ঘূৰ্ণি বতাহ ফেনিৰ বাবে কেন্দ্ৰয়ে ১০০০ কোটি টকা মোকলাই দিছে: নৰেন্দ্ৰ মোদী

ঘূৰ্ণি বতাহ ফেনিৰ  বাবে কেন্দ্ৰয়ে ১০০০ কোটি টকা মোকলাই দিছে: নৰেন্দ্ৰ মোদী
Published on

ফেনি ঘূৰ্ণি বতাহৰ বাবে কেন্দ্ৰয়ে ১০০০ কোটি টকা মুকলি কৰি দিছে বুলি প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ফেনি ঘূৰ্ণি বতাহে ইতিমধ্যে পুৰীত খুন্দিয়াইছে । বৰ্তমানলৈকে ৩ জন লোক নিহত হৈছে।

ৰাজস্থানৰ নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে যে কেন্দ্ৰীয় চৰকাৰ উৰিষ্যাৰ লগতে পশ্চিম বংগ , অন্ধ্ৰ প্ৰদেশ , তামিল নাডু আৰু পুদুছেৰীৰ চৰকাৰৰ লগত সংযোগ অব্যাহত ৰাখিছে । মোদীয়ে সকলো শেহতীয়া খবৰ বিষয়া সকলক পৰা লোৱাৰ লগতে বৃহস্পতি বাৰে এখন আলোচনাতো মিলিত হয় ।

মোদীয়ে কয় যে ১০০০ কোটিৰো অধিক টকা কেন্দ্ৰীয় চৰকাৰে মোকলাই দিছে ।লগতে এন ডি আৰ এফ , ইণ্ডিয়ান ক'ষ্ট গাৰ্ড, সেনা, নৌসেনা আৰু বায়ু সেনা য়ে প্ৰশাসনৰ লগত কাম কৰি আছে বুলিও জানিবলৈ দিয়ে ।

উৰিষ্যা চৰকাৰৰ এজন বিষয়ায়ে প্ৰকাশ কৰে যে আজি পুৱায়ে ২০০ কিলোমিটাৰ বেগেৰে অহা ফেনি ঘূৰ্ণি বতাহৰ ফলত ২ জন লোক নিহত হৈছে ।

উৰিষ্যাৰ ৰাজ্যিক বিশেষ ৰিলিফ কমিচনাৰ বিষ্ণুপাদা চেট্টীয়ে প্ৰকাশ কৰে যে তেওঁ ৩ লোক মৃত্যু হৈছে বুলি চিনাক্ত কৰিছে। এজন বৃদ্ধ লোক হৃদযন্ত্ৰহ বন্ধ হোৱাৰ ফলত মৃত্যু মুখত পৰে আৰু আন জন গছ ভাঙি পৰাৰ ফলত মৃত্যু মুখত পৰে বুলি প্ৰকাশ কৰিছে ।

আজি ফেনি ঘূৰ্ণি বতাহে পুৰীত খুন্দিয়াইছে, তাৰ ফলত বৰ্তমানলৈকে বহু ঘৰ, গছ আৰু বিদুৎৰ খুটা বাগৰি পৰে। উৰিষ্যাৰ চৰকাৰে এক মিলিয়ন লোকৰো অধিক লোকক স্থানান্তৰ কৰিছে চৰকাৰে। ৪৩ বছৰৰ পিছত এই বিধ্বংসী ধুমুহায়ে জোকাৰণি সৃষ্টি কৰিছে দেশত । লোক সকলক ঘৰৰ ভিতৰতে থাকিবলৈ কোৱা হৈছে ।

ফেনি ঘূৰ্ণি বতাহে উত্তৰ- উত্তৰপূৱৰ দিশে গতি কৰিছে বুলি প্ৰকাশ কৰে। ৪ মেত পশ্চিম বংগৰ খুন্দিয়াব ঘূৰ্ণি বতাহে, সন্ধিয়ালৈ বাংলাদেশত খুন্দিয়াৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰে ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com