কেন্দ্ৰৰ বিদেশী ন্যায়াধীকৰণ আদেশ ১৯৬৪ সংশোধনৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া

কেন্দ্ৰৰ বিদেশী ন্যায়াধীকৰণ আদেশ ১৯৬৪ সংশোধনৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া

কেন্দ্ৰৰ বিদেশী ন্যায়াধীকৰণ আদেশ ১৯৬৪ সংশোধনৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া ৷ ভাৰত চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ক অৱগত কৰিছে যে বিদেশী ন্যায়াধীকৰণ আদেশ ১৯৬৪ ৰ সংশোধনৰ কিছুমান প্ৰস্তাৱ এতিয়াও গৃহ বিভাগৰ অন্তৰ্গতত আছে । ২৯ অক্টোবৰত চলিচিটাৰ (Soliciter General of India) জেনেৰেল অৱ ইণ্ডিয়াৰ বিষয়া এচ চি কেয়ালে কয় যে নিৰ্দেশ লাভ কৰিবলৈ আৰু চাৰি সপ্তাহৰ প্ৰয়োজন হ’ব ৷

ন্যায়মূৰ্তি সুমন শ্যামে উচ্চ ন্যায়ালয়ৰ পীঠৰ প্ৰাৰ্থনাত মঞ্জুৰী প্ৰদান কৰিছে ৷ আৰু ২৬ নৱেম্বৰৰ প্ৰাকমুহুৰ্তত শুনানি প্ৰদান কৰিব ৷ বিদেশী ন্যায়াধীকৰণৰ কাম কাজক নিৰীক্ষণ কৰিবৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা নাই ৷সেয়েহে অসমৰ অতিৰিক্ত অধিবক্তা (Additional Advocate General Assam) ড° মজুমদাৰ আৰু বিদেশী ন্যায়াধীকৰণ জেষ্ঠ্য বিষয়া ইউ কে নায়াৰৰ পৰা বিদেশী ন্যায়াধীকৰণৰ সন্দৰ্ভত এক বিশেষ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ অনুৰোধ কৰে ৷

যাতে বিদেশী ন্যায়াধীকৰণ সন্দৰ্ভত কেনেধৰণৰ প্ৰক্ৰিয়া উচিত হ’ব ৷ন্যায়ালয়ে বিদেশী ন্যায়াধীকৰণৰ সদস্যৰ সন্দৰ্ভত দিছপুৰক তিনিটা সপ্তাহ প্ৰদান কৰিছিল ৷ইফালে বিদেশী ন্যায়াধীকৰণৰ নৱ নিযুক্ত সদস্যসকলৰ সন্দৰ্ভত অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব নিৰঞ্জন বৰুৱাই কয় যে বিত্ত বিভাগৰ মতামত প্ৰথমতেই লাভ কৰা হৈছে । সেয়েহে নতুনকৈ নিযুক্ত হোৱা বিদেশী ন্যায়াধীকৰণৰ সদস্যসকলক ২৯ অক্টোবৰ দুসপ্তাহৰ ভিতৰত বেতন দিয়া হ’ব ৷

২ ছেপ্তেম্বৰ অৰ্থাৎ সোমবাৰে প্ৰকাশিত অধিসূচনা অনুযায়ী নতুন আদেশৰ নাম পৰিৱৰ্তন কৰি বিদেশী ন্যায়াধীকৰণ আদেশ ২০১৯ লৈ পৰিৱৰ্তন কৰিছে । আঠখন জিলাত হ’ব ২০০ অতিৰিক্ত বিদেশী ন্যায়াধীকৰণ ৷ ৰাজ্য চৰকাৰে সম্প্ৰতি ৮ খন জিলাত ২০০ টা অতিৰিক্ত বিদেশী ন্যায়াধীকৰণ স্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইফালে পূৰ্বতে বিদেশী ন্যায়াধীকৰণৰ সংখ্যা ৮ টাৰ পৰিৱৰ্তে আছিল ৬ টা ৷ আনহাতে ২০০ অতিৰিক্ত বিদেশী ন্যায়াধীকৰণৰ কাম আৰম্ভ হোৱাৰ পিছত ইয়াৰ সংখ্যা হ’বগৈ ৩০০ টা ৷

অতিৰিক্ত বিদেশী ন্যায়াধীকৰণৰ আঠখন জিলাৰ ভিতৰত কামৰূপত অতিৰিক্ত ৬৭ বিদেশী ন্যায়াধীকৰণ স্থাপন হ’ব ৷ গুৱাহাটীত অতিৰিক্ত বিদেশী ন্যায়াধীকৰণ স্থাপন হ’ব বৰাগাঁও আৰু আজৰা ৷ অন্যান্য বিদেশী ন্যায়াধীকৰণৰ ভিতৰত ৩৯ টা অতিৰিক্ত বিদেশী ন্যায়াধীকৰণ হ’ব নগাঁৱত, যোৰহাটত ৩১,তেজপুৰত ২১,শিলচৰত ২০,ধুবুৰীত ১০ টা,কোকৰাঝাৰত ৭,বঙাইগাঁৱত পাঁচটা৷

ভিডিঅ প্ৰতক্ষ্য কৰক:APCC observes 35th Death Anniversary of Indira Gandhi

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com