Begin typing your search above and press return to search.

দেশৰ আন প্ৰান্তত উত্তৰ-পূবৰ লোকক হাৰাশাস্তিঃ কঠোৰ ব্যৱস্থা গ্ৰহণৰ‌ নিৰ্দেশ কেন্দ্ৰৰ

দেশৰ আন প্ৰান্তত উত্তৰ-পূবৰ লোকক হাৰাশাস্তিঃ কঠোৰ ব্যৱস্থা গ্ৰহণৰ‌ নিৰ্দেশ কেন্দ্ৰৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 March 2020 7:37 AM GMT

দেশৰ আন প্ৰান্তত উত্তৰ পূবৰ লোকক হাৰাশাস্তিঃ কঠোৰ ব্যৱস্থা গ্ৰহণৰ‌ নিৰ্দেশ কেন্দ্ৰৰ । ক’ৰ’না ভাইৰাছৰ নামত উত্তৰ-পূৰ্বাঞ্চলৰ লোক দেশৰ আন প্ৰান্তত স্থানীয় লোকৰ দ্বাৰা বৈষম্যৰ বলি হোৱাৰ ঘটনা ৰোধ কৰিবলৈ অৱশেষত তৎপৰ হ’ল কেন্দ্ৰীয় চৰকাৰ ৷ উত্তৰ-পূবৰ লোকক অকাৰণতে হাৰাশাস্তি চলোৱা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৷ দিল্লীত বাস কৰা উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলক ক’ৰ’না ভাইৰাছ নাম দি নিৰ্যাতন চলোৱা ঘটনাৰ পিছত এই নিৰ্দেশ জাৰি কৰে গৃহ মন্ত্ৰালয়ে।

উল্লেখ্য যে দিল্লীত কোনো অজ্ঞাত ব্যক্তিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ এগৰাকী যুৱতীক প্ৰহাৰ কৰাৰ ঘটনা অলপতে পোহৰলৈ আহে।এনে ধৰণৰ এটা ঘটনা সংঘটিত হৈছে গুজৰাটতো । আহমেদাবাদত নগা যুৱক-যুৱতীৰ এটা দলক স্থানীয় একাংশ লোকৰ অভিযোগৰ ভিত্তিত বিনাকাৰণত আৰক্ষীয়ে আটক কৰি চিকিৎসালয়লৈ নি তাত সন্দেহযুক্ত ক’ৰ’না ৰোগীৰ বাবে ৰখা কক্ষত ২৪ ঘণ্টাৰ বাবে আৱদ্ধ কৰি ৰাখে ৷ এই বাতৰি পোহৰলৈ অহাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ আনহাতে, দিল্লীৰ ঘটনা সন্দৰ্ভত বিজয় নগৰ আৰক্ষী থানাত ভাৰতীয় দণ্ড বিধিৰ ৫০৯ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীয়ে জনোৱা অনুসৰি দেওবাৰে মটৰ চাইকেলেৰে অহা কোনো লোকে প্ৰহাৰ কৰে যুৱতীগৰাকীক।

অভিযোগ অনুসৰি ক’ৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ পিছতেই উত্তৰ-পূৰ্বাঞ্চলৰ লোক সকলক লক্ষ্য কৰি লোৱা হৈছে। তদুপৰি ৩ মাৰ্চত দিল্লী বিশ্ববিদ্যালয়ৰ চৌহদত উত্তৰ পূৰ্বাঞ্চলৰ দুজন ছাত্ৰক প্ৰহাৰ কৰে দুৰ্বৃত্তই।

ইয়াৰ মাজতেই অসম বিধানসভাৰ বিৰোধী নেতা দেৱব্ৰত শইকীয়াই কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু গৃহ সচিব অজয় কুমাৰ ভাল্লালৈ এক পত্ৰ প্ৰেৰণ কৰে য’ত দিল্লীকে ধৰি দেশৰ আন আন চহৰসমূহত উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলক কৰা বৰ্বৰতাৰ বিষয়ে উল্লেখ আছে।

শইকীয়াই কেন্দ্ৰীয় গৃহ মন্ত্ৰীক ক’ৰ’না ভাইৰাছৰ নামত উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলক শাৰীৰিক আৰু মানসিক ভাৱে কৰা অত্যাচাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ৷

অন্য খবৰৰ বাবে পঢ়ক: উত্তৰ-পূবৰ প্ৰথম ক’ৰ’না আক্ৰান্ত চিনাক্ত মণিপুৰত, ছাত্ৰীৰ শৰীৰত মাৰাত্মক ভাইৰাছ

ভিডিঅ প্ৰতক্ষ্য কৰক: Fear of Coronavirus has decreased Market sales in Guwahati.

Next Story
চাকৰি