Begin typing your search above and press return to search.

দেশজোৰা তলাবন্ধঃ এছ এছ চিৰ সকলো পৰীক্ষা পিছুৱালে কেন্দ্ৰই

দেশজোৰা তলাবন্ধঃ এছ এছ চিৰ সকলো পৰীক্ষা পিছুৱালে কেন্দ্ৰই

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 April 2020 11:52 AM GMT

দেশজোৰা তলাবন্ধঃ এছ এছ চিৰ সকলো পৰীক্ষা পিছুৱালে কেন্দ্ৰই

ক’ৰ’না মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্য ঘোষণা কৰা দেশজোৰা তলাবন্ধ (লক-ডাউন)ৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে ষ্টাফ ছিলেকচন কমিছন(এছ এছ চি)ৰ সকলো পৰীক্ষা স্থগিত কৰিছে। লক-ডাউন খোলাৰ পাছত পৰৱৰ্তী জাননী জাৰিৰে এছ এছ চিৰ পৰীক্ষাসমূহৰ নতুন দিন ঘোষণা কৰা হব। সেই অনুসৰি এছ এছ চিৰ ২০১৯ বৰ্ষৰ সংযুক্ত হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা, ২০১৯ৰ কনিষ্ঠ অভিযন্তা পৰীক্ষা আদিৰ দিন আয়োগে নতুনকৈ ঘোষণা কৰিব। অহা তিনি মেত লক-ডাউন খোলাৰ পাছতে আয়োগে পৰীক্ষাসমূহৰ দিন নতুনকৈ ঘোষণা কৰাৰ সম্ভাৱনা আছে। এই কথা সদৰী কৰিছে কেন্দ্ৰীয় কৰ্মচাৰী প্ৰশাসন বিভাগে। ইপিনে, দেশজোৰা তলাবন্ধৰ ফলত ৩ মে'লৈ স্থগিত থাকিব যাত্ৰীবাহী ৰেলসেৱা । ক’ৰ’না মহামাৰী সংহাৰ বৃদ্ধি পোৱাৰ মাজতে যোৱা ১৪ এপ্ৰিলৰ পুৱা ১০ বজাত দেশবাসীক তৃতীয় বাৰৰ বাবে সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পূৰ্বৰ সময়সূচী অনুসৰি ১৪ এপ্ৰিললৈ লকডাউন ঘোষণা কৰা হৈছিল যদিও এই লকডাউনৰ সময়সীমা বৃদ্ধি কৰি ইয়াক ৩ মে' কৰা হয় । এই সময়চোৱাত ভাৰতীয় ৰেলৱেই অহা ৩ মে'লৈ যাত্ৰীৰ বাবে ৰেলসেৱা বাতিল কৰিছে । লকডাউনৰ সময়চোৱাত ৰেলৰ টিকট বুকিং কাউন্টাৰো বন্ধ থাকিব।প্ৰধানমন্ত্ৰী মোদীয়ে দেশজুৰি তলাবন্ধ বৃদ্ধিৰ বাবে কৰা ঘোষণাৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰে ভাৰতীয় ৰেলৱেই।‌

অন্য খবৰৰ বাবে পঢ়ক: সাতদিনৰ ভিতৰত ঘোষিত বিদেশীক জামিনত মুক্তিৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story
চাকৰি