নিয়ন্ত্ৰণ প্ৰগ্ৰেমৰ শীৰ্ষ বিষয়া আৰু অতিৰিক্ত সচিব সঞ্জীৱ কুমাৰৰ নেতৃত্বত কেন্দ্ৰীয় দলে অসমৰ পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ পঠিওৱা হৈছে । যোৱা তিনি মাহৰ ভিতৰত ৬৯ গৰাকী আক্ৰান্ত হোৱাৰ ভিতৰত ২১ জন লোক নিহত হৈছে । জাপানীজ এনকেফেলিটিচত আক্ৰান্ত অধিক সংখ্যক লোক উজনি অসমৰ ।

অতিৰিক্ত সচিব সঞ্জীৱ কুমাৰে প্ৰকাশ কৰে যে, পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণত আছে। কিন্তু যোৱা দুমাহ জুলাই আৰু আগষ্ট মাহত সমগ্ৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰা হয়" বুলি প্ৰকাশ কৰে।

শিশু টিকাকৰণৰ প্ৰায় ১৮ শতাংশ হৈছে । আৰু প্ৰাপ্তবয়স্ক সকলৰ টিকাকৰণৰ ওপৰত গুৰুত্ব দিব লাগে বুলি প্ৰকাশ কৰে ।

বৰ্তমানলৈকে জাপানীজ এনকেফেলিটিচৰ ফলত ২১ জন লোকৰ মৃত্যু হৈছে । আজি কেন্দ্ৰীয় দলে এই ৰোগৰ ভয়াবহতা পৰিস্থিতি পৰ্যবেক্ষন কৰিব। বৰ্তমানেও ৰাজ্যত ৬৯ জন লোক জাপানীজ এনকেফেলিটিচ ৰোগত আক্ৰান্ত হৈ আছে । আজি ৰাজ্যত স্বাস্থ্য বিষয়া সকলৰ লগত কেন্দ্ৰীয় বিষয় সকলে আলোচনাত মিলিত হয় ।

এন ভি বি ডি চি পিৰ মতে , ২০১৬-১৭ চনৰ পৰা জাপানীজ এনকেফেলিটিচ ৰোগৰ প্ৰাপ্তবয়স্ক টিকাকৰণ বন্ধ কৰা হয় । উল্লেখযোগ্য যে , বিশেষকৈ ১০ খন জিলা – তিনিচুকীয়া , ডিব্ৰুগড়, শিবসাগৰ , যোৰহাট , গোলাঘাট , ধেমাজি, লক্ষিমপুৰ , শোণিতপুৰ , ওদালগুৰি আৰু বৰপেটাত জাপানীজ এনকেফেলিটিচ ৰোগ অধিক হোৱা পৰিলক্ষিত হৈছে । ইয়াৰ ভিত্তিতে কেন্দ্ৰীয় চৰকাৰলৈ ৰিপোৰ্ট পঠিওৱা হৈছে । এন ভি বি দি চি পিয়ে পুনৰ টিকাকৰণ আৰম্ভ কৰাৰ কৰা প্ৰকাশ কৰিছে |

নেচনেল ভেক্টৰ বোৰ্নি ডিজিজ কন্ট্ৰল প্ৰগ্ৰেমৰ মতে ভেক্টৰ বহিৰ্ভূত ৰোগৰ প্ৰবনতা সমূহ কামৰূপ , ডিব্ৰুগড় , শোণিতপুৰ আৰু শিবসাগৰত অধিক। যোৱা কেইবছৰত জাপানীজ এনকেফেলিটিচ আৰু একিউট এনকেফেলিটিচ চাইনদ্ৰম ৰোগৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা এই জিলা কেইখনত অধিক আছিল ।

জাপানীজ এনকেফেলিটিচ মহৰ দ্বাৰা হয়। গ্ৰাম্য অঞ্চল আৰু চহৰমূখী অঞ্চলত সমূহত এই ৰোগ বিধ অধিক হোৱা পৰিলক্ষিত হয় । জাপানীজ এনকেফেলিটিচ আৰু একিউট এনকেফেলিটিচ চাইনদ্ৰমৰ (AES) ৰোগৰ লক্ষ্যন সমূহ হৈছে মূৰ বিষ, জ্বৰ, গাঠি আৰু মাংসপেশীৰ বিষ, দুৰ্বল অনুভৱ আৰু টোপনি ভাব আহি থকা আদি সমূহ।

অধিক খবৰৰ বাবে পঢ়ক :জাপানীজ এনকেফেলিটিচৰ ভয়াবহ ৰূপ : মৃতকৰ সংখ্যা ২১ জনলৈ বৃদ্ধি

Next Story
চাকৰি